স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 03 MAY 2020 4:19PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান ল’বলৈ হাৰ্ডিং মেডিকেল কলেজ পৰিদৰ্শন কৰে৷ পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে সঞ্চালকৰ কাৰ্যালয়, জৰুৰীকালীন কক্ষ, অ’পিডি, নমুনা কেন্দ্ৰ, ক’ভিড ব্ল’ক ক্ষেত্ৰ, ৰেড জ’ন ক্ষেত্ৰ আৰু চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ চেঞ্জিং সুবিধা ক্ষেত্ৰ পৰিদৰ্শন কৰে৷ চিকিৎসালয়খনৰ ব্যৱস্থাপনাত মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে৷ ক’ভিড-১৯ৰ সংক্ৰমণৰ শৃংখলা ৰোধ কৰিবলৈ ডাঃ হৰ্ষ ৱৰ্ধনে ভাৰতৰ জনসাধাৰণক সম্প্ৰসাৰিত হোৱা লকডাউন ৩.০ (১৭ মে’ ২০২০ তাৰিখলৈ)দৃঢ়তাৰে পালন কৰিবলৈ আহ্বান জনায়৷ তেওঁ দেশবাসীক ক’ভিড-১৯ৰ চিকিৎসাত ব্যস্ত চিকিৎসকলক বহিষ্কৃত তথা ৰোগীসকলক অপমান নকৰিবলৈও আহ্বান জনায়৷

এই পৰ্যন্ত ১০,৬৩২ জন লোক আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ৬৮২ জন লোক আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ হৈছে ২৬.৫৯%৷ এই পৰ্যন্ত নিশ্চিত পৰিঘটনা হ’ল ৩৯,৯৮০টা৷ কালিৰে পৰা ভাৰতত ২৬৪৪ জন লোক ক’ভিড-১৯ৰ ধনাত্মক পৰিঘটনা হিচাপে চিহ্নিত হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

*****

MV/SG/MANN



(Release ID: 1620766) Visitor Counter : 155