গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত অসাধাৰণ ত্যাগ আৰু বৰঙণি আগবঢ়োৱা ক’ৰোনা যোদ্ধাসকলক সন্মান জনায়

Posted On: 03 MAY 2020 3:08PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজলৈ আগবঢ়োৱা অতুলনীয় বৰঙণি আৰু ত্যাগৰ বাবে ক’ৰোনা যোদ্ধাসকলক সন্মানিত কৰে৷

শ্ৰী শ্বাহে এটা টুইটত কয়, ‘সমগ্ৰ ভাৰতবৰ্ষই আজি ক’ৰোনা যোদ্ধাসকলক প্ৰণাম জনাইছে৷ মই আপোনালোকক নিশ্চয়তা দিব বিচাৰো যে মোদী চৰকাৰ আৰু সমগ্ৰ দেশবাসী আপোনালোকৰ সৈতে আছে৷ প্ৰতিটো প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰি আমি আমাৰ দেশক ক’ৰোনা-মুক্ত কৰিব লাগিব৷ ভাৰতবৰ্ষক এক স্বাস্থ্যৱান, সমৃদ্ধিশালী আৰু শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি আমি বিশ্বৰ সন্মুখত এক উদাহৰণ সৃষ্টি কৰিব লাগিব৷ জয় হিন্দ!’

 

উল্লেখ্য যে, আজি ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে বিভিন্ন ধৰণে দেশৰ ক’ৰোনা যোদ্ধাসকলক সন্মানিত কৰে৷ গৃহমন্ত্ৰীয়ে এই মহানুভৱতাক প্ৰশংসা কৰি কয়, চিকিৎসক, আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু আন যোদ্ধাসকলৰ প্ৰতি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এই শ্ৰদ্ধা-সন্মান প্ৰকৃতাৰ্থত হৃদয়স্পৰ্শী৷ ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আমাৰ যোদ্ধাসকলে প্ৰদৰ্শন কৰা সাহসিকতা স্বাভাৱিকতে প্ৰশংসনীয়৷

 

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকা সাহসী সেনাসকললৈ পুষ্পাঞ্জলি অৰ্পণ কৰে৷ এই সন্দৰ্ভত শ্ৰী শ্বাহে কয়, ভাৰতবৰ্ষই যি সাহসেৰে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়৷ আজি তিনিটা সশস্ত্ৰ বাহিনীয়ে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আমাৰ সাহসী সেনাসকললৈ পুষ্পাঞ্জলি অৰ্পণ কৰে৷ এই জটিল ক্ষণত সমগ্ৰ দেশবাসী সাহসী সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে৷

 

*****

VG/SNC/VM/MS



(Release ID: 1620751) Visitor Counter : 164