PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 03 MAY 2020 6:24PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

এই পৰ্যন্ত ১০,৬৩২ জন লোক আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ৬৮২ জন লোক আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ হৈছে ২৬.৫৯% এই পৰ্যন্ত নিশ্চিত কোভিড পজিটিভ ৩৯,৯৮০টা৷ কালিৰে পৰা ভাৰতত ২৬৪৪ জন লোক ভিড-১৯ পজিটিভ হিচাপে চিহ্নিত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান ল’বলৈ হাৰ্ডিং মেডিকেল কলেজ পৰিদৰ্শন কৰে৷ পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে সঞ্চালকৰ কাৰ্যালয়, জৰুৰীকালীন কক্ষ, অ’পিডি, নমুনা কেন্দ্ৰ, ক’ভিড ব্ল’ক ক্ষেত্ৰ, ৰেড জ’ন ক্ষেত্ৰ আৰু চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ চেঞ্জিং সুবিধা ক্ষেত্ৰ পৰিদৰ্শন কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিত্তীয় খণ্ড, আন্তঃগাঁথনি তথা কল্যাণমূলক পদক্ষেপ সংক্ৰান্তীয় এক বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

চলিত সংকটময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিত্তীয় খণ্ড, আন্তঃগাঁথনি তথা কল্যাণমূলক পদক্ষেপ সংক্ৰান্তীয় এক বৈঠকত আজি প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে৷ বিত্ত মন্ত্ৰী তথা অন্যান্য বিষয়াবৰ্গৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে এমএছএমই আৰু কৃষকসকলৰ সমৰ্থনৰ বাবে কৌশল আৰু হস্তক্ষেপ, তাৰল্যতা তথা ঋণৰ স্ৰোত শক্তিশালী কৰা আদি বিষয়ে আলোচনা কৰে৷ ভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায় আৰু অৰ্থনীতিৰ উদ্ধাৰৰ বাবে বিত্তীয় স্থিৰতা নিশ্চিত কৰাৰ পথসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে৷ শ্ৰমিক আৰু সাধাৰণ জনকল্যাণমূলক পদক্ষেপত উদ্ভাসিত হোৱা সমস্যাসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বৃহৎ নিয়োজনৰ অৱকাশৰ কথা উনুকিয়াই দিয়ে৷ ঔদ্যোগিক শাসন, ঋণৰ বজাৰ আৰু আন্তঃগাঁথনিমূলক খণ্ডৰ নতুন গাঁথনিগত সংশোধন আৰু অতীতত গ্ৰহণ কৰা বৃহৎ গাঁথনিগত সংশোধনসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷ ভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নতুন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ দ্ৰুত সমাপনৰ প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰে৷ তেওঁ নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইনৰ অধীনত গ্ৰহণ কৰা প্ৰকল্পসমূহৰ উচ্চ পৰ্যায়ত পুনৰীক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে দোহাৰে যাতে সময়ৰ প্ৰয়োজন হ্ৰাস হোৱাৰ লগতে চাকৰিৰো সৃষ্টি হয়৷

অধিক বিৱৰণৰ বাবে

ৰাজ্য চৰকাৰে সুবিধা প্ৰদান কৰা যাত্ৰীকহে ৰে’লৱেয়ে প্ৰদান কৰিছে যাতায়াতৰ সুবিধা

ৰে’লৱেৰ তৰফৰ পৰা এয়া স্পষ্ট কৰি দিয়া হৈছে যে তেওঁলোকে ৰাজ্য চৰকাৰসমূহে সুবিধা প্ৰদান কৰা প্ৰব্ৰজিত কৰ্মী, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য আৱদ্ধ লোককহে সেৱা আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান ল’বলৈ লেডী হাৰ্ডিং মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান বলৈ হাৰ্ডিং মেডিকেল কলেজ পৰিদৰ্শন কৰে৷ পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে সঞ্চালকৰ কাৰ্যালয়, জৰুৰীকালীন কক্ষ, পিডি, নমুনা কেন্দ্ৰ, ভিড ব্ল ক্ষেত্ৰ, ৰেড ক্ষেত্ৰ আৰু চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ চেঞ্জিং সুবিধা ক্ষেত্ৰ পৰিদৰ্শন কৰে৷ চিকিৎসালয়খনৰ ব্যৱস্থাপনাত মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে৷

অধিক পৰিদৰ্শনৰ বাবে

ৰোনা যোদ্ধাসকলক ছেল্যুট ভাৰতবাসীৰ

ভিড যোদ্ধাসকলৰ সহায়ত ভাৰতে সফলতাৰে ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আহিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা পৰ্যায়ত মানুহৰ লগতে সামগ্ৰী অনা-নিয়া কৰি ৰোনা নিয়ন্ত্ৰণ কৰাৰ প্ৰতি ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ প্ৰতি বৰঙণি আগবঢ়াইছে। ভিড টেষ্টিং লেব স্থাপন কৰাৰ বাবে বিমানযোগে চিকিৎসক, পেৰা-মেডিকেল ষ্টাফ আৰু অন্যান্য সা-সঁজুলিকে ধৰি ৬০০টনতকৈ অধিক চিকিৎসা সামগ্ৰী সৰবৰাহ কৰিছে। ভাৰতীয় বিমান বাহিনীৰ জোৱানে ৰোনা বিৰোধী যুঁজৰ প্ৰতি বৰঙণি আগবঢ়াই যাব। ভাৰতীয় ৰোনা যোদ্ধাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ভাৰতীয় বায়ু সেনা বাহিনী আৰু ইয়াৰ ভগ্নী সেৱাই ভাৰতৰ সাহসী যোদ্ধাসকলক ব্যতিক্ৰমী ধৰণে অভিবাদন জনোৱাৰ পৰিকল্পনা কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত অতুলনীয় ভূমিকা গ্ৰহণ কৰা ক’ৰোনা যোদ্ধাসকলক অভিবাদন জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে

শ্ৰী অমিত শ্বাহে টুইটাৰত এইদৰে লিখে, ‘‘ভাৰতবাসীয়ে ক’ৰোনা যোদ্ধাক অভিবাদন জনাইছে৷ মই আপোনালোকক নিশ্চিতি প্ৰদান কৰিছো যে মোদী চৰকাৰ আৰু সমগ্ৰ দেশবাসী আপোনালোকৰ সৈতে আছে৷ আমি দেশক ক’ৰোনা মুক্ত কৰিব লাগিব আৰু বিশ্বত এক স্বাস্থ্যৱান, সমৃদ্ধ আৰু শক্তিশালী ভাৰতৰ উদাহৰণ প্ৰস্তুত কৰিব লাগিব৷ জয় হিন্দ!’’

অধিক বিৱৰণৰ বাবে

নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে বিকল্প শৈক্ষিক কেলেণ্ডাৰ মুকলি কৰিলে মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে

মন্ত্ৰীগৰাকীয়ে কয় যে এই কেলেণ্ডাৰে শিক্ষকসকলক বিভিন্ন প্ৰযুক্তিগত সঁজুলি আৰু ছ’চিয়েল মিডিয়াৰ সঁজুলি ব্যৱহাৰ কৰি আকৰ্ষণীয় ধৰণে শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ বাবে সুবিধা হোৱাকৈ নিৰ্দেশনা আগবঢ়াব৷

অধিক বিৱৰণৰ বাবে

ন্যায়িক সদস্য, ভাৰতীয় লোকপাল, ন্যায়াধীশ অজয় কুমাৰ ত্ৰিপাৰ্থীয়ে ক’ভিড-১৯ৰ সৈতে যুঁজি মৃত্যুবৰণ কৰে

২ মে’ ২০২০ তাৰিখে, শনিবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত ভাৰতীয় লোকপালৰ ন্যায়িক সদস্য, ন্যায়াধীশ অজয় কুমাৰ ত্ৰিপাৰ্থীয়ে নতুন দিল্লীৰ এইমছত ক’ভিড-১৯ৰ সৈতে যুঁজি অৱশেষত মৃত্যুবৰণ কৰে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ লকডাউনৰ সময়ত এপ্ৰিল, ২০২০ত ৫২ কোটি টকাৰ লেনদেনেৰে অভিলেক ৰচিলে জন ঔষধি কেন্দ্ৰসমূহে

ভিড-১৯ লকডাউনৰ পৰিপ্ৰেক্ষিতত সংগ্ৰহ আৰু উৎপাদনত দেখা সমস্যা সত্ত্বেও প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰসমূহে (পিএমবিজেএকে) মাৰ্চ, ২০২০ৰ ৪২ কোটি টকাৰ তুলনাত এপ্ৰিল মাহত ৫২ কোটি টকা লেনদেনেৰে অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ২০১৯ৰ এপ্ৰিলত কেৱল ১৭ কোটি টকাৰ লেনদেন হৈছিল৷

অধিক বিৱৰণৰ বাবে

সংকটৰ পৰা মুক্ত হ’বলৈ সকলো ষ্টেকহ’ল্ডাৰ ঐক্যৱদ্ধ হোৱা আৱশ্যকঃ শ্ৰী নীতিন গাডকাৰী

শ্ৰী গাডকাৰীয়ে উদ্যোগসমূহক ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আৱশ্যকীয় সুৰক্ষাত্মক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ মন্ত্ৰীগৰাকীয়ে ৰপ্তানিৰ ক্ষেত্ৰত অধিক গুৰুত্ব নিৱেশ কৰিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

খালী ট্ৰাককে ধৰি মাল কঢ়িওৱা ট্ৰাকসমূহৰ চালকৰ সমস্যা সমাধানৰ বাবে ব্যৱহৃত হ’ব গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষ

সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহৰ চালক তথা পৰিবহণকাৰীসকলৰ অভিযোগ/সমস্যাৰ দ্ৰুত সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষ ব্যৱহাৰ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

লাইফলাইন উড়ানৰ অধীনত কাৰ্যৰত অৱস্থাত আছে ৪৩০ খন বিমান

লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত বিমানকে ধৰি ৪৩০ খন বিমানে আজিৰ তাৰিখ পৰ্যন্ত ৭৯৫.৮৬ টন সামগ্ৰী কঢ়িয়াইছে৷ এই বিমানসমূহে এই পৰ্যন্ত ৪,২১,৭৯০ কিলোমিটাৰ বায়ু পথ অতিক্ৰম কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পিছৰ পৰ্যায়ত পৰিস্থিতিয়ে ভাৰতৰ অৰ্থনীতি সবল কৰিবলৈ সম্পদ হিচাপে বাঁহ ব্যৱহাৰ কৰাৰ সুযোগৰ সৃষ্টি কৰিছেঃ ড জিতেন্দ্ৰ সিং

জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ৰ পিছত ভাৰতৰ অৰ্থনীতি সবল কৰিবলৈ বাঁহ উদ্যোগে প্ৰভূত ভূমিকা পালন কৰিব পাৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯য়ে আদিবাসী লোকৰ সৃষ্টি কৰা ক্ষতিসমূহৰ জোৰা মাৰিবলৈ চৰকাৰে ৰাজ্যসমূহক ক্ষুদ্ৰ বনজাত সম্পদ ক্ৰয়ৰ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ আহ্বান জনাইছে

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্যক আদিবাসী লোকসকলৰ আৰ্থিক সমৰ্থনৰ বাবে ক্ষুদ্ৰ বনজাত সামগ্ৰী ক্ৰয় কৰাৰ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

ইপিএফঅ’ৰ কৰ্মচাৰীসকলে পিএম কেয়াৰ্ছ পুঁজিলৈ ২.৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে

অধিক বিৱৰণৰ বাবে

নদী ব্যৱস্থাপনাৰ ভৱিষ্যত শীৰ্ষক’ বিষয় সন্দৰ্ভত এনএমচিজি আৰু এনআইউএৰ আইডিয়াথন

জল শক্তি মন্ত্ৰালয়ৰ অধীনত স্বচ্ছ গংগাৰ ৰাষ্ট্ৰীয় অভিযান আৰু নেচনেল ইন্সটিটিউট অব্ আৰবান এফেয়াৰ্ছে ক’ভিড-১৯ৰ সংকটে কিদৰে ভৱিষ্যতে নদী ব্যৱস্থাপনাৰ কৌশল পৰিৱৰ্তন কৰিব পাৰে সেই সন্দৰ্ভত ‘‘নদী ব্যৱস্থাপনাৰ ভৱিষ্যত’’ শীৰ্ষক এক আইডিয়াথনৰ আয়োজন কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ থিৰুৱনন্তপুৰম আৰু কোচিত ক’ভিড-১৯ৰ যোদ্ধাসকলক সেনাবাহিনীৰ অভিবাদন৷ কালি পৰ্যন্ত নিশ্চিত পৰিঘটনা ৪৯৯টা, সক্ৰিয় পৰিঘটনা ৯৬টা, মুকলি কৰি দিয়া হৈছে ৪০০ জনক, মৃত্যু হৈছে ৪ জনৰ৷
  • তামিনলাডুঃ চেন্নাইৰ ক’ভিড চিকিৎসালয়ত সেনাবাহিনীয়ে পুষ্পবৰ্ষণ কৰে৷ কালি পৰ্যন্ত নিশ্চিত পৰিঘটনা ২৭৫৭টা, সক্ৰিয় পৰিঘটনা ১৩৮৪টা, মৃত্যু হৈছে ২৯ জনৰ৷ মুকলি কৰি দিয়া হৈছে ১৩৪১ জনক৷
  • কৰ্ণাটকঃ ৫টা নতুন পৰিঘটনা আজি নিশ্চিত হৈছে৷ মুঠ পৰিঘটনা ৬০৬টা, ২৫ জনৰ মৃত্যু আৰু ২৮২ জন লোক আৰোগ্য হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰেড জ’নৰ প্ৰতিটো পৰিয়ালৰ এজন সদস্যক ক’ভিড ১৯ৰ পৰীক্ষণ কৰা হ’ব৷ মুঠ সক্ৰিয় পৰিঘটনা ১৫৮৩টা, সক্ৰিয় পৰিঘটনা ১০৬২টা, মুকলি কৰি দিয়া হৈছে ৪৮৮টা, মৃত্যু হৈছে ৩৩ জনৰ৷
  • তেলেংগানাঃ কালিলৈকে মুঠ পৰিঘটনা ১০৬১টা, সক্ৰিয় পৰিঘটনা ৫৩৩টা, আৰোগ্য হৈছে ৪৯৯ জন, মুঠ মৃত্যু ২৯ জনৰ৷
  • অৰুণাচল প্ৰদেশঃ নাহৰলগুণত ভাৰতীয় বায়ু সেনাবাহিনীয়ে সন্মুখৰ শাৰীৰ স্বাস্থ্যকৰ্মীসকলক ফ্লাই-পাষ্টেৰে অভিবাদন জনায়৷
  • অসমঃ ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক পৰিস্থিতিৰ উত্তৰণৰ বাবে অসম চৰকাৰে ৮জনীয়া সদস্যৰে এক টাস্ক ফ’ৰ্চ গঠন কৰিছে৷
  • মণিপুৰঃ পাঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা এফচিআইয়ে ২৯০০০ মেট্ৰিকটন খাদ্যশস্য মণিপুৰলৈ আনিছে৷
  • মিজোৰামঃ লকডাউনৰ সময়ছোৱাত মামিত জিলাত ৩২৪টা পৰিয়াললৈ যোগান বিভাগ আৰু আইঅ’চিয়ে গেছ চিলিণ্ডাৰ বিতৰণ কৰিছে৷
  • নাগালেণ্ডঃ মোককচাঙৰ নাগৰিকে ‘‘সকলোৰে বাবে মাস্ক’’ অভিযানৰ অধীনত ২ লাখ মাস্ক প্ৰস্তুতিৰ দিশত অগ্ৰসৰ হৈছে৷
  • ত্ৰিপুৰাঃ আইএএফে ক’ৰোনাৰ যোদ্ধাসকললৈ কৃতজ্ঞতাৰ চিন স্বৰূপে পুষ্পবৃষ্টি কৰাৰ বিষয়ে টুইটাৰত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷
  • চণ্ডীগড়ঃ ১৭ মে’ ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে লকডাউন৷
  • পাঞ্জাৱঃ গ্ৰীণ আৰু অৰেঞ্জ জ’নত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দোকান খোলা থাকিব৷
  • হাৰিয়ানাঃ আৱদ্ধ হৈ থকা ব্যক্তিসকল তথা প্ৰব্ৰজিত কৰ্মীসকলৰ সুবিধাৰ্থে হাৰিয়ানাৰ ৰাজ্য চৰকাৰে https://edisha.gov.in/eForms/MigrantService শীৰ্ষক এক ৱেব পৃষ্ঠা মুকলি কৰিছে৷
  • হিমাচল প্ৰদেশঃ ক’ৰোনা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী চহৰী ৰোজগাৰ গ্যাৰেণ্টী যোজনা শীৰ্ষক এক নতুন আঁচনিৰ অধীনত ১২০ দিনৰ নিশ্চিত নিয়োজনৰ সুবিধা প্ৰদান কৰা হ’ব৷
  • মহাৰাষ্ট্ৰঃ এদিনতে ৭৯০টা নতুন পৰিঘটনা প্ৰতিবেদনৰ সৈতে মুঠ পৰিঘটনাৰ সংখ্যা হৈছে ১২,২৯৬টা৷ মৃত্যুৰ সংখ্যা হৈছে ৫২১টা৷
  • গুজৰাটঃ ৩৩৩টা নতুন পৰিঘটনাৰ সৈতে মুঠ প্ৰতিবেদিত পৰিঘটনাৰ সংখ্যা হৈছে ৫,০৫৪টা৷
  • মধ্য প্ৰদেশঃ ১২৭টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনাৰ সংখ্যা হৈছে ২৮৪৬টা৷ ইয়াৰে ৬২৪ জন আৰোগ্য হৈছে আৰু ১৫১ জনৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ ১০৪টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনাৰ সংখ্যা হৈছে ২৭৭০টা৷ ইয়াৰে ১১২১জন আৰোগ্য হৈছে আৰু ৬৫জনৰ মৃত্যু হৈছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনৰ আৰক্ষী, স্থানীয় প্ৰশাসনৰ বিষয়া তথা জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলক প্ৰধানমন্ত্ৰী কল্যাণ পেকেজৰ অধীনত সামৰি ল’বলৈ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ অনুৰোধ জনাই এক পত্ৰ প্ৰেৰণ কৰে৷

 



(Release ID: 1620744) Visitor Counter : 167