ৰেল মন্ত্ৰালয়

সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ বাবে ল’জিষ্টিত উদ্যোগৰ আগশাৰীৰ ব্যৱসায়ীৰ সৈতে দীঘলীয়া বৈঠক ৰে’ল মন্ত্ৰীৰ

ল’জিষ্টিকৰ ব্যয় হ্ৰাস কৰাৰ বাবে সমাধান অভিনৱ, লাভজনক হ’ব লাগিবঃ পীয়ুষ গোৱেল

Posted On: 01 MAY 2020 5:20PM by PIB Guwahati

ৰে মন্ত্ৰী পীয়ুষ গোৱেল ভাৰতীয় ৰেলৰ সামগ্ৰী পৰিবহণ ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ সম্ভৱাপূৰ্ণ কৌশল সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি জিষ্টিক উদ্যোগৰ আগশাৰী ব্যৱসায়ী, অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়৷ প্ৰায় তিনি ঘণ্টা ধৰি অনুষ্ঠিত এই বৈঠকত সামগ্ৰী পৰিচালনা ব্যৱস্থা অধিক সুচল, লাভজনক কৰাৰ দিশত সম্ভাৱিত নীতিগত হস্তক্ষেপৰ ক্ষেত্ৰত উদ্যোগজগতৰ ফালৰ পৰা বহু পৰামৰ্শ আগবঢ়োৱা হয়৷

ভিড-১৯ৰ সংকটৰ সময়ত ৰেলৱেই পালন কৰা দায়িত্বৰ আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰেলৱেই ভিড সংকটৰ প্ৰতি অধিক চিন্তা আৰু সহানুভূতিৰে চোৱাৰ লগতে এই সময়ছোৱাত ৰেলৱেই দেশজুৰি অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰি দেশবাসীৰ আয়ুষ ৰেখা হিচাপে কাম কৰিছে৷ মন্ত্ৰী গোৱেলে কয়, লকডাউনৰ সময়ছোৱাত আমি দীৰ্ঘদিন দিন পৰি থকা কেতবোৰ কাম যেনে-মুখ্য লাইনৰ সৈতে সংযোগ কৰা, অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰা, ক্ষতিগ্ৰস্ত দলঙৰ মেৰামতি কৰা আৰু আন্তঃগাঁথনিৰ সংস্কাৰ সাধন কৰা ইত্যাদি কাম কৰা হৈছে, যাতে এই সমছোৱাৰ সদ্ব্যৱহাৰ হয়৷

ৰেলমন্ত্ৰীগৰাকীয়ে ইয়াৰ সমান্তৰালভাৱে সামগ্ৰী পৰিবহণ আৰু লজিষ্টিক ব্যৱসায়ৰ দ্বাৰা সৃষ্টি কৰা ব্যাপক সূযোগৰ কথা স্বীকাৰ কৰি অনাগত ভৱিষ্যতত নিজৰ সেৱাৰ ক্ষেত্ৰত সংস্কাৰৰ বাবে কেতবোৰ আঁচনি প্ৰস্তুত কৰা বুলি উল্লেখ কৰে৷

বৈঠকত ৰেলৱে বোৰ্ডৰ অধ্যক্ষ আৰু আন একাংশ মুখ্য বিষয়াৰ লগতে লজিষ্টিক উদ্যোগৰ আগশাৰীৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে৷ এই বৈঠকত একাধিক গঠনমুলক পৰামৰ্শ আগবঢ়ায়৷ সেইবোৰৰ ভিতৰত এক নিৰ্দিষ্ট সময়ত সামগ্ৰী যোগান ধৰা, অংশীদাৰক যিকোনো ধৰণৰ বীমা সুবিধা প্ৰদান, যুক্তিসংগত সামগ্ৰীৰ ভাড়া আৰু উচিত লজিষ্টিত ব্যয়, পৰ্যায়ক্ৰমে টাৰ্মিনেলৰ লগতে বন্দৰসমূহত সামগ্ৰী উঠোৱা-নমোৱাৰ দক্ষতাৰ ক্ষেত্ৰত সংস্কাৰ সাধন ইত্যাদি উল্লেখযোগ্য৷

উদ্যোগজগতে আগবঢ়োৱা পৰামৰ্শৰ আদৰণি জনাই ৰেলমন্ত্ৰীগৰাকীয়ে কয় যে অভিনৱ ব্যৱস্থা গুৰুত্বপূৰ্ণ হোৱাৰ লগতে লজিষ্টিক ব্যয় কম কৰাৰ বাবে সমাধানো লাভজনক হোৱাটো আৱশ্যক৷ গোৱেলে সামগ্ৰী পৰিবহণৰ পৰিচালনত পৰিৱৰ্তন সাধন কৰা আৰু মুঠ মালবাহী ৰেল দুগুন কৰি ২.৫ বিলিয়ন টনলৈকে কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ বাবে ৰেল বিভাগে আৰম্ভণিৰে পৰা শেষলৈকে একেৰাহে দ্ৰুত ৰে, উন্নত সংকেট ব্যৱস্থা, কাৰ্গৰেলৰ বাবে উন্নত সূচী আৰু তালিকা তথা পুঁজি বিনিয়োগৰ উন্নত বিকল্পৰ ব্যৱস্থা কৰা প্ৰয়োজন বুলি কয়৷

***

DJN/MKV/DB



(Release ID: 1620323) Visitor Counter : 131