PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 30 APR 2020 6:20PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

এই পৰ্যন্ত ,৩২৪জন লোক আৰোগ্য হৈছে৷ মুঠ আৰোগ্য হাৰ ২৫.১৯% এই পৰ্যন্ত দেশত মুঠ নিশ্চিত পৰিঘটনা ৩৩,০৫০টা৷  কালিলৈকে ১৭১৮টা নতুন নিশ্চিত পৰিঘটনা প্ৰতিবেদিত হৈছে৷ দ্বিগুণ হাৰৰ বিশ্লেষণৰ দ্বাৰা দেশত ৰাষ্ট্ৰীয় গড় বৰ্তমানে ১১ দিন বুলি প্ৰকাশিত হৈছে, লকডাউনৰ পূৰ্বে ই ৩.৪ দিন আছিল৷ মৃত্যুৰ পৰিঘটনাসমূহৰ ওপৰত হোৱা বিশ্লেষণ অনুসৰি মৃত্যুৰ হাৰ ৩.২% বুলি প্ৰতিবেদিত হৈছে৷ ইয়াৰে ৬৫% পুৰুষ আৰু ৩৫% মহিলা৷ নন-ক’ভিড ৰোগীসকলৰ বাবে স্বাস্থ্য সেৱাৰ নিশ্চিতি প্ৰদানৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীসকললৈ ৰক্তদাতাৰ পৰা ৰক্ত সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

ভাৰতত বিনিয়োগ বৃদ্ধি কৌশলৰ সন্দৰ্ভত এক ব্যাপক বৈঠকৰ আয়োজন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিড-১৯ মহামাৰীৰ বাবে মন্দাৱস্থাই দেখা দিয়া অৰ্থনীতিৰ পৰিপ্ৰেক্ষিতত ভাৰতত বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালভাৱে স্থানীয় বিনিয়োগ বৃদ্ধিৰ কৌশলসমূহৰ সন্দৰ্ভত এক ব্যাপক বৈঠকৰ আয়োজন কৰে৷ বৈঠকত দেশৰ যিবোৰ ঔদ্যোগিক ভূমি, স্থাৱৰ সম্পত্তি আছে, সেইবোৰত পৰ্যাপ্ত বিত্তীয় সাহায্য প্ৰদান কৰি অধিক পৰিমাণে আন্তঃগাঁথনিমুলক কাম-কাজ বৃদ্ধি সম্পৰ্কীয় এখন প্ৰস্তুত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়৷ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অধিক সক্ৰিয় দৃষ্টিভংগীৰে বিনিয়োগকাৰীসকলৰ বাবে এক কৰ্মসূচী গ্ৰহণ কৰি তেওঁলোকৰ সমস্যাৱলী বিবেচনা কৰাৰ লগতে এক নিৰ্দিষ্ট সময়ত কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত অনুমতি লাভ কৰাত প্ৰয়োজনীয় সহায় কৰিবলৈ নিৰ্দেশ দিছে৷

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলৱৎ কৰালকডাউন’- সময়ছোৱাৰ পৰিস্থিতি সমীক্ষা কৰাৰ বাবে পৰ্যালোচনা সভা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ

লকডাউন পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিৰ সমীক্ষা কৰাৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আজি এক বিস্তৃত পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। এই পৰ্যন্ত লাভ কৰা তথ্য অনুযায়ী লকডাউনৰ ফলত বিশেষ সুফল লাভ কৰাৰ লগতে পৰিস্থিতিৰ ব্যাপক উত্তৰণ সম্ভৱ হৈছে। পৰিস্থিতি আৰু অধিক উন্নত কৰাৰ স্বাৰ্থতেলকডাউন বাধা নিষেধ অবজ্ঞা নকৰি, বৰঞ্চ অহা ৩মেপৰ্যন্ত এই বিধি-নিয়মসমূহ আৰু কঠোৰ ভাবে মানি চলাতো বাধ্যতামূলক কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সামাজিক সংস্থা/এনজিঅ’সমূহৰ সৈতে ডাঃ হৰ্ষ ৱৰ্ধনৰ বাৰ্তালাপ

ডাঃ হৰ্ষ ৱৰ্ধনে ৯২,০০০ত কৈও অধিক এনজিঅ’ক তেওঁলোকৰ নিঃস্বাৰ্থ কৰ্মৰ বাবে প্ৰধানমন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ আৰুলকডাউন পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষাসূচী আৰু শৈক্ষিক-দিনপঞ্জী সংক্ৰান্তীয়ইউজিচি বিধি-নিৰ্দেশনা

‘ইউজিচি’য়ে আজি ঘোষণা কৰা বিধি-নিৰ্দেশনাৱলী হ’ল :

১. ‘ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ’-ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতাৰ সমীক্ষা বৰ্তমান আৰু পূৰ্বৰ আভ্যন্তৰীণ পৰীক্ষাৰ মূল্যয়ণৰ ভিত্তিত কৰা হ’ব। ক’ভিড-১৯য়ে সৃষ্টি কৰা সংকট প্ৰশমিত হোৱা ৰাজ্যসমূহত জুলাই মাহত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব।

২. ‘টাৰ্মিনেল ছেমিষ্টাৰ’-ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা জুলাই মাহত অনুষ্ঠিত কৰা হ’ব।

৩. প্ৰতিখন বিশ্ববিদ্যালয়তে শৈক্ষিক দিনপঞ্জী আৰু পৰীক্ষা সম্পৰ্কীয়প্ৰসংগসমূহ চোৱা-চিতা কৰিব পৰাকৈ ‘ক’ভিড-১৯ কোষ’ গঠন কৰা হ’ব।

৪. দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ এটা ‘ক’ভিড-১৯ কোষ’ ইউজিচি-টো গঠন কৰা হ’ব।

অধিক বিৱৰণৰ বাবে

 

 

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ আৰু ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে৷ দুয়োগৰাকী নেতাই ভিড-১৯ৰ বাবে সৃষ্টি হোৱা আঞ্চলিক পৰিস্থিতিসমূহৰ বিষয়ে আলোচনা কৰি পৰস্পৰৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উভয়ে উভয়ক অৱগত কৰে৷ দুয়োগৰাকী নেতাই ছাৰ্ক দেশসমূহৰ মাজত ১৫ মাৰ্চ তাৰিখে সম্পন্ন হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ প্ৰণয়নত সন্তোষ ব্যক্ত কৰে৷ ছাৰ্ক ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ বাংলাদেশে . মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়োৱা কাৰ্যত প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ অঞ্চলটোত ভিড-১৯ক পৰাভূত কৰিবলৈ তথা বাংলাদেশলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ আৰু সামৰ্থ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷ দুয়োগৰাকী নেতাই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পথ, ৰে, আন্তঃদেশীয় জলপথ আৰু বায়ু পথেৰে সীমাৰ সিপাৰে নিৰৱচ্ছিন্নভাৱে যোগান ধৰা কাৰ্যত সন্তোষ ব্যক্ত কৰে৷

অধিক বিৱৰণৰ বাবে

 

ম্যানমাৰৰ ষ্টেট কাউন্সেলৰ আং ছান ছু ক্যিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ এপ্ৰিল ২০২০ তাৰিখে ম্যানমাৰৰ ষ্টেট কাউন্সেলৰ আং ছান ছু ক্যিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ভিড-১৯ৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে আৰু উভয় দেশে গ্ৰহণ কৰা নিয়ন্ত্ৰণ ব্যৱস্থাসমূহৰ বিষয়ে পৰস্পৰে পৰস্পৰক অৱগত কৰে৷

ভাৰতৰ চুবুৰীয়া সৰ্বপ্ৰথম নীতিত ম্যানমাৰক এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ম্যানমাৰত ভিড-১৯ক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতৰ তৰফৰ পৰা যথাসম্ভৱধৰণে সহায় আগবঢ়োৱা বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

 

ডিপিআইআইটিৰ নিয়ন্ত্ৰণ কক্ষই লকডাউনৰ সময়ছোৱাত উদ্যোগ আৰু বাণিজ্যৰ সমস্যাসমূহ নিৰীক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু বিভিন্নজনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিছে

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনষ্ঠ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগে (ডিপিআইআইটি) উদ্যোগ আৰু বাণিজ্য বিষয়ক সমস্যাসমূহ নিৰীক্ষণ কৰা আৰু সেয়া সংশ্লিষ্ট ৰাজ্য চৰকাৰ, জিলা আৰু আৰক্ষী প্ৰশাসনক অৱগত কৰোৱাৰ বাবে এক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

লকডাউনৰ সময়ছোৱাতো কৃষিখণ্ডক সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে লকডাউনৰ সময়ছোৱাতো চৰকাৰে কৃষিখণ্ডক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ হৈছে৷ এই পদক্ষেপৰ ফলতেই দেশত খাদ্য-শস্য আৰু দাইলৰ অভাৱ হোৱা নাই৷

অধিক বিৱৰণৰ বাবে

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001G7O1.jpg

 

অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী সৰবৰাহেৰে ভিড-১৯ বিৰোধী যুঁজত শক্তি প্ৰদানৰ লক্ষ্যৰে লাইফলাইন উড়ানৰ অধীনত ৪১১খন বিমান চলাচল কৰা হৈছে

লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৪১১খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰে ভিতৰত ২৩৭খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ বৰ্তমানলৈকে বিমানযোগে ৭৭৬.৭৩টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ,০৪,২২৪ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ ২৮ এপ্ৰিলত ২৮.০৫ টন কাৰ্গসৰবৰাহ কৰা হয়৷ ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়েলাইফলাইন উড়ান অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷

অধিক বিৱৰণৰ বাবে

 

 

 

দেশৰ ৮ কোটি ম’বাইল ফোনত ডাউনলোড কৰা হৈছে আৰোগ্য সেতু এপ

কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদে দেশত সৃষ্টি হোৱা এই প্ৰতিকূল পৰিবেশৰ মাজতো অনুকূল সুযোগৰ সৃষ্টি কৰিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

 

এমএছএমইসম্পৰ্কীয় আঁচনি, চিন্তা, উদ্ভাৱন আৰু গৱেষণাৰ্টেলমুকলি কৰিলে শ্ৰী গাডকাৰীয়ে

কেন্দ্ৰীয়স্থল পৰিবহণ তথা ঘাইপথ আৰু ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’(এমএছএমই) বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰীয়ে আজিএমএছএমইসম্পৰ্কীয় আঁচনি, চিন্তা, উদ্ভাৱন আৰু গৱেষণা সম্পৰ্কীয় এটা ৰ্টেল (http://ideas.msme.gov.in/) আনুষ্ঠানিকভাবে মুকলি কৰে। নাগপুৰৰ পৰাভিডিঅকনফাৰেন্সিংব্যৱস্থাৰে শুভাৰম্ভ ঘোষণা কৰা এই অনুষ্ঠানত বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰেংগী, এমএছএমই বিভাগৰ সচিব ড০ অৰুণ কুমাৰ পাণ্ডা, ‘এমএছএমই’-ডিচিশ্ৰী ৰাম মোহন মিশ্ৰ আৰু বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

অধিক বিৱৰণৰ বাবে

 

 

বিনামূলীয়া খাদ্য বিতৰণত ভাৰতীয় ৰেলৱেয়ে আজি স্পৰ্শ কৰিলে মিলিয়নৰ সীমা
ভিড-১৯ৰ বাবে বলৱৎ লকডাউনৰ সময়ছোৱাত বিনামূলীয়া গৰম খাদ্য বিতৰণৰে ভাৰতীয় ৰেলৱেয়ে আজি তিনি মিলিয়নৰ সংখ্যা স্পৰ্শ কৰিলে৷ ২০ এপ্ৰিল ২০২০ তাৰিখে ভাৰতীয় ৰেলৱেয়ে মিলিয়ন বিনামূলীয়া খাদ্য বিতৰণৰ সংখ্যা স্পৰ্শ কৰিছিল আৰু কেৱল ১০ দিনতেই আন এক মিলিয়নৰ সংখ্যা স্পৰ্শ কৰি এই লক্ষ্য পূৰণ কৰিলে৷

অধিক বিৱৰণৰ বাবে

 

অটোমবাইল খণ্ডৰ শীৰ্ষ উদ্যোগপতিসকলৰ ভিড-১৯ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা.

কেন্দ্ৰীয় গধূৰ উদ্যোগ আৰু ৰাজহুৱা উদ্যম বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে আজি ভাৰতীয় অটোমবাইল খণ্ডৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত উদ্যোগখণ্ডটোত পৰা প্ৰভাৱ আৰু উদ্যোগপতিসকলৰ পৰামৰ্শ আদি বিবেচনা কৰাৰ বাবে বৈঠকত মিলিত হয়৷

অধিক বিৱৰণৰ বাবে

 

আৱাসগৃহৰ ক্ৰেতা আৰু ৰিয়েল ইষ্টেটৰ অংশীদাৰসকলৰ হিতাৰ্থে আৱাসগৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে শীঘ্ৰেই পৰামৰ্শাৱলী জাৰি কৰিবঃ হৰদীপ এচ পুৰী

ভিড-১৯ মহামাৰীৰ সময়ত ৰিয়েল ইষ্টেট খণ্ডত দেশজুৰি হোৱা লকডাউনৰ প্ৰভাৱ আৰু ৰেৰাৰ অধীনত এক বিকল্পহীন অৱস্থান হিচাপে এই পৰিস্থিতিক আলোচনা কৰিবৰ বাবে আৱাসগৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী হৰদীপ এচ পুৰীৰ সভাপতিত্বত ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ আৰু উন্নয়ন আইন, ২০১৬ অধীনত গঠিত কেন্দ্ৰীয় নিৰ্দেশাৱলী পৰিষদ (চি চি) এখন গুৰুত্বপূৰ্ণ সভা আজি অনলাইনযোগে অনুষ্ঠিত হৈ যায়। নীতি আয়োগৰ মূখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ কান্ত, আৱাসগৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিৱ শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ, আইনী পৰিক্ৰমা বিভাগৰ সচিৱ শ্ৰী কে মেণ্ডিৰট্টা, কেইবাখনো ৰাজ্যৰ ৰেৰাৰ মূখ্য সচিৱ আৰু অধ্যক্ষসকল, আৱাসগৃহৰ ক্ৰেতাসকলৰ কেইজনমান প্ৰতিনিধি, ৰিয়েল ইষ্টেট ডিভেলপাৰ, এপাৰ্টমেন্টৰ মালিক সন্থা, ৰিয়েল ইষ্টেটৰ দালাল, ক্ৰেডাই, নাৰেডক’, বিত্তীয় প্ৰতিষ্ঠান আৰু আন আন অংশীদাৰসকলে এই সভাত অংশ গ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

 

জন ঔষধি কেন্দ্ৰসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৩,২৫,০০০ত কৈও অধিক লোকে ব্যৱহাৰ কৰি আছে ‘জন ঔষধি সুগম’ ম’বাইল এপ

ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত জন ঔষধি সুগম ম’বাইল এপে জনসাধাৰণক বিশেষ সকাহ প্ৰদান কৰিবলৈ সমৰ্থ হৈছে৷ ৩,২৫,০০০ত কৈও অধিক লোকে এই ম’বাইল এপ ব্যৱহাৰ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

https://static.pib.gov.in/WriteReadData/userfiles/image/IMG-20200429-WA00367VX1.jpg

লাডাখ, জম্মু-কাশ্মীৰ আৰু উত্তৰপূর্বাঞ্চলৰ ভিড সংক্ৰান্তীয় পৰিস্থিতিৰ বুজ বলৈ সেনাবাহিনী আৰু বায়ুসেনাৰ প্রাক্তন প্রধানসকলৰ সৈতে কেন্দ্রীয় মন্ত্রী . জিতেন্দ্র সিংৰ ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে বৈঠক সম্পন্ন

অধিক বিৱৰণৰ বাবে

গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰীয়ে ৰাজ্যসমূহক গ্ৰামোন্নয়ন সম্বন্ধীয় আঁচনিসমূহৰ পূৰ্ণ প্ৰণয়নৰ বাবে নিৰ্দেশ দিয়ে

ৰাজ্যিক গ্ৰামোন্নয়ন বিভাগক মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হৈ শ্ৰী নৰেন্দ্ৰ সিং টোমৰে তেওঁলোকক এমজিএনৰেগাৰ অধীনত বিভিন্ন আঁচনিসমূহ প্ৰণয়ন কৰিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

সমগ্ৰ ভাৰতত চিএছআইআৰ গৱেষণাগাৰসমূহে আৰ্তজনক যোগান ধৰিছে খাদ্য, ছেনিটাইজাৰ আৰু মাস্ক

ভাৰতৰ বিভিন্ন স্থানৰ চিএছআইৰ গৱেষণাগাৰসমূহে প্ৰব্ৰজিত কৰ্মী, ৰোগী, স্বাস্থ্য কৰ্মী, আৰক্ষীকে ধৰি বহু লোকক ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত ৰেডি-টু-ইট খাদ্য যোগান ধৰিছে৷

অধিক বিৱৰণৰ বাবে

জিআইএছ ডেশ্ববৰ্ড ব্যৱহাৰ কৰি ভিড-১৯ হটস্পট নিৰীক্ষণ আগ্ৰা স্মাৰ্ট চিটীৰ

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত উদ্বেগ প্ৰকাশ কৰিছে চণ্ডীগড় প্ৰশাসনে৷ আক্ৰান্ত অঞ্চলসমূহত ব্যাপক নিৰীক্ষণৰ নিৰ্দেশ৷
  • পাঞ্জাৱঃ নিয়ন্ত্ৰিত এলেকাসমূহ আৰু ৰঙা মণ্ডলৰ বাহিৰৰ অঞ্চলসমূহক প্ৰট’ক’লৰ সৈতে শিথিলতা প্ৰদান কৰি ৩ মে’ৰ পিছতো দুসপ্তাহলৈ কাৰ্ফিউ বলৱৎ থাকিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা৷
  • হাৰিয়ানাঃ এপ্ৰিল মাহৰ বাবে কৰ্মচাৰীসকলৰ দৰমহা বন্ধ কৰি ৰখাৰ কোনো চাৰ্কুলাৰ বিত্ত বিভাগে জাৰি কৰা নাই বুলি হাৰিয়ানা চৰকাৰৰ স্পষ্টীকৰণ৷
  • হিমাচল প্ৰদেশঃ উদ্যোগসমূহত নিৰৱচ্ছিন্নভাৱে কেঁচামাল যোগানৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা৷ ৰাজ্যখনৰ আৰ্থিক নাটনিৰ জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে ১৮৯৯ কোটি টকা৷
  • কেৰালাঃ স্বাস্থ্য কৰ্মী আৰু আৰক্ষী বাহিনীক পোন প্ৰথমে দিয়া হ’ব দৰমহা৷ কালিলৈকে মুঠ পৰিঘটনা ৪৯৫টা, সক্ৰিয় পৰিঘটনা ১২৩টা, মুকলি হৈছে ৩৬৯ জন আৰু মুঠ মৃত্যু ৪ জন৷
  • তামিলনাডুঃ অগ্নি নিৰ্বাপন বাহিনীৰ ৩জন কৰ্মীৰ দেহত পোৱা গৈছে ক’ভিড-১৯ ৰোগৰ বীজাণু৷ কালি লৈকে মুঠ পৰিঘটনা ২১৬২টা, সক্ৰিয় পৰিঘটনা ৯২২টা, মৃত্যু ২৭, আৰোগ্য হৈছে ১২১০ জন৷
  • কৰ্ণাটকঃ আজি ২২টা নতুন পৰিঘটনা নিশ্চিত হৈছে৷ মুঠ পৰিঘটনা ৫৫৭টা৷ মৃত্যু ২১ আৰু আৰোগ্য হৈছে ২২৩ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ প্ৰায় ২১.৫৫ লাখ পৰিয়াললৈ বিতৰণ কৰা হৈছে বিনামূলীয়া খাদ্য৷ মুঠ পৰিঘটনা ১৪০৩, সক্ৰিয় পৰিঘটনা ১০৫১, আৰোগ্য হৈছে ৩২১, মৃত্যু ৩১ জন৷
  • তেলেংগানাঃ কালিলৈকে মুঠ পৰিঘটনা ১০১৬টা, সক্ৰিয় পৰিঘটনা ৫৮২টা, আৰোগ্য হৈছে ৪০৯, মৃত্যু ২৫ জন৷
  • অৰুণাচল প্ৰদেশঃ ইটানগৰত আৱদ্ধ হৈ থকা অন্য জিলাৰ ৩০০ জন অৰুণাচলৰ ব্যক্তিক ঘৰলৈ যাবলৈ দিয়া হৈছে৷
  • অসমঃ অসমৰ বঙাইগাঁও জিলাত ৪টা নতুন ক’ভিড-১৯ৰ ধনাত্মক পৰিঘটনা প্ৰতিবেদিত হৈছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰিছে৷ ইয়াৰ জৰিয়তে অসমত মুঠ পৰিঘটনাৰ সংখ্যা হ’ল ৪১টা৷
  • মেঘালয়ঃ মেঘালয়ৰ চিভিল হাস্পতালত ২টা পৰিঘটনাৰ ফলাফল ঋণাত্মক পোৱা হৈছে৷ তেওঁলোকক ২৪ ঘণ্টাৰ পিছত পুনৰ পৰীক্ষা কৰা হ’ব৷
  • মণিপুৰঃ ৰাজ্যৰ সকলো উপায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক অনুষ্ঠিত৷  
  • মিজোৰামঃ পিএম কিষাণ আঁচনিৰ সুবিধা লাভৰ বাবে অনুমোদিত হৈছে ৯২২০১ জন কৃষক৷
  • নাগালেণ্ডঃ ক’হিমাত ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল মে’ৰ শেষলৈ ঘোষণা কৰা হ’ব৷
  • ছিক্কিমঃ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে জাৰি কৰা নতুন নিৰ্দেশনাৱলীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পৰিকল্পনাসমূহৰ খতিয়ান ল’বলৈ ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ’ৰ্চ বৈঠকত সভাপতিত্ব কৰে মুখ্য সচিবে৷
  • ত্ৰিপুৰাঃ মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ বৰঙণি আগবঢ়োৱা আগৰতলা পৌৰ নিগমক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন৷
  • মহাৰাষ্ট্ৰঃ ৫৯৭টা নতুন পৰিঘটনাৰ জৰিয়তে মুঠ পৰিঘটনা হৈছে ৯৯১৫টা৷ ১৫৩৯ জন লোক আৰোগ্য হৈছে আৰু মৃত্যু হৈছে ৪৩২ জনৰ৷
  • গুজৰাটঃ ৩০৮টা নতুন পৰিঘটনাৰ প্ৰতিবেদনৰ জৰিয়তে মুঠ পৰিঘটনা হৈছে ৪০৮২ জন৷ ৫২৭ জন লোক আৰোগ্য হৈছে আৰু মৃত্যু হৈছে ১৯৭ জনৰ৷
  • ৰাজস্থানঃ ৮৬টা নতুন পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনা ২৫২৪টা হৈছে৷ মৃত্যু হৈছে ৫৭ জনৰ আৰু আৰোগ্য হৈছে ৮২৭ জন ৰোগী৷
  • মধ্য প্ৰদেশঃ মুঠ ধনাত্মক পৰিঘটনা ২৫৬১টা, ইয়াৰে আৰোগ্য হৈছে ৪৬১ জন আৰু মৃত্যু হৈছে ১২৯ জনৰ৷
  • চট্টিশগড়ঃ আজিৰ তাৰিখ পৰ্যন্ত ৰাজ্যখনত কেৱল ৪টা সক্ৰিয় পৰিঘটনা আছে৷ প্ৰতিবেদিত ৩৮টা পৰিঘটনাৰ ৩৪ জন আৰোগ্য হৈছে৷
  • গোৱাঃ গোৱাত কেৱল ৭টা পৰিঘটনা প্ৰতিবেদিত হৈছে৷ বৰ্তমান ৰাজ্যখনত ক’ভিড-১৯ৰ কোনো সক্ৰিয় পৰিঘটনা নাই৷


(Release ID: 1619777) Visitor Counter : 648