হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

জিআইএছ ডেশ্বব’ৰ্ড ব্যৱহাৰ কৰি ক’ভিড-১৯ হটস্পট নিৰীক্ষণ আগ্ৰা স্মাৰ্ট চিটীৰ

পোষ্ট কৰা হৈছে: 30 APR 2020 1:58PM by PIB Guwahati

আগ্ৰা স্মাৰ্ট চিটীয়ে এক জিআইএছ ডেশ্বব’ৰ্ড গঠন কৰিছে, যিয়ে বিভিন্ন হটস্পট, হীট মেপ, পজিটিভ ৰোগী, সুস্থ ৰোগী আদি প্ৰদৰ্শন কৰিব৷ ডেশ্বব’ৰ্ডখন দৈনিক ভিত্তিত এই লিংকত উপলব্ধ হ’ব— http://covid.sgligis.com/agra

আইজিআইএছ প্লেটফ’ৰ্মত সৃষ্টি কৰা এই ডেশ্বব’ৰ্ডখন হ’ল এক থলুৱা প্ৰযুক্তি, যিয়ে জিআইএছ, ইমেজ প্ৰ’চেছিং, ফ’টোগ্ৰামেট্ৰী আৰু চিএডিক একেলগে এখন মঞ্চত একগোট কৰিছে৷ ইয়ে কৃষি, প্ৰতিৰক্ষা, বনাঞ্চল, দুৰ্যোগ ব্যৱস্থাপনা, ভূমি তথ্য, খনন, শক্তি, স্মাৰ্ট চিটী, নগৰীয় পৰিকল্পনা, ইউটিলিটীছ আৰু ল’কেচন ভিত্তিক সেৱাৰ দৰে উদ্যোগত সমাধান সৃষ্টি কৰিব পাৰে৷

                                                                         ****

RJ/NG/MS


(ৰিলিজ আই ডি : 1619676) অতিথি কক্ষ : 265