গৃহ মন্ত্ৰালয়
ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা ‘লকডাউন’-ৰ সময়চোৱাৰ পৰিস্থিতি সমীক্ষা কৰাৰ বাবে পৰ্যালোচনা সভা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ
प्रविष्टि तिथि:
29 APR 2020 9:37PM by PIB Guwahati
‘লকডাউন’ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিৰ সমীক্ষা কৰাৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আজি এক বিস্তৃত পৰ্যালোচনা সভা অনুষ্ঠিত কৰে।
এই পৰ্যন্ত লাভ কৰা তথ্য অনুযায়ী লকডাউনৰ ফলত বিশেষ সুফল লাভ কৰাৰ লগতে পৰিস্থিতিৰ ব্যাপক উত্তৰণ সম্ভৱ হৈছে। পৰিস্থিতি আৰু অধিক উন্নত কৰাৰ স্বাৰ্থতে ‘লকডাউন’ৰ বাধা নিষেধ অবজ্ঞা নকৰি, বৰঞ্চ অহা ৩মে’ পৰ্যন্ত এই বিধি-নিয়মসমূহ আৰু কঠোৰ ভাবে মানি চলাতো বাধ্যতামূলক কৰা হৈছে।
ক’ভিড-১৯ সংক্ৰান্তীয় নতুন বিধি-নিয়মৰ সূচী অহা ৪ মে’ৰ পৰা বলবত্ হ’ব। এই সূচীৰ জৰিয়তে কেতবোৰ জিলাত বাধা-নিষেধৰ ক্ষেত্ৰত কিছু শিথিলতা অৱলম্বনৰ সম্ভাৱনা আছে। অনাগত সময়ত এই সংক্ৰান্তত সবিশেষ প্ৰকাশ কৰা হ’ব।
*****
VG/SNC/VM/KB
(रिलीज़ आईडी: 1619660)
आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Telugu
,
Kannada