নিতি আয়োগ

‘এই মুহূৰ্তত সামাজিক ব্যৱধানেই হ’ল সবাতোকৈ শক্তিশালী প্ৰতিষেধক’: স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধন

Posted On: 30 APR 2020 5:07PM by PIB Guwahati

নিটি আয়োগে আজি স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনৰ সৈতে বেচৰকাৰী সংস্থা তথা সামাজিক সংস্থাসমূহৰ এক লাইভ বাৰ্তামূলক অনুষ্ঠানৰ আয়োজন কৰে৷ এই অনুষ্ঠানৰ আঁত ধৰে মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে৷ নিটি আয়োগৰ দৰ্পণ প’ৰ্টেলত পঞ্জীকৃত সকলো এনজিঅ’ই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে৷ ইয়াৰে ভিতৰত মুখ্য সংস্থাসমূহ হ’লঃ বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন, হেল্প এজ ইণ্ডিয়া, টাটা ট্ৰাষ্ট, পিৰামল স্বাস্থ্য, চিৱাইএছডি, প্ৰয়াস, ৰে’ড ক্ৰ’ছ, সেৱা, লাল পেথলেব, পাব্লিক হেলথ্ ফাউণ্ডেচন অব্ ইণ্ডিয়া, কেয়াৰ ইণ্ডিয়া, ৱৰ্কিং ৱ’মেন ফ’ৰাম, অক্ষয় পাত্ৰ৷

এনজিঅ’/সামাজিক সংস্থাসমূহে ক’ভিড-১৯ মহামাৰীৰ ফলত উদ্ভৱ হোৱা বিভিন্ন সমস্যাসমূহ আলোকপাত কৰে৷ সংস্থাসমূহৰ স্বাৰ্থবিহীন কৰ্মসমূহৰ প্ৰশংসা কৰি ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে চীনত ন’ভেল ক’ৰোনা ভাইৰাছৰ আগ্ৰাসনৰ বিষয়ে জ্ঞাত হোৱাৰ লগে লগেই ভাৰতত তৎকালীনভাৱে প্ৰতিৰোধাত্মক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাৱে বিভিন্ন পৰামৰ্শৱলী মুকলি কৰিছিল৷ ক’ৰোনা ৰোগী আৰু সন্মুখৰ শাৰীৰ কৰ্মীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণৰ অভিযোগ উত্থাপিত হোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে মহামাৰী ৰোগ আইনৰ সংশোধনৰ জৰিয়তে স্বাস্থ্য কৰ্মীসকলক সুৰক্ষা প্ৰদান কৰা বুলি জানিবলৈ দিয়ে৷ ইয়াৰ সৈতে তেওঁ ১২৯খন জিলাক হটস্পট, প্ৰায় ২৯৭খন জিলাক নন-হটস্পট ঘোষণা কৰাৰ লগতে আৰু প্ৰায় ৩০০তকৈ অধিক জিলা অপ্ৰভাৱিত হৈ আছে বুলি জানিবলৈ দিয়ে৷ পিপিই আৰু মাস্ক সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘আমি দেশত ১০৮টা নিৰ্মাণকাৰী সংস্থাৰ জৰিয়তে প্ৰতিদিনে ১.৫ লাখ পিপিই নিৰ্মাণ কৰি আছো৷ প্ৰতিদিনে আমি এক লক্ষাধিক এন৯৫ মাস্ক প্ৰস্তুত কৰি আছো৷’’ এই প্ৰসংগত তেওঁ আয়ুষ মন্ত্ৰালয়ে প্ৰদান কৰা নিৰ্দেশাৱলীসমূহৰ বিষয়েও উল্লেখ কৰে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ আৰোগ্য সেতু এপৰ গুৰুত্বৰ বিষয়ে অৱলোকন কৰি তেওঁ কয় যে নিয়মীয়াকৈ হাত আৰু মুখ ধোৱাৰ পৰা নিজকে আৰু নিজৰ প্ৰিয়জনকো ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি৷ শেষত তেওঁ এই ৰোগবিধৰ প্ৰতিষেধক প্ৰস্তুত নোহোৱা পৰ্যন্ত সামাজিক ব্যৱধানেই শক্তিশালী প্ৰতিষেধক বুলি উল্লেখ কৰে৷

 

******

VRRK/KP/MANN



(Release ID: 1619638) Visitor Counter : 193