স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 29 APR 2020 6:25PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে সমগ্ৰ দেশৰ লায়ন্স ক্লাব ইণ্টাৰনেচনেলৰ সদস্যসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷ লায়ন্স ক্লাবে পিএম কেয়াৰ্ছ পুঁজিলৈ ৯.১ কোটি টকা আৰু বিভিন্ন মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১২.৫ কোটি বৰঙণি আগবঢ়োৱা কাৰ্যক মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী প্ৰীতি সুডানে ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্য আৰু জিলাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হৈ ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান লয়৷ তেওঁ কয় যে নন-ক’ভিড অত্যাৱশ্যকীয় চিকিৎসা ব্যৱস্থাপনাসমূহকো অৱজ্ঞা কৰা উচিত নহয়৷

এই পৰ্যন্ত মুঠ ৭৬৯৫ জন লোক আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ২৪.৫%৷ মুঠ নিশ্চিত পৰিঘটনা হ’ল ৩১,৩৩২ টা৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/SG/MANN



(Release ID: 1619477) Visitor Counter : 134