গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত আবদ্ধ হৈ পৰা প্ৰব্ৰজক শ্ৰমিককে ধৰি আন সকলো লোকক স্ব-ৰাজ্যলৈ যাব পৰাকৈ আন্তঃৰাজ্যিক যাতায়াতৰ সুবিধা দিব কেন্দ্ৰই

प्रविष्टि तिथि: 29 APR 2020 6:25PM by PIB Guwahati

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা লকডাউনত দেশৰ বিভিন্ন স্থানত প্ৰব্ৰজক শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ-ছাত্ৰীকে ধৰি আন বহু সংখ্যক লোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে। সেয়ে, এইসকল লোকক নিজ নিজ ঠাইলৈ উভতিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে এক সুবিধা প্ৰদান কৰিব খুজিছে। সেই অনুসৰি, এইসকল লোকক স্থলপথেৰে যাতায়ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি জনাইছে। এওঁলোকক এখন ৰাজ্য কিম্বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা আন এখন ৰাজ্য কিম্বা কেন্দ্ৰীয় শাসিত অঞ্চললৈ যাবলৈ দিয়া হব। অৱশ্যে এই ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পৰস্পৰৰ মাজত এই সম্পৰ্কীয় তথ্যৰ আদান-প্ৰদানৰ জৰিয়তে বুজাবুজিত উপনীত হব লাগিব।

তদুপৰি, লক্ষ্যস্থানত উপস্থিত হোৱাৰ লগে লগে এইসকল লোকক স্থানীয় স্বাস্থ্য প্ৰাধিকৰণে যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হম কোৱাৰেণ্টাইন অথবা প্ৰয়োজনত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিব লাগিব। সংশ্লিষ্ট সকলো লোককে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাইও থাকিব লাগিব।

এই সকল লোকৰ স্বাস্থ্যৰ শেহতীয়া স্থিতি জানি থাকিব পৰাকৈ সংশ্লিষ্ট সকলো লোককে আৰোগ্য সেঁতু এপ ব্যৱহাৰৰ বাবে উত্সাহিত কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক আহ্বান জনোৱা হৈছে।

Click here to see the Official Communication to States/UTs

 

*****

VG/SNC/VM


(रिलीज़ आईडी: 1619465) आगंतुक पटल : 306
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam