ৰেল মন্ত্ৰালয়

বিগত বৰ্ষৰ তুলনাত লকডাউনৰ সময়ত ব্যক্তিগত খাদ্য সামগ্ৰী(পিএফজি) পৰিবহণ বৃহৎ হাৰত বৃদ্ধি

২৫ মাৰ্চৰ পৰা ২৮ এপ্ৰিল, ২০২০লৈ লকডাউনৰ সময়ত ভাৰতীয় ৰে’লৱেই ৭.৭৫ লাখ টন(৩০৩ ৰেক) ব্যক্তিগত খাদ্যসামগ্ৰী বোজাই কৰাৰ বিপৰীতে বিগত বৰ্ষৰ এই সময়ছোৱা বোজাই কৰা হৈছিল ৬.৬২লাখ টন(২৪৩ ৰেক)

খাদ্য সামগ্ৰীৰ দৰে কৃষিজাত সামগ্ৰী সঠিক সময়ত উঠোৱা আৰু যোগান শৃংখলা অবিৰতভাৱে হৈ থকাটো সুনিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে ভাৰতীয় ৰে’লৱেই

Posted On: 29 APR 2020 5:51PM by PIB Guwahati

ভাৰতীয় ৰেলে কভিড-১৯ৰ বাবে দেশজোৰা লকডাউনৰ সময়ত ব্যক্তিগত সামগ্ৰী আৰু পাৰ্চেল সেৱাৰ জৰিয়তে দেশজুৰি খাদ্য সামগ্ৰীৰ পৰ্যাপ্ততা সুনিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

ভাৰতৰ সকলোৰে ঘৰl ৰন্ধনকাৰ্য সুকলমে অব্যাহত ৰখাৰ লক্ষ্যৰে ২৫ মাৰ্চৰ পৰা ২৮ এপ্ৰিল, ২০২০লৈ লকডাউনৰ সময়ত ভাৰতীয় ৰেলৱেই .৭৫ লাখ টন(৩০৩ ৰেক) ব্যক্তিগত খাদ্যসামগ্ৰীৰ বোজাই কৰা হৈছে৷ ইয়াৰ বিপৰীতে বিগত বৰ্ষৰ এই সময়ছোৱাত .৬২লাখ টন(২৪৩ ৰেক) খাদ্য সামগ্ৰী বোজাই কৰা হৈছিল৷ ব্যক্তিগত খাদ্য সামগ্ৰী সৰবৰাহ কৰা ক্ষেত্ৰত অগ্ৰণী ৰাজ্যসমূহ ভিতৰত অন্ধ্ৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তামিলনাডু অন্যতম৷

ভিড-১৯ৰ বাবে দেশজোৰা লকডাউনৰ সময়ত খাদ্য সামগ্ৰীৰ দৰে কৃষিজাত সামগ্ৰী সঠিক সময়ত উঠোৱা আৰু যোগান শৃংখলা অবিৰতভাৱে হৈ থকাটো সুনিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে ভাৰতীয় ৰেলৱেই৷ এই সময়ছোৱাত সামগ্ৰী উঠোৱা-নমোৱাৰ কাম পূৰ্ণগতিত চলি আছে৷

ভাৰতীয় ৰেলৱেই সোনকালে নষ্ট হোৱা সামগ্ৰী যেনে-ফল, শাক-পাচলি, গাখীৰ, দুগ্ধজাত সামগ্ৰী ইত্যাদিৰ সৰবৰাহ কৰাৰ বাবে বিশেষ পাৰ্চেল ৰেলৰ বাবে পৃথক পথ চিহ্নিত কৰিছে৷ এই পথসমূহত এনে ৰে চলোৱা হৈছে, কম ব্যৱহাৰ হয় আৰু দেশৰ কোনো স্থানো যাতে বাদ নপৰে৷ সকলো সম্ভাৱনাপূৰ্ণ স্থানত এনে ৰে ৰখোৱাটো সুনিশ্চিত কৰা হৈছে, যাতে অধিক পৰিমাণে সামগ্ৰী নমাব পৰা যায়৷

****

DJN/MKV/DB



(Release ID: 1619455) Visitor Counter : 201