PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
29 APR 2020 6:49PM by PIB Guwahati
(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্টPপ-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য
এই পৰ্যন্ত ৭৬৯৫জন লোক আৰোগ্য হৈছে৷ মুঠ আৰোগ্য হাৰ ২৪.৫%৷ মুঠ নিশ্চিত পৰিঘটনা ৩১,৩৩২টা৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ তৰফৰ পৰা নন-ক’ভিড অত্যাৱশ্যকীয় চিকিৎসামূহক অৱজ্ঞা কৰা উচিত নহয় বুলি কোৱা হৈছে৷ তেওঁ ৰাজ্যসমূহক আৰোগ্য সেতু এপৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে৷
অধিক বিৱৰণৰ বাবে
দেশৰ সকলো ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু শিক্ষা সচিবৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ মন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স
সভাত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ সকলোৰে বাবেই দুৰ্ভাগ্যজনক যদিও সংকটৰ মুহূৰ্তত সকলোৱে ধৈৰ্য আৰু সংযমৰে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু এই পৰিস্থিতিক নতুন মোৰ দি ন ন পৰীক্ষা-নিৰীক্ষাৰে ছাত্ৰ সমাজৰ সুৰক্ষা আৰু শিক্ষায়তনিক কল্যাণৰ বাবে অন্য এক সুযোগলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসত ব্ৰতী হ’ব লাগিব। তেওঁ সকলোৰে একত্ৰিত প্ৰয়াসৰে ক’ৰোনাই সৃষ্টি কৰা এই সংকট সুকলমে অতিক্ৰম কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজিত শ্ৰমিকসকলকে ধৰি আৱদ্ধ লোকসকলৰ আন্তঃৰাজ্যিক চলাচলৰ বাবে সুবিধা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে
দেশত বলৱৎ লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজিত কৰ্মী, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থীকে ধৰি অন্য বহু লোক দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে৷ কেন্দ্ৰীয় চৰকাৰে এই আৱদ্ধ লোকসকলক ৰাজ্যসমূহৰ মাজত হোৱা আলোচনা তথা উপযুক্ত স্বাস্থ্য পৰীক্ষণৰ চৰ্তৰ ভিত্তিত পথেৰে চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷
ক’ভিড-১৯ সমস্যা সমাধান দ্ৰুতগতিত বিকাশ সাধন কৰাৰ বাবে বিজ্ঞানীসকলক প্ৰশংসা ড০ হৰ্ষ বৰ্ধনৰ
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা পৃথিৱী বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি এক ভিডিঅ’ কনফাৰেন্সিংযোগে জৈৱ প্ৰযুক্তি বিভাগ(ডিবিটি) আৰু ইয়াৰ স্বতন্ত্ৰ সংস্থা বিআইআৰএচি তথা বিআইবিচিঅ’এলৰ দ্বাৰা ক’ভিড সংকটৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ ভেকচিন তথা স্বদেশী ৰেপিড টেষ্ট আৰু আৰটি-পিচিআৰ চিকিৎসা সঁজুলি বিকশিত কৰাৰ বিভিন্ন প্ৰচেষ্টাৰ পৰ্যালোচনা কৰে৷
শ্ৰী পীয়ুষ গোৱেল কয় যে ক’ভিডৰ পিছত বিশ্বজনীন যোগান শৃংখলত স্পষ্ট পৰিৱৰ্তন হ’ব আৰু ভাৰতে ইয়াৰ সুযোগ গ্ৰহণ কৰা উচিত
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি ৰপ্তানিকাৰীসকলক ভৱিষ্যতৰ বজাৰখনৰ বাবে নিজকে প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ক’ভিডৰ পিছত বিশ্বৰ বজাৰখনত যোগান শৃংখলত স্পষ্ট পৰিৱৰ্তন হ’ব আৰু বিশ্ব বাণিজ্যত ভাৰতে ইয়াৰ সুযোগ গ্ৰহণ কৰা উচিত৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱা সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ প্ৰয়াসক শ্ৰী ৰবিশংকৰ প্ৰসাদৰ প্ৰশংসা
বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদে ৰাজ্যসমূহৰ তথ্য প্ৰযুক্তি মন্ত্ৰীসকলৰ সৈতে ২৮ এপ্ৰিল ২০২০ তাৰিখে এক বৈঠকত মিলিত হয়৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে টেলিকম বিভাগসমূহৰ ‘‘ঘৰৰ পৰা কাম কৰা’’ৰ সময় ৩০ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈ বৃদ্ধি কৰিব৷ তেওঁ ৰাজ্যসমূহত ভাৰত নেট আঁচনিক সমৰ্থন জনাই ইয়াৰ সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়৷
অধিক বিৱৰণৰ বাবে
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ ক’ভিড-১৯ পৰীক্ষণ আৰু কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত দিব্যাংগসকলৰ বাবে প্ৰাথমিক সুবিধাসমূহ নিশ্চিত কৰিবলৈ পত্ৰ প্ৰেৰণ
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ ক’ভিড-১৯ পৰীক্ষণ আৰু কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত দিব্যাংগসকলৰ বাবে প্ৰাথমিক সুবিধাসমূহ নিশ্চিত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰে৷
কানাডাৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ
প্ৰধানমন্ত্ৰীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেউৰ সৈতে টেলিফোনত ক’ভিড-১৯ৰ চলিত পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই বিশ্বজনীন ঐক্যৱদ্ধতা আৰু সমন্বয়তাৰ গুৰুত্ব সন্দৰ্ভত সহমত পোষণ কৰে৷
অধিক বিৱৰণৰ বাবে
ব্যক্তিগতখণ্ডৰ খাদ্য-শস্যৰ মালবাহী বোজাই লকডাউনৰ সময়ছোৱাত বিগত বৰ্ষৰ তুলনাত বৃদ্ধি হৈছে
লকডাউনৰ সময়ছোৱাত ২৫ মাৰ্চৰ পৰা ২৮ এপ্ৰিললৈ ভাৰতীয় ৰে’লৱেয়ে ৭.৭৫ লাখ টনতকৈও অধিক পিএফজি মালবাহী বোজাই কৰিছে যি যোৱা বৰ্ষৰ এই একেটা সময়ত আছিল ৬.৬২ লাখ টন৷
ফিকি আৰু আগশাৰীৰ উদ্যোগৰ সদস্যবৰ্গৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক হৰছিমৰত কৌৰ বাদল
কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্রী হৰছিমৰত কৌৰ বাদলে ফেডাৰেশ্যন অফ ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী(ফিকি)ৰ সদস্যবৃন্দৰ সৈতে বর্তমান আৰু লকডাউনৰ পৰৱর্তী সময়ত খাদ্য সংসাধন উদ্যোগৰ বিষয়ে এক বৈঠকত অধ্যক্ষতা কৰে৷ এই উপলক্ষে ফিকিৰ সাধাৰণ সম্পাদক দিলীপ চেনয়ে ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত বৈঠকত লকডাউনৰ আৰম্ভণিৰে পৰা খাদ্য সংসাধন উদ্যোগ মন্ত্রীৰ সাহায্যৰ বাবে প্ৰশংসা কৰে৷
ভাৰ্চুৱেল পিটাছবাৰ্গ জলবায়ু সন্মিলনত প্ৰথমবাৰলৈ জলবায়ু পৰিৱৰ্তনৰ সমস্যা আলোচনাৰ কৰাৰ বাবে ৩০ খন দেশৰ প্ৰতিনিধিৰ সৈতে মিলিত হ’ল ভাৰত
পিটাছবাৰ্গ জলবায়ু সন্মিলনত ভাৰতে অন্য ৩০খন দেশৰ প্ৰতিনিধিৰ সৈতে অংশগ্ৰহণ কৰে৷ সন্মিলনত ক’ভিড-১৯ৰ পিছত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ কিদৰে মোকাবিলা কৰা হ’ব সেই সন্দৰ্ভত আলোচনা কৰা হয়৷
অধিক বিৱৰণৰ বাবে
ৰাজ্যৰ সকলো মুখ্য সচিবলৈ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰ অনুৰোধ, ক’ভিড-১৯ ৰ বাবে চাকৰি আৰু দৰমহা কৰ্তন নকৰিবলৈ নিয়োগকৰ্তা সকলক পৰামৰ্শ। - পিআইবি ফেক্ট-চেকে নিশ্চিত কৰিলে বাতৰিৰ সত্যতা
অধিক বিৱৰণৰ বাবে
লায়ন্স ক্লাৱ ইণ্টাৰনেচনেলৰ সৈতে ডাঃ হৰ্ষৱৰ্ধনৰ ভিডিঅ’ কনফাৰেন্স
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতৰ পদক্ষেপসমূহ আলোকপাত তেওঁ কয়, এই সময়ছোৱাত আমি নিৰৱচ্ছিন্নভাৱে সজাগ হৈ থাকি সদাপৰিৱৰ্তিত পৰিস্থিতিসমূহৰ সৈতে মোকাবিলা কৰিব লাগিব৷
সমগ্ৰ দেশতে আত্মসহায়ক গোটসমূহে এক কোটিতকৈও অধিক মাস্ক প্ৰস্তুত কৰিছে
সমগ্ৰ দেশতে বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে এক কোটিতকৈও অধিক মাস্ক প্ৰস্তুত কৰিছে৷
বাৰিষা বতৰৰ বাবে জলশক্তি আভিযান সাজু
বৰ্তমান স্বাস্থ্যক্ষেত্ৰত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰে মোকাবিলা কৰিও জলশক্তি আভিযানে বিভিন্ন পদক্ষেপেৰে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। ক’ভিড-১৯ এ সৃষ্টি কৰা জৰুৰী অৱস্থাত গ্ৰাম্যাঞ্চলত যথেষ্ট পৰিমাণত শ্ৰমিক শক্তি উপলব্ধ হোৱাৰ সময়তে আভিযানে অনাগত বাৰিষা বতৰৰ বাবে প্ৰস্তুতি চলাইছে৷
অধিক বিৱৰণৰ বাবে
ৰাইজৰ বাবে মুকলি কৰা হ’ল স্মাৰ্ট চিটী কল্যাণ-ডমবিভলিৰ ক’ভিড-১৯ ডেশ্বব’ৰ্ড
অধিক বিৱৰণৰ বাবে
দেখো আপনা দেশৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে মুকলি কৰিলে ‘‘এন এপিক কলড ইণ্ডিয়া-এ লেণ্ড অব্ মেৰিয়েড ষ্ট’ৰীজ’’ শীৰ্ষক একাদশ ৱেবিনাৰ
এইচচিএআৰডি নামৰ এটা ৰবটে ক’ভিড-১৯ৰ যুঁজত স্বাস্থ্যসেৱা কৰ্মীসকলক সহায় কৰিব
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- চণ্ডীগড়ঃ ধনাত্মক পৰিঘটনাসমূহৰ উৎস সন্ধানৰ পৰিপ্ৰেক্ষিতত চণ্ডীগড় প্ৰশাসনৰ এজন উপদেষ্টাই বাপুধাম ক’লনীৰ দৰে অঞ্চলসমূহত গুৰুত্ব প্ৰদানৰ আৱশ্যকতা সন্দৰ্ভত দোহাৰে৷ সামাজিক ব্যৱধানৰ নিৰ্দেশনা ভংগ নোহোৱাটো নিশ্চিত কৰিবলৈ চিচিটিভি কেমেৰা আৰু ড্ৰোণ ফটোগ্ৰাফীৰ সহায় লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে৷
- পাঞ্জাৱঃ আত্মসহায়ক গোটৰ মহিলাসকলে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত নামি পৰিছে৷ তেওঁলোকে প্ৰশাসন, আৰক্ষী আৰু পঞ্চায়তৰ বাবে মাস্ক, এপ্ৰ’ন আৰু গ্ল’ভ নিৰ্মাণ কৰিছে৷
- হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ৰ সময়ছোৱাত ক্ৰয় প্ৰক্ৰিয়াত তথ্য-প্ৰযুক্তিয়ে গুৰুতৰ ভূমিকা পালন কৰিছে৷
- হিমাচল প্ৰদেশঃ দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ৫০০০ত কৈও অধিক লোকক সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷
- কেৰালাঃ চৰকাৰী চাকৰিয়ালৰ দৰমহা কৰ্তনৰ অধ্যাদেশত অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ে এই অনুমোদন স্থগিত ৰাখিছিল৷ কালি পৰ্যন্ত নিশ্চিত পৰিঘটনাঃ ৪৮৫, সক্ৰিয় পৰিঘটনা ১২৩, আৰু আৰোগ্য হৈছে ৩৫৯জন৷
- তামিলনাডুঃ চেন্নাইৰ খাদ্য বিতৰণ কৰ্মীৰ দেহত পোৱা হৈছে ক’ভিড-১৯ৰ বীজাণু, সংক্ৰমিত হৈ পিতৃৰ মৃত্যু৷ কালি পৰ্যন্ত মুঠ পৰিঘটনা ২০৪৮টা, সক্ৰিয় পৰিঘটনা ৯০২, মৃত্যু ২৫, মুকলি কৰি দিয়া হৈছে ১১২৮ জনক৷
- কৰ্ণাটকঃ আজি ৯টা নতুন পৰিঘটনা নিশ্চিত হৈছে৷ মুঠ পৰিঘটনা ৫৩২টা, মৃত্যু হৈছে ২০ জনৰ আৰু মুকলি কৰি দিয়া হৈছে ২১৫জনক৷
- অন্ধ্ৰ প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৭৩টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ পৰিঘটনা ১৩৩২টা৷ সক্ৰিয় পৰিঘটনা ১০১৪টা, আৰোগ্য হৈছে ২৮৭জন, মৃত্যু ৩১জন৷
- তেলেংগানাঃ ধনাত্মক পৰিঘটনা হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া অন্ধ্ৰ প্ৰদেশৰ তুলনাত কমকৈ পৰীক্ষা কৰিবলগীয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰীৰ প্ৰকাশ৷ মুঠ পৰিঘটনা ১০০৯, সক্ৰিয় পৰিঘটনা ৬১০টা৷
- মহাৰাষ্ট্ৰঃ ৭২৮টা নতুন পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনা হৈছে ৯৩১৮টা৷ মৃত্যু ৩৬৯ আৰু আৰোগ্য হৈছে ১৩৮৮ জন৷
- গুজৰাটঃ ১৯৬টা নতুন পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনা ৩৭৭৪টা৷ ইয়াৰে আৰোগ্য হৈছে ৪৩৪ জন আৰু মৃত্যু হৈছে ১৮১ জনৰ৷
- ৰাজস্থানঃ মুঠ পৰিঘটনা ২৩৯৩টা৷ মৃত্যু হৈছে ৫২ জনৰ আৰু আৰোগ্য হৈছে ৭৮১ জন৷
- মধ্য প্ৰদেশঃ ২৫টা নতুন পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনা ২৩৮৭টা৷ ইয়াৰে ৩৭৭ লোকে আৰোগ্য লাভ কৰিছে আৰু মৃত্যু হৈছে ১২০ জনৰ৷
- চট্টিশগড়ঃ এই পৰ্যন্ত সক্ৰিয় পৰিঘটনা আছে কেৱল ৪ টা৷ মুঠ ৩৮টা পৰিঘটনাৰ ৩৪ জন আৰোগ্য হৈছে৷
- গোৱাঃ গোৱাত এতিয়ালৈ কেৱল ৭টা পৰিঘটনা প্ৰতিবেদিত হৈছে৷ সক্ৰিয় পৰিঘটনা শূন্য৷
- অৰুণাচল প্ৰদেশঃ ছোৱাইন ফ্লুৰ আশংকাত ইটানগৰৰ উপায়ুক্তই বন্ধ কৰিছে গাহৰিৰ পৰিবহণ আৰু বিক্ৰী৷
- অসমঃ #ক’ভিডৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষাৰ বাবে নতুন ৰণনীতি প্ৰস্তুত কৰাটো গুৰুত্বপূৰ্ণ বুলি মন্তব্য প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত এক ৰোডমেপ প্ৰস্তুত কৰিবলৈ তেওঁ অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, অসম মহাবিদ্যালয় শিক্ষক সংস্থা, মুখ্য সচিব তথা শিক্ষা আয়ুক্তৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰে৷
- মণিপুৰঃ কালি কাৰ্ফিউ আৰু লকডাউন নিৰ্দেশনা উলংঘা কৰা ৭৮৪জন লোকক আটক কৰা হয় আৰু মুঠ ১ লাখ টকা জৰিমণা আদায় কৰা হয়৷
- মিজোৰামঃ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ প্ৰায় ৬৯৩জন লোক উত্তৰ পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যত আৱদ্ধ হৈ আছে আৰু তেওঁলোকক ৩০ এপ্ৰিলৰ পৰা ২ মে’ৰ ভিতৰত গৃহ ৰাজ্যলৈ ঘূৰাই অনা হ’ব৷
- মেঘালয়ঃ এনইআইজিআৰআইএইছএমএছত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে টেলিমেডিচিনৰ সুবিধা৷
- নাগালেণ্ডঃ ৰাজ্য চৰকাৰৰ পেট্ৰ’লৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত৷
- ছিক্কিমঃ নতুন দিল্লীৰ চিকিৎসালয়ত ডায়েলাইছিছ কৰোৱা ছিক্কিমৰ মহিলা এগৰাকীৰ দেহত পোৱা গৈছে ক’ভিড-১৯ৰ বীজাণু৷ মহিলাগৰাকীক পূৰ্ণ চিকিৎসা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস৷ জনসাধাৰণক শংকিত নহ’বলৈ আহ্বান৷
- ত্ৰিপুৰাঃ ক’ভিড-১৯ৰ বাবে এমএনৰেগাৰ অধীনত ঝুমিয়া পৰিয়ালক ৬ দিনৰ বাবে প্ৰতিজন লোকক ২০২ টকাকৈ আৰু প্ৰতিটো পৰিয়ালক ১২১২ টকাকৈ দিব ৰাজ্য চৰকাৰে৷
পিআইবি ফেক্ট চেক
(Release ID: 1619406)
Visitor Counter : 194
Read this release in:
Malayalam
,
English
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada