• Skip to Content
  • Sitemap
  • Advance Search
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

এইচচিএআৰডি নামৰ এটা ৰবটে ক’ভিড-১৯ৰ যুঁজত স্বাস্থ্যসেৱা কৰ্মীসকলক সহায় কৰিব

Posted On: 29 APR 2020 12:27PM by PIB Guwahati

ক’ভিড-১৯ৰ সংক্ৰমণৰ আশংকা কঢ়িয়াই দেশৰ স্বাস্থ্যসেৱা কৰ্মীসকলে দিনে-নিশাই আক্ৰান্ত ৰোগীসকলৰ আদৰ-যতন লৈ আছে৷ অৱশ্যে, এতিয়া এইচচিএআৰডি নামৰ এগৰাকী নতুন বন্ধুৰ সহযোগত তেওঁলোকৰ সংক্ৰমণৰ আশংকা কিছু হ্ৰাস হ’ব৷ ৰবট ডিভাইচ এইচচিএআৰডি, যাৰ সম্পূৰ্ণ নাম হ’ল হস্পিতাল কেয়াৰ এছিষ্টিভ ৰ’বোটিক ডিভাইচ৷ ইয়ে ক’ৰোনা ভাইৰাছৰদ্বাৰা আক্ৰান্ত ৰোগীসকলৰ পৰা শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাত ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মীসকলক সহায় কৰিব৷

দুৰ্গাপুৰস্থিত কেন্দ্ৰীয় মেকানিকেল ইঞ্জিনিয়াৰিং গৱেষণা প্ৰতিষ্ঠানৰ চিএছআইআৰ পৰীক্ষাগাৰে এইচচিএআৰডি বিকশিত কৰিছে৷ ডিভাইচটো বিভিন্ন অত্যাধুনিক প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে৷

 

প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক ড০ হৰিশ হিৰানীয়ে কয় যে, ‘এই ডিভাইচটোৱে ক’ভিড-১৯ ৰোগীৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মীৰ বাবে ফলপ্ৰসু হ’ব৷ ইয়াৰ সহায়ত তেওঁলোকে ৰোগীৰ পৰা শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিব পাৰিব৷’ ডিভাইচটোৰ মূল্য ৫লাখতকৈ কম আৰু ইয়াৰ ওজন ৮০কিলোগ্ৰামতকৈ কম বুলিও অধ্যাপক হিৰানীয়ে উল্লেখ কৰে৷

চিএছআইআৰ-চিএমইআৰআইয়ে প্ৰযুক্তিগত উদ্ভাৱনেৰে ক’ভিড-১৯ৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে৷

****

KGS/( DST-(India Science Wire))/MS



(Release ID: 1619349) Visitor Counter : 169


Link mygov.in