প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু কানাডাৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 28 APR 2020 9:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামান্য জাষ্টিন ট্ৰুডিউৰ সৈতে টেলিফোনত কথা পাতে৷

নেতা দুগৰাকীয়ে সাম্প্ৰতিক গোলকীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷ তেওঁলোকে গোলকীয় একতা আৰু সহযোগিতা, যোগান শৃংখল বৰ্তাই ৰখা আৰু সহযোগিতামূলক গৱেষণাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বৰ্তমান কানাডাত বাস কৰি থকা ভাৰতীয় নাগৰিক বিশেষকৈ ভাৰতীয় শিক্ষাৰ্থীসকললৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে কানাডাৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ একেদৰে, কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত থকা তেওঁলোকৰ নাগৰিকলৈ ভাৰত চৰকাৰৰ সহযোগিতাৰ শলাগ লয়৷

প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে ফাৰ্মাচিউটিকেল খণ্ডত ভাৰতৰ উৎপাদনশীল ক্ষমতা বিশ্বৰ সকলো নাগৰিকৰ সহায়ৰ বাবে সদায় উপলব্ধ হৈ থাকিব৷ কানাডাকো ভাৰতে সক্ষমতা অনুসৰি সহায় আগবঢ়াই যাব৷

ভাৰত আৰু কানাডাৰ অংশীদাৰিত্বই মহামাৰীৰ বিৰুদ্ধে যুঁজত ফলপ্ৰসু বৰঙণি আগবঢ়াব পাৰিব বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷

******

VRRK/KP/MS



(Release ID: 1619377) Visitor Counter : 199