তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ভাট্টাৰ কোনো কৰ্তন কৰা নাই পিআইবি-ৰ তথ্যনুসন্ধান গোটে খণ্ডন কৰিলে ভুৱা বাতৰি

Posted On: 27 APR 2020 9:22PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে পাবলগীয়া ভাট্টাসমূহৰ কোনো কৰ্তন কৰা নাই অথবা চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণৰ পৰিকল্পনাও কৰা নাই। আজি এই তথ্য স্পষ্ট কৰিছে পিআইবি’-ৰ তথ্যনুসন্ধান গোটে। ক’ৰোনাভাইৰাছ-য়ে সৃষ্টি কৰা সংকটৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে ভাট্টা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি এক ‘টুইট’-বাৰ্তা যোগে পিআইবি’-য়ে ভুৱা বুলি খণ্ডন কৰিছে। ‘টুইট’ বাৰ্তাটোত এনে বাতৰিৰ তথ্য অশুদ্ধ আৰু সম্পূৰ্ণ ৰূপে আধাৰশূণ্য বুলি উল্লেখ কৰা হৈছে।

https://pbs.twimg.com/profile_images/1214504395359916032/9Xk_-_ro_normal.jpg

 

PIB Fact Check

@PIBFactCheck

 

 

 

दावा : हिन्दुस्तान अखबार ने रिपोर्ट किया है कि #Covid_19 के मद्देनज़र केंद्र सरकार के कर्मचारियों को एलटीसी/लीव एनकैशमेंट/ ओटीए/ मेडिकल जैसी सुविधाओं में कटौती का सामना करना पड़ेगा#PIBFactCheck:सरकार द्वारा ऐसा कोई प्रस्ताव नहीं है। मीडिया रिपोर्ट गलत और निराधार है। (1/2)

 

793

4:10 PM - Apr 27, 2020

Twitter Ads info and privacy

 

419 people are talking about this

 

আন এক বাৰ্তাত, আইচএমআৰ-য়ে কভিড-১৯ৰ পৰীক্ষণত ব্যৱহৃত টেষ্টিং-কিটসমূহ বৰ্ধিত মূল্যত ক্ৰয় কৰিছে বুলি ফেচবুকত বহুল ভাবে প্ৰচাৰিত ভুৱা বাতৰিকো পিআইবিৰ তৰফৰ খণ্ডন কৰা হৈছে। এই সন্দৰ্ভত আইচিএমআৰ-ৰ তৰফৰ পৰা দিয়া স্পষ্টীকৰণৰ তথ্য উল্লেখ কৰি কোৱা হৈছে যে টেষ্টিং কিটৰ মূল্য নিৰ্দ্ধাৰিত সীমাৰ ভিতৰত ৰখা হৈছে আৰু কম মূল্যত কিট যোগান ধৰিব পৰা যিকোনো প্ৰতিষ্ঠানৰ বাবেও ই মুকলি আছে।

PIB Fact Check

@PIBFactCheck

दावा: फेसबुक पोस्ट का दावा है #Coronavirus परीक्षण किट आईसीएमआर द्वारा बढ़े हुए मूल्य पर खरीदे गए#PIBFactcheck: परीक्षण किट के लिए (RT-PCR) 740-1150 रू और रैपिड टेस्ट किट (528-795 रू) का मूल्य निर्धारित किया है।
आईसीएमआर ने इससे सस्ती किट वाली किसी भी कंपनी को आमंत्रित किया है।

 

পটভূমি :

চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা বাৰ্তা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা এক সমীক্ষাৰ আঁত ধৰি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো-ৱে ‘PIBFactCheck’ শীৰ্ষক এটি তথ্যানুসন্ধান গোট গঠন কৰিছে। এই গোটটোৱে চিয়েল মিডিয়াত প্ৰচাৰিত উৰা-বাতৰিসমূহ ফঁহিয়াই চাই ইয়াৰ সত্যা-সত্য নিৰূপণ কৰি প্ৰকৃত তথ্য ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰি আহিছে।

যি কোনো ব্যক্তিয়েই চিয়েল মিডিয়া-ত প্ৰচাৰিত যি কোনো বাৰ্তা, সেয়া লাগিলে ছপা, শ্ৰব্য অথবা দৃশ্য-শ্ৰব্য ৰূপতে নাথাকক কিয় পিআইবিফেক্টচেক-ত দাখিল কৰিব পাৰিব। এনে বাৰ্তা https://factcheck.pib.gov.inৰ্টেলত অথবা হোৱাটছ এপ নং+918799711259-ত কিম্বা ই-মেইল: pibfactcheck[at]gmail[dot]com লৈ প্ৰেৰণ কৰিব পাৰিব। এই সংক্ৰান্তীয় সবিশেষ তথ্য পিআইবি-ৰ ৱেব ছাইট https://pib.gov.in ত উপলব্ধ হব।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0011GG8.jpg

***

SS/KB



(Release ID: 1619135) Visitor Counter : 126