অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

৪০৩ খন লাইফলাইন উড়ানৰ বিমানে সমগ্ৰ দেশত অত্যাৱশ্যকীয় তথা চিকিৎসা সামগ্ৰীৰ যোগান সুনিশ্চিত কৰিছে

Posted On: 28 APR 2020 4:03PM by PIB Guwahati

ঘৰুৱা বিমান সেৱা খণ্ডৰ এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আই এ এফ আৰু ব্যক্তিগত খণ্ডৰদ্বাৰা পৰিচালিত অসামৰিক বিমান মন্ত্ৰালয়ৰ আধীনৰ ৪০৩ খন লাইফলাইন উড়ানৰ বিমানে সমগ্ৰ দেশৰ দুৰ্গম অঞ্চলসমূহতো অত্যাৱশ্যকীয় চিকিসা সামগ্ৰীৰ যোগান দি ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত দেশক সম্পূৰ্ণ সহযোগ কৰিছে। ইয়াৰে ২৩৫ খন বিমান এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰৰদ্বাৰা পৰিচালিত। লাইফলাইন উড়ানৰ বিমানেৰে ২৭ এপ্ৰিল ২০২০ তাৰিখলৈকে সমগ্ৰ দেশত পঠিওৱা অত্যাৱশ্যকীয় তথা চিকিসা সামগ্ৰীৰ ওজন প্ৰায় ৭৪৮.৬৮ টন আৰু আকাশীপথেৰে অতিক্ৰম কৰা দূৰত্ব ৩,৯৭,৬৩২ কিলোমিটাৰতকৈও অধিক।    

ব্লুডাৰ্ট, ইণ্ডিগো, স্পাইচজেট, ভিস্তাৰা আদি কাৰ্গো অপাৰেটৰে বাণিজ্যিক ভিত্তিত সেৱা আগবঢ়াই আছে। স্পাইচজেটে ২৭ এপ্ৰিল পৰ্যন্ত ১১,০৯,০২৮ কিলোমিটাৰ দূৰত্ব সামৰি ৬৩৩ খন বিমান চলাচল কৰাইছে আৰু ৪৬৩৭ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে, তাৰে ২২৮ খন আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। ব্লুডাৰ্টে ২৭ এপ্ৰিল পৰ্যন্ত ২,৩৮,৯২৮ কিলোমিটাৰ দূৰত্ব সামৰি ২১৯ খন বিমান চলাচল কৰাইছে আৰু ৩৬৩৬ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে। তাৰে ১০ খন আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান।  ইণ্ডিগোই ২৭ এপ্ৰিল পৰ্যন্ত ৭৭,৯৯৬ কিলোমিটাৰ দূৰত্ব সামৰি ৫০ খন বিমান চলাচল কৰাইছে আৰু ১৮৫ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে। তাৰে ১৭ খন আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। ইয়াৰ ভিতৰত চৰকাৰৰ বাবে বিনামূলীয়াকৈ চিকিসা সামগ্ৰী কঢ়িওৱাৰ হিচাপো অন্তৰ্ভুক্ত হৈ আছে। ভিস্তাৰাই ২৭ এপ্ৰিল পৰ্যন্ত ২০,৪৬৬ কিলোমিটাৰ দূৰত্ব সামৰি ১৪ খন বিমান চলাচল কৰাইছে আৰু ১১৩ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে।

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰঅতি প্ৰয়োজনীয় ঔষধ আৰু চিকিসা সামগ্ৰী তথা ক’ভিড-১৯ ৰ বাবে দুৰ্দশাত পতিত হোৱাসকলৰ বাবে সাহাৰ্য কঢ়িয়াই নিবৰ বাবে এখন আকাশী দলং গঢ়ি তোলা হৈছে। এয়াৰ ইণ্ডিয়াই ৬০৯ টন সামগ্ৰী কঢ়িয়াই আনিছে। তদুপৰি ব্লুডাৰ্টে ১৪ ৰ পৰা ২৭ এপ্ৰিল পৰ্যন্ত ১০৯ টন চিকিসা সামগ্ৰী গুৱাংঝোৰপৰা কঢ়িয়াই আনিছে। ব্লুডাৰ্টে ২৫ এপ্ৰিল ২০২০ ত ৫ টন চিকিসা সামগ্ৰী সাংহাইৰপৰা কঢ়িয়াই আনিছে। স্পাইচজেটে ২৭ এপ্ৰিল ২০২০ পৰ্যন্ত ১৪০ টন চিকিসা সামগ্ৰী সাংহাইৰপৰা আৰু ২৫ এপ্ৰিল ২০২০ পৰ্যন্ত ১৩ টন চিকিসা সামগ্ৰী হংকং আৰু ছিংগাপুৰৰপৰা কঢ়িয়াই আনিছে।

****

RJ/NG/PRK



(Release ID: 1619132) Visitor Counter : 171