স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 28 APR 2020 6:32PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷

কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে আজি ভিডিঅ’ কনফাৰেন্সৰ যোগেদি জৈৱ প্ৰযুক্তি বিভাগ আৰু তেওঁলোকৰ ১৮টা স্বতন্ত্ৰ নিগম আৰু পিএছইউৰ সঞ্চালক/মুৰব্বীসকলৰ দ্বাৰা সঞ্চালিত গৱেষণা কাৰ্যৰ খতিয়ান লয়৷ তেওঁ ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এণ্টিব’ডী চিনাক্তকৰণ কিট, বাস্তৱিক সময়ৰ পিচিআৰ আধাৰিত চিনাক্তকৰণ কিট আৰু প্ৰতিষেধকৰ বিকাশৰ বাবে নিৰ্দেশ দিয়ে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে লঘূ লক্ষণযুক্ত ৰোগীসমূহৰ বাবে ঘৰতে আচুতীয়াকৈ থকাৰ বাবে নিৰ্দেশাৱলী মুকলি কৰে৷এই নিৰ্দেশাৱলী

https://www.mohfw.gov.in/pdf/GuidelinesforHomeIsolationofverymildpresymptomaticCOVID19cases.pdf ত উপলব্ধ৷

ক’ভিড-১৯ৰ বাবে প্লাজমা থেৰাপীৰ বিষয়ে আইচিএমআৰে ইতিমধ্যেই স্পষ্ট কৰি দিছে যে বৰ্তমান পৰ্যন্ত ক’ভিড-১৯ৰ বাবে প্লাজমা থেৰাপীসহিতে কোনো অনুমোদিত চিকিৎসাৰ ব্যৱস্থা নাই৷ এই সন্দৰ্ভত আইচিএমআৰে পূৰ্বতেই বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে৷

আজি পৰ্যন্ত বিগত ২৮ দিনৰ পৰা ১৭ খন জিলাত কোনো নতুন পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷ এই তালিকাৰ পৰা বিহাৰৰ লক্ষীচৰাই জিলাক আঁতৰোৱা হৈছে৷

এই পৰ্যন্ত ২৩.৩ শতাংশ আৰোগ্য হাৰৰ সৈতে ৬,৮৬৮ জন লোক আৰোগ্য হৈছে৷ এই পৰ্যন্ত দেশত ক’ভিড-১৯ৰ ধনাত্মক পৰিঘটনাৰ সংখ্যা হৈছে ২৯,৪৩৫টা৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1619126) Visitor Counter : 213