ৰেল মন্ত্ৰালয়

প্ৰতিদিনে ক’ভিড সম্পৰ্কীয় ১৩,০০০ প্ৰশ্ন, অনুৰোধ আৰু পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাইছে ৰে’লৱেৰ জৰুৰীকালীন কোষে

ৰাইজৰ পৰা লাভ কৰা অতিৰিক্ত পৰামৰ্শ ভিতৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ সামগ্ৰী সৰবৰাহ সম্পৰ্কীয়

পৰামৰ্শ গ্ৰহণ আৰু অভিযোগ নিষ্পত্তিৰ প্ৰতি দেখুওৱা সঁহাৰিৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰে’লৱে

ক’ভিড-১৯ৰ বাবে ঘোষণা কৰা লকডাইনৰ সময়ত যাত্ৰীৰ স্বাৰ্থ সুৰক্ষা আৰু সকলো বাণিজ্যিক উপভোক্তাৰ তত্বাৱধান লোৱাৰ লগতে দেশৰ যোগান শৃংখলা সুনিশ্চিত কৰাৰ বাবে ৩৬০ ডিগ্ৰী পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱেই

দেশৰ যাত্ৰীসকলৰ সমস্যা হ্ৰাস কৰা, সামগ্ৰী, পাৰ্চেল আৰু ঔষধৰ যোগান সময়মতে প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ ৰে’লৱেৰ; দেশজুৰি প্ৰশংসা বিভিন্নজনৰ

Posted On: 27 APR 2020 2:30PM by PIB Guwahati

ভিড-১৯ প্ৰতিৰোধৰ লক্ষ্যৰে ঘোষণা কৰা লকডাইনৰ সময়ত ভাৰতীয় ৰেলৱেই যাত্ৰীৰ স্বাৰ্থ সুৰক্ষা আৰু সকলো বাণিজ্যিক উপভোক্তাৰ তত্বাৱধান লোৱাৰ লগতে দেশৰ যোগান শৃংখলা সুনিশ্চিত কৰাৰ বাবে ৩৬০ ডিগ্ৰী পদক্ষেপ গ্ৰহণ কৰিছে৷ ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰতীয় ৰেলৱেই লকডাউনৰ সময়ত যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰে যদিও গ্ৰাহক আৰু সাধাৰণ লোকৰ প্ৰতি সেৱা আগবঢ়াই আহিছে৷ সেই উপলক্ষে ভিডৰ সময়ত জনসাধাৰণৰ কথা শুনাৰ লগতে ইয়াৰ প্ৰতি সঁহাৰি জনাবলৈ এক ৰেলৱে জৰুৰীকালীন কোষ গঠন কৰে৷  

ভিডৰ বাবে গঠিত ৰেলৱেৰ জৰুৰীকালীন কোষ হৈছে ৰেলৱেৰ বোৰ্ড ডিভিজনৰ প্ৰায় ৪০০ বিষয়া-কৰ্মচাৰীৰে গঠিত এক দেশজোৰা গোট৷ লকডাউনৰ সময়ত প্ৰতিদিনে এই কোষে ৫টা যোগাযোগ আৰু ফিডেবেক প্লেটফৰ্ম- হেল্পলাইন ১৩৯ আৰু ১৩৮, টুইটাৰ, -মেইল(railmadad@rb.railnet.gov.in), আৰু চিপিজিআৰএএমএছৰ জৰিয়তে দৈনিক ভিড সম্পৰ্কীয় ১৩,০০০ প্ৰশ্ন, অনুৰোধ আৰু পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই আহিছে৷ ইয়াৰে প্ৰায় ৯০% প্ৰশ্নৰ উত্তৰ স্থানীয় ভাষাত দিয়া হৈছে৷ ২৪ ঘণ্টাই ৰেলৱেৰ গ্ৰাহক আৰু সাধাৰণ ৰাইজ, সকলোৰে অভিযোগ অতি সুন্দৰভাৱে নিষ্পত্তি কৰা এই জৰুৰীকালীন কোষে ইতিমধ্যে দেশজুৰি বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

 

লকডাউনৰ প্ৰথম চাৰি সপ্তাহত আইভিআৰএছ সুবিধাৰ উপৰি ৰেলমদদ হেল্পলাইন ১৩৯ৰ জৰিয়তে ,৩০,০০০, আৰু ১৩৮ৰ জৰিয়তে ,১০,০০০তকৈ অধিক প্ৰশ্নৰ উত্তৰ দিয়া হৈছে৷  ইফালে, ১৩৮ আৰু ১৩৯ যোগে সোধা প্ৰশ্নৰ ভিতৰত অধিকাংশ ৰে পুনৰ আৰম্ভ কৰা আৰু ৰেহাই সুবিধা প্ৰদান সম্পৰ্কীয়৷ চিয়েল মিডিয়াতো ৰে বিভাগৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে অসংখ্য শুভাকাংক্ষীয়ে৷

 

ইফালে, লকডাউনৰ সময়ত যাতে কোনো খাদ্য সামগ্ৰী, চিকিসা সঁজুলি আৰু অন্যান্য পাৰ্চেলৰ যোগান সুনিশ্চিত হয়, তাৰ বাবে ৰেলবিভাগে পৰোনাস্তি কৰিছে৷ তদুপৰি, জীৱনদায়িনী ঔষধৰ যোগান ধৰিও বহু লোকৰ প্ৰশংসাৰ পাত্ৰ হৈছে ভাৰতীয় ৰেলৱে৷ উদাহৰণস্বৰূপে, ৱেষ্টাৰ্ণ ৰেলৱেই এটি শিশুৰ যকৃ সংৰোপণৰ পাছত প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় সামগ্ৰী আহমেদাবাদৰ পৰা ৰাটলামলৈ পৰিবহণ কৰে৷ ইয়াৰ পাছতে শিশুগৰাকীয়ে হাতেৰে লিখি টুইটাৰযোগে পোষ্ট কৰি ভাৰতীয় ৰেলৱেক প্ৰশংসা কৰে৷ একেদৰে, উত্তৰ পশ্চিম ৰেলৱেই টিজিমত আক্ৰান্ত মুম্বাইৰ এগৰাকী বছৰীয়া শিশুৰ বাবে যোধপুৰৰ পৰা ২০লিটাৰ উটৰ গাখীৰ সৰবৰাহ কৰি সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা বিষয়টো চিয়েল মিডিয়া আলোচনা কৰাৰ লগতে বিভিন্ন ভাৰতীয় ৰেলৱেৰ প্ৰসংশা কৰিছে৷

****

DJN/MKV/DB



(Release ID: 1618719) Visitor Counter : 194