অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউনৰ সময়ত লাইফলাইন উড়ানৰ অধীনত সমগ্ৰ দেশত ৬৮৪টনতকৈ অধিক অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী সৰবৰাহ কৰা হৈছে

Posted On: 26 APR 2020 7:32PM by PIB Guwahati

ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়েলাইফলাইন উড়ান অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷ লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৩৮৩খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰে ভিতৰত ২২৩খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ বৰ্তমানলৈকে বিমানযোগে ৬৮৪.০৮টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ,৭৬,৯৫২ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷

 

২৫ এপ্ৰিল, ২০২০লৈকে পৱন হংস হেলিকপ্তাৰে ,৮৮৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি .৯৯ টন সামগ্ৰী পৰিবহণ কৰিছে৷ পৱন হংসে জম্মু আৰু কাশ্মীৰ, লাডাখ, দ্বীপপুঞ্জ আৰু উত্তৰ-পূৰ্বাঞ্চলত চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷ এই ক্ষেত্ৰত উত্তৰ-পূ্ৰ্বাঞ্চল, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহক অধিক গুৰুত্ব প্ৰদান কৰি হৈছে৷

 

এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল, দ্বীপপুঞ্জ আৰু পাহাৰীয়া ৰাজ্যসমূহক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই এই অঞ্চলসমূহক বিশেষ প্ৰাধান্য দিছে৷

 

ঘুৰুৱা কাৰ্গঅপাৰেটৰ স্পাইচজেট, ব্লু ডাৰ্ট, আৰু ইণ্ডিগ বাণিজ্যিক ভিত্তিত কাৰ্গবিমান চলাচল কৰিছে৷ ২৪ মাৰ্চৰ পৰা ২৫ এপ্ৰিললৈ স্পাইচজেটে ৫৭৯খন কাৰ্গবিমান চলাচল কৰি ইতিমধ্যে ১০,১২,৫৮৬ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ,২৪৬ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইয়াৰে ভিতৰত ২০৮ আন্তঃৰাষ্ট্ৰীয় কাৰ্গবিমানো আছে৷ একেদৰে, ব্লু ডাৰ্টে ২৫ মাৰ্চৰ পৰা ২৫ এপ্ৰিললৈ দেশৰ ভিতৰতে ২০৭ বিমান চলাচল কৰি ,১৯,৯৭৮ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি মুঠ ,৩৯৯ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইফালে, ইণ্ডিগ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ ১৫বাৰ বিদেশলৈ যোৱাকে ধৰি মুঠ ৪৮খন কাৰ্গ বিমান চলাচল কৰি ৭২,২২২ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ১৬৭টন সামগ্ৰী সৰবৰাহ কৰিছে৷ এইবোৰৰ ভিতৰত চৰকাৰৰ বাবে চিকিসা সামগ্ৰী বিনামুলীয়াকৈ পৰিবহণ কৰিছে বিমান কোম্পানীসমূহে৷ ভিষ্টাৰাই ১৯ৰ পৰা ২৫ এপ্ৰিললৈ ১২খন কাৰ্গ বিমান চলাচল কৰি ১৬,৯৫২ কিলোমিটাৰ অতিক্ৰমেৰে ৮২টন সামগ্ৰী সৰবৰাহ কৰিছে৷

পূব এছিয়ালৈ ঔষধ-পাতি, চিকিসা সামগ্ৰী আৰু ভিড-১৯ সাহায্য সামগ্ৰী পৰিবহণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক কাৰ্গএয়াৰ-ব্ৰিজ স্থাপন কৰা হৈছে৷ ২৫ এপ্ৰিললৈকে এয়াৰ ইণ্ডিয়াই ৫৫৪টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

তদুপৰি, ব্লু ডাৰ্টে ১৪ৰ পৰা ২৫ এপ্ৰিললৈকে গুৱাংঝুৰ পৰা ৯০টন, ছাংহাইৰ পৰা ৫টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷ ইফালে, স্পাইচজেটে ২৫ এপ্ৰিললৈকে ছাংহাইৰ পৰা ১২৪টন আৰু হং কং আৰু ছিংগাপুৰৰ পৰা ১৩ টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

*****

RJ/NG/DB



(Release ID: 1618700) Visitor Counter : 193