পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে দেশত খাদ্য সামগ্ৰী কঢ়িওৱা ট্ৰাক/ল’ৰীৰ চালকৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া কিছুমান নীতি-নিয়মৰ এটা এনিমেচন ভিডিঅ’ মুকলি কৰে

লকডাউনৰ সময়ছোৱাত জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক/ল’ৰীৰ চালকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ আহ্বান

Posted On: 25 APR 2020 5:35PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে আজি এটা এনিমেটেড ভিডিঅমুকলি কৰে৷ দেশজুৰি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই থকা ট্ৰাক/ৰীৰ চালকসকলৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া নীতি-নিয়মৰ বিস্তৃত বিৱৰণেৰে ভিডিঅটো প্ৰস্তুত কৰা হৈছে৷ লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধ কঢ়িয়াই আমাৰ জীৱন-যাপন সৰল কৰি তুলিবলৈ পৰিশ্ৰম কৰি থকা ট্ৰাক/ৰীৰ চালকসকলক সন্মান প্ৰদৰ্শন আৰু সহযোগিতা আগবঢ়াবলৈ ভিডিঅটোত আহ্বান জনোৱা হৈছে৷ আকৰ্ষণীয় গ্ৰাফিক এনিমেচনৰ ৰূপত চৰকাৰে জাৰি কৰা কৰিবলগীয়া আৰু নকৰিবলগীয়া নীতি-নিয়মসমূহ নিম্নোক্ত ধৰণৰ

: ভেল কৰোনা ভাইৰাছ ৰোগ(ভি-১৯)ৰ পৰা সুৰক্ষিত হৈ থকা৷

: লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ যোগান শৃংখল অব্যাহত ৰখা ট্ৰাক/ৰীৰ ড্ৰাইভাৰসকলক সন্মান প্ৰদৰ্শন আৰু সহযোগিতা আগবঢ়াওক৷

: নিজক আৰু আনক সুৰক্ষিত কৰি ৰাখক আৰু নিজৰ ব্যক্তিগত সুৰক্ষাৰ বাবে নীতি-নিয়মসমূহ পালন কৰক৷

কৰিবলগীয়া:

ব্যক্তিগত স্বচ্ছতা বৰ্তাই ৰাখক৷

যেতিয়াই সম্ভৱ হয় ২০ ছেকেণ্ডৰ বাবে চাবোন আৰু পানীৰে হাত দুখন ধোৱক৷

বাহন চলাই থাকোতে অথবা বাহিৰলৈ ওলাই আহিলে মাস্ক পৰিধান কৰক৷

মাস্কখন ব্যৱহাৰৰ পিছত ইয়াক চাবোন-পানীৰে ধোৱক আৰু শুকাওক৷

সদায় আপোনাৰ বাহনত এটা ছেনিটাইজাৰ ৰাখক৷

বাহন চলাই থাকোতে অথবা বাহিৰলৈ ওলাই আহোতে ৭০% এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰক৷

নিয়ম অনুসৰি এজন সহায়কাৰী আৰু এজন চালকৰ বাহিৰে অতিৰিক্ত যাত্ৰীৰ সৈতে যাত্ৰা নকৰিব৷

সামাজিক দূৰত্ব বৰ্তাই ৰাখক৷

চেক পষ্ট/ডিং-আনলডিং পইণ্ট/ৰেষ্টুৰেণ্ট আদিত মানুহৰ ওচৰ সম্পৰ্কৰ পৰা বিৰত থাকক৷

দৈনিক নিজৰ বাহনখন ছেনিটাইজ কৰক৷

নকৰিবলগীয়াঃ

ফটা, পুৰণি অথবা আনে ব্যৱহাৰ কৰা মাস্ক ব্যৱহাৰ নকৰিব৷

নিজৰ বাহনত এজনতকৈ অধিক সহায়কৰ সৈতে যাত্ৰা নকৰিব৷

জনসমাগমৰ সৃষ্টি নকৰিব৷

ব্যক্তিগত স্বচ্ছতাক আওকাণ নকৰিব৷

আহক আমি সকলোৱে ইজনে-সিজনৰ যতন লও আৰু কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰো৷ ভিডিঅপ্ৰত্যক্ষ কৰিবলৈ ইয়াত ক্লিক কৰক৷ Click here to watch vedio

***

RCJ/MS/MS



(Release ID: 1618384) Visitor Counter : 169