শক্তি মন্ত্ৰালয়

‘লকডাউন’ স্বত্বেও ‘এনটিপিচি’-য়ে নিৰবিচ্ছিন্ন ভাবে যোগান ধৰিছে বিদ্যুতৰ

সকলো প্ৰকল্পতে পালন কৰা হৈছে ‘লকডাউন’ বিধি-নিৰ্দেশনা আৰু ‘সামাজিক ব্যৱধানবিধি’

১৩এপ্ৰিল, ২০২০ত ‘-বিন্ধ্যাচল’-য়ে সাব্যস্ত কৰিলে ১০০% ‘পিএলএফ’

Posted On: 25 APR 2020 3:31PM by PIB Guwahati

ৰাষ্ট্ৰক নিৰবিচ্ছিন্ন বিদ্যুত শক্তিৰ যোগান ধৰাৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহত্ শক্তি উত্পাদক তথা শক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এনটিপিচি-ৰ মনোবল বিঘ্নিত কৰাত বিফল হৈছে কৰোনা মহামাৰী। মহাৰত্ন শ্ৰেণীভুক্ত দেশৰ এই প্ৰতিষ্ঠানটোৰ সকলোবোৰ শক্তিকেন্দ্ৰই এইখিনি সময়ত কেন্দ্ৰীয় শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী(তত্বাৱধায়ক) শ্ৰী আৰ কে সিঙৰ পৰামৰ্শ আৰু বিশেষ সহযোগিতাত নিজৰ সামৰ্থ্যৰ সৰ্বাধিক পৰিমাণৰ শক্তি উত্পাদন কৰিবলৈ সক্ষম হৈছে।

ভিড-১৯ৰ সংকটে শক্তিৰ সদ্ব্যৱহাৰৰ গুৰুত্বক পুনৰবাৰ প্ৰতীয়মান কৰাৰ লগতে অৰ্থনীতিৰ প্ৰায়বোৰ খণ্ডৰ গতিশীলতা অব্যহত ৰখাৰ বাবেও শক্তিৰ পৰ্যাপ্ততাৰ গুৰুত্বক পুনৰবাৰ প্ৰতিস্থা কৰিলে। এইখিনি সময়ত বিদ্যুতৰ উত্পাদন নিৰবিচ্ছিন্নভাবে অব্যহত ৰাখিব পৰাকৈ এনটিপিচি-য়ে কয়লাৰ যোগানব্যৱস্থাটো পাৰদৰ্শিতাৰে পৰিচালনা কৰিছে।

শক্তি উত্পাদনৰ সামৰ্থ্যৰ হিচাপত দেশৰ সৰ্বাধিক উত্পাদনক্ষম শক্তি কেন্দ্ৰ এনটিপিচি-বিন্ধ্যাচল-য়ে যোৱা ১৩ এপ্ৰিল, ২০২০ত ১০০% পিএলএফ অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰাৰ উপৰি এইখিনি সময়তে ভাৰতৰ প্ৰথমটো আল্ট্ৰা ছুপাৰক্ৰিটিকেল শক্তি কেন্দ্ৰ এনটিপিচি-খাৰগনৰ দ্বিতীয়টো ৬৬০মেগাৱাট উত্পাদনক্ষম গোটৰ বাণিজ্যিকীকৰণৰ জৰিয়তেও এনটিপিচি-য়ে লকডাউনৰ মাজতো উত্কৰ্ষতাৰ প্ৰতি থকা দায়বদ্ধতাকে প্ৰতিপন্ন কৰিলে।

এনটিপিচি-ৰ শক্তি উত্পাদনৰ সামৰ্থ্য হল ৬২১১০মেগাৱাট। দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ ৭০টা শক্তি উত্পাদন কেন্দ্ৰ আছে। ইয়াৰে ২৪টা কয়লা ভিত্তিক, ৭টা গেছ আৰু তৰল ইন্ধন ভিত্তিক, এটা জল, ১৩টা নবীকৰণসম্ভৱ আৰু ২৫টা জেভি ভিত্তিক শক্তি উত্পাদন প্ৰকল্পৰ।

****

 

RCJ/M/KB



(Release ID: 1618269) Visitor Counter : 191