স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাঃ ক’ভিড-১৯ মহামাৰীৰ সময়ত যাতে যক্ষ্মাৰোগীসকলৰ চিকিৎসা ব্যাহত নহয় সেইকথা সুনিশ্চিত কৰক
प्रविष्टि तिथि:
24 APR 2020 5:13PM by PIB Guwahati
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ স্বাস্থ্য আৰু পৰিয়াল কলা্যণ মন্ত্ৰালয়ে পত্ৰযোগে নিৰ্দেশনা জাৰি কিৰছে যে ক’ভিড-১৯ মহামাৰীৰ সময়তো ৰাষ্ট্ৰীয় যক্ষ্মাৰোগ নিৰ্মূল আঁচনি (এন টি ই পি) ৰ অধীনত যাতে যক্ষ্মাৰোগীসকলৰ চিনাক্তকৰণ আৰু চিকিৎসা ব্যাহত নহয় সেইকথা সুনিশ্চিত কৰিব লাগে।
নতুনকৈ চিনাক্তকৰা আৰু ইতিমধ্যে চিকিৎসা চলি থকা ব্যক্তিগত বা ৰাজহুৱা খণ্ডৰ সকলো যক্ষ্মাৰোগীৰ বাবে একেলগে এমাহৰ বাবে ঔষধ দিয়াৰ বাবেও নিৰ্দেশনা দিছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৰোগীৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰত এই ঔষধসমূহ পৰিচয়পত্ৰ অনুযায়ী বা কোনো পৰিচয়পত্ৰ অবিহনেও দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত যক্ষ্মাৰোগীৰ চিনাক্তকৰণ আৰু চিকিৎসা অব্যাহত আছে। যক্ষ্মাৰোগীসকলক ক’ভিড-১৯ মহামাৰীৰ বাবে ল’বলগা সাৱধানতা অৱলম্বন কৰি তেওঁলোকৰ চিকিৎসা নিয়মীয়াকৈ কৰাই থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। তদুপৰি যক্ষ্মাৰোগীসকলৰ বাবে বিনামূলীয়া হেল্পলাইন নম্বৰ (১৮০০-১১-৬৬৬৬) উপলব্ধ কৰা হৈছে।
উপৰোক্ত নিৰ্দেশনা তথা পৰামৰ্শসমূহ www.tbcindia.gov.in ৱেবছাইটত উপলব্ধ কৰা হৈছে।
*****
MV/SG/PRK
(रिलीज़ आईडी: 1618187)
आगंतुक पटल : 297
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam