প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে সশস্ত্ৰ বাহিনীৰ সষ্টমতা আৰু ক’ভিড-১৯ক লৈ তৎপৰতা সন্দৰ্ভত পৰ্যালোচনা কৰে

Posted On: 24 APR 2020 3:55PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি এক ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে দেশৰ আটাইকেইগৰাকী কমাণ্ডাৰৰ সৈতে সশস্ত্ৰ বাহিনীৰ বৰ্তমানৰ সষ্টমতা আৰু কভিড-১৯ক লৈ তৎপৰতা সন্দৰ্ভত পৰ্যালোচনা কৰে৷

প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত উপস্থিত থাকে চীফ অৱ ডিফেন্স ষ্টাফ আৰু সামৰিক পৰিক্ৰমা বিভাগৰ সচিব জেনেৰেস বিপিন ৰাৱট, স্থলসেনাৰ মূৰব্বী জেনেৰেল এম.এম নাৰাভানে, নৌ সেনাৰ মূৰব্বী কৰমবীৰ সিং, বায়ু সেনাৰ মূৰব্বী আৰ.কে.এছ ভাদুৰিয়া, প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰ আৰু সচিব(প্ৰতিৰক্ষা বিত্ত) শ্ৰীমতী গাৰ্গি কৌল৷

শ্ৰী ৰাজনাথ সিঙে আশা কৰে যে সশস্ত্ৰ বাহিনীসমূহে কভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ সময়তো যেন আকস্মিক পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ নিজৰ নিজৰ কাৰ্যক্ষমতা সষ্টম কৰি ৰাখে, যাতে শত্ৰুৱে সাম্প্ৰতিক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰে৷

তেওঁ লগতে কভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক বোজাৰ প্ৰতি লক্ষ্য ৰাখি সশস্ত্ৰ বাহিনীসূহক বিত্তীয় সম্পদসমূহৰ সঠিক ব্যৱহাৰ আৰু অপব্যয় ৰোধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে৷

সশস্ত্ৰ বাহিনীসমূহৰ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কমাণ্ডাৰ ইন চীফসকলক কয় যে তেওঁলোকে লকডাউন প্ৰত্যাহাৰৰ পাছত অৰ্থনীতিৰ পুনৰ উদ্ধাৰত সহায় হোৱা ক্ষেত্ৰসমূহ চিনাক্ত কৰা আৰু ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত৷

বৈঠকত কমাণ্ডাৰ ইন চীফসকলে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিবলৈ প্ৰতিৰক্ষা মন্ত্ৰীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক ভূয়সী প্ৰশংসা কৰে৷

মাণ্ডাৰ ইন চীফসকলে শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰদ্বাৰা প্ৰদান কৰা জৰুৰী বিত্তীয় পুঁজি হস্তান্তৰৰ শলাগ লয়৷ ইয়ে অত্যাৱশ্যকীয় চিকিৎসা সা-সজুলিৰ নিয়মীয়া যোগান নিশ্চিত কৰিব আৰু চিকিৎসালয়সমূহৰ স্বাস্থ্য আন্তঃগাথনি উন্নত কৰিব৷

মাণ্ডাৰসকলে প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰায় যে বাহিনীৰ লগতে স্থানীয় নাগৰিক প্ৰশাসনৰ বাবে আইছলেচন আৰু কোৱাৰিণ্টেইন সুবিধা স্থাপন কৰা হৈছে৷ নাগৰিক প্ৰশাসনে অনুৰোধ জনালে তেওঁলোকে স্থানীয়ভাৱে জৰুৰী সেৱা আগবঢ়াবলৈ সাজু আছে বুলিও কমাণ্ডাৰসকলে জানিবলৈ দিয়ে৷

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/MS



(Release ID: 1618100) Visitor Counter : 145