যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ সংকটৰ সময়ত জনসাধাৰণৰ সেৱাৰ বাবে ডাক বিভাগক ইয়াৰ অবিৰত প্রয়াস অব্যাহত ৰখাৰ আহ্বান মন্ত্ৰী সঞ্জয় ধোত্রেৰ

প্ৰায় ৩০০ কোটি টকা মূল্যৰ ১৫ লাখৰো অধিক AePS লেনদেন সম্পন্ন কৰা হৈছে লকডাউনৰ সময়ছোৱাত

Posted On: 24 APR 2020 12:19PM by PIB Guwahati

লকডাউনৰ সময়ছোৱাত কেন্দ্রীয় যোগাযোগ (ৰাজ্যিক) মন্ত্রী শ্রী সঞ্জয় ধোত্রেই ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ডাক বিভাগে গ্ৰহণ কৰা বিভিন্ন কাৰ্যাৱলীৰ পর্যালোচনা কৰে। ডাক বিভাগৰ বিভিন্ন কাৰ্যাৱলী ৰ প্রশংসা কৰি শ্রী ধোত্রেই সামাজিক দূৰত্ব বজাই ৰাখি দেশৰ সেৱাত আৰু অধিক ঐকান্তিকতাৰে ব্রতী হোৱাৰ আহ্বান জনায়। শ্রী ধোত্রেই কয়, বিভিন্ন চৰকাৰী বিভাগে ডাক বিভাগৰ সেৱাসমূহ গ্ৰহণ কৰিব পাৰে। তাৰ বাবে বিভাগবোৰৰ মাজত আৰু সমন্বয় বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে। আধাৰ উপযোগী পেইমেন্ট ব্যৱস্থাৰ কথা উল্লেখ কৰি মন্ত্রী ধোত্ৰেই কয়, ডাক বিভাগক আর্থিক সেৱা প্ৰদান কৰাৰ ক্ষেত্রত এই ধৰণৰ পদ্ধতিক গ্রাহকসকলৰ মাজত আৰু অধিক জনপ্ৰিয় কৰি তুলিব পাৰিব লাগিব। তাৰ বাবে ডাক ডিভিচনবোৰে গ্রাহকৰ ঘৰলৈ গৈ আর্থিক সুবিধা প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসন আৰু ৰাজ্য প্রশাসনৰ সৈতে সুসমন্বয় বৃদ্ধি কৰিব লাগিব।


শ্রী ধোত্রেই লগতে কয়, ক’ভিড সংক্রমিত এলাকাবোৰক বাদ দি দেশৰ বাকী অংশত অধিকাংশ ডাকঘৰ সক্ৰিয় হৈয়েই আছে। ক’ভিড-১৯ সংক্রান্তীয় অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ লগতে কয় যে লকডাউন চলি থকা সময়ছোৱাত বিগত ২০ এপ্রিললৈ ১ কোটি ৮০ লাখ ডাকঘৰ ছেভিংছ বেংকৰ লেনদেনৰ পৰিমাণ আছিল ২৮ হাজাৰ কোটি টকা। ইয়াৰ উপৰিও ৪ লাখ ৩০ হাজাৰ এটিএম লেনদেনত ১৩৫ কোটি টকা আহৰণ কৰা হৈছে। আধাৰভিত্তিক পেইমেন্ট ব্যৱস্থা, বিশেষকৈ গ্রামাঞ্চলত বয়স্ক ব্যক্তি, দিব্যাঙ্গ লোক আৰু পেন্সনাৰসকলৰ বাবে অত্যন্ত উপযোগী হৈছে। আনকি, ৫২ লাখ লোকলৈ প্রত্যক্ষ সুবিধা হস্তান্তৰ ব্যবস্থাৰে ৪৮০ কোটি টকা হস্তান্তৰ কৰা হৈছে। লকডাউনৰ সময়ত ঔষধ পাতি লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনো লোকেই সমস্যাৰ সমূখীন হ’বলগীয়া নহয়, তাৰ বাবে ডাক বিভাগৰ সকলো কর্মীকে সংবেদনশীল হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। পশ্চিমবঙ্গৰ উপৰি ভালেমান ৰাজ্যতে ডাক ইউনিটবোৰে ইণ্ডিয়ান ড্রাগ মেনুফেকচাৰাৰ্ছ এছোচিয়েশ্যনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে


হাৰিয়ানা চার্কোলৰ তথ্য প্রযুক্তি দলে ডাক মিত্র এপ প্ৰস্তুত কৰি উলিয়াইছে। এই এপ্পটোক হাৰিয়ানা চৰকাৰৰ পোর্টেলৰ সৈতে সংযোজিত কৰাও হৈছে। ইয়াৰ ফলত, জনসাধাৰণে তেওঁলোকৰ সঞ্চিত ধন আহৰণ কৰাৰ ক্ষেত্ৰত বেংকৰ লগতে ডাকঘৰৰ সুবিধাও গ্ৰহণ কৰিব পাৰিব। শ্রী ধোত্রেই বিভিন্ন চার্কোল আৰু ডাক বিভাগৰ ৰাজ্য ডাক ইউনিটবোৰত ডাক বিভাগৰ হেল্পলাইন নম্বৰবোৰ আৰু অধিক প্ৰচাৰৰ নিৰ্দেশ দিয়ে, যাতে সৰ্বসাধাৰণ লোকে বিভিন্ন ডাক সেৱা সহজেই গ্রহণ কৰি পাৰে।

 

 

****

RJ/NG/RD



(Release ID: 1618068) Visitor Counter : 146