আয়ুষ
আয়ুষ চিকিৎসা ব্যৱস্থাৰে কভিড-১৯ৰ সমাধানৰ উপায়ৰ সন্ধানত
प्रविष्टि तिथि:
24 APR 2020 12:10PM by PIB Guwahati
আয়ুষ মন্ত্ৰালয়ে ক’ভিড১-৯ৰ পৰা হাত সৰা বা প্ৰতিৰোধ কৰা আৰু চিকিৎসা ব্যৱস্থাত আয়ুষ উপায় তথা ঔষধৰ প্ৰভাৱৰ মূল্যায়ন কৰাৰ বাবে হস্ৰকালীন গৱেষণা প্ৰকল্পত আৱশ্যকীয় সহযোগিতা আগবঢ়োৱাৰ বাবে এক উপযুক্ত ব্যৱস্থাৰ ঘোষণা কৰিছে৷
ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত চিকিৎসালয় তথা সংস্থাক এই প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে, যি বৰ্হি (আয়ুষৰ বাহিৰৰ) গৱেষণা শ্ৰেণীৰ অন্তৰ্গত৷ প্ৰস্তাৱিত ‘ছাৰ্ছ-কভি-২’ৰ সংক্ৰমণ আৰু ক’ভিড-১৯ ৰোগৰ পৰা হাত সৰা বা প্ৰতিৰোধ কৰা আৰু চিকিৎসা ব্যৱস্থাত আয়ুষ বিভাগৰ উপায় আৰু ঔষধৰ ভূমিকা তথা প্ৰভাৱৰ মূল্যায়নৰ সৈতে সম্পৰ্ক থাকিব লাগিব৷
প্ৰতিষ্ঠানৰ নীতিগত সমিতি(আইইচি)ৰ মঞ্জুৰীপ্ৰাপ্ত সৰ্বাধিক ছমাহৰ সময়সীমাৰ এই প্ৰস্তাৱিত প্ৰকল্পৰ বাবে ১০লাখ টকালৈকে সাহায্য আগবঢ়োৱাৰ কথা বিবেচনা কৰা হৈছে, যাতে আয়ুষ বিভাগৰ চিকিৎসক, কাৰিকৰী শ্ৰমিকক নিয়োগ, গৱেষণাগাৰত অনুসন্ধান আৰু অন্যান্য আকস্মিক প্ৰয়োজনীয় ব্যয় পুৰণ কৰিব পাৰে৷
আয়ুষ মন্ত্ৰালয়ৰ ৱেবছাইট( ayush.gov.in)ত যোগ্যতা, আবেদন দাখিল কৰাৰ উপায় আৰু আবেদন পত্ৰ উপলব্ধ৷ ৱেবপেজৰ লিংক হৈছে https://main.ayush.gov.in/event/mechanism-support-short-term-research-projects-evaluating-impact-ayush-interventions-cum.
এই ই-মেইল emrayushcovid19[at]gmail[dot]comত ১ মে’, ২০২০ৰ ভিতৰত আবেদন দাখিল কৰিব লাগিব৷
***
RJ/SK/DB
(रिलीज़ आईडी: 1617886)
आगंतुक पटल : 311
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada