স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 24 APR 2020 5:32PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে গাঁও পঞ্চায়তসমূহৰ সৈতে বাৰ্তালাপ কৰে৷ বৈঠকত তেওঁ এই মহামাৰীয়ে আমাক স্বাৱলম্বী হ’বলৈ শিকোৱা বুলি উল্লেখ কৰে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে আজি ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য সচিবসকলৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যসমূহত ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত চলোৱা প্ৰস্তুতিসমূহৰ খতিয়ান লয়৷ তেওঁ স্বাস্থ্যমন্ত্ৰীসকলক ব্যক্তিগতভাৱে চিকিৎসক আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলে সন্মুখীন হোৱা হাৰশাস্তিৰ ঘটনাসমূহৰ তদন্ত কৰিবলৈ তথা শেহতীয়াকৈ আৰোগ্য হোৱা ৰোগীসমূহৰো স্বাস্থ্যৰ বুজ ল’বলৈ আহ্বান জনায়৷

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য দেশসমূহৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতেও ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত অংশগ্ৰহণ কৰে আৰু ভাৰতৰ এই পৰ্যন্ত অভিজ্ঞতা বিনিময় কৰে৷

আজিৰ তাৰিখ পৰ্যন্ত বিগত ২৮ দিনৰ পৰা ১৫খন জিলাই এটাও নতুন পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷ এই তালিকাত তিনিখন নতুন জিলাৰ নাম সন্নিৱিষ্ট হৈছেঃ চট্টিশগড়ৰ দুৰ্গ আৰু ৰাজনন্দগাঁও আৰু মধ্যপ্ৰদেশৰ শিৱপুৰী৷

তাৰোপৰি, বিগত ১৪টা দিনত ২৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৮০খন জিলাই এটাও নতুন পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷

@CovidIndiaSeva টুইটাৰ হেণ্ডেলৰ জৰিয়তে প্ৰশিক্ষিত বিশেষজ্ঞই নাগৰিকসকলৰ মনত উদ্ভৱ হোৱা প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰাৰ লগতে বাস্তৱ-সময়ভিত্তিত স্বাস্থ্য আৰু জন তথ্যও প্ৰদান কৰি আছে৷

এই পৰ্যন্ত ২০.৫৭% আৰোগ্য হাৰৰ সৈতে ৪,৭৪৮ গৰাকী লোক আৰোগ্য হৈছে৷ কালি পৰ্যন্ত ১৬৮৪টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে দেশত মুঠ ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা হ’ল ২৩,০৭৭টা৷ এই পৰ্যন্ত ৭১৮ জন লোকৰ মৃত্যু হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

*****

MV/MANN



(Release ID: 1617883) Visitor Counter : 203