মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে নতুন দিল্লীত প্ৰকাশ কৰিলে উচ্চ প্ৰাথমিক শ্ৰেণীসমূহৰ বিকল্প শৈক্ষিক কেলেণ্ডাৰ

প্ৰাথমিক শ্ৰেণীৰ বিকল্প শৈক্ষিক কেলেণ্ডাৰ বিগত ১৬ এপ্ৰিলত প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে

Posted On: 23 APR 2020 1:39PM by PIB Guwahati

ক’ভিড – ১৯ মহামাৰীৰ বাবে লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত উক্ত সময়খিনিত ছাত্র-ছাত্রীসকলে যেন ঘৰতে থাকি পঢঞা-শুনা কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ তত্ত্বাৱধানত এনচিইআৰটি (NCERT) য়ে উচ্চ প্রাথমিক স্তৰৰ ছাত্র-ছাত্রীসকলৰ বাবে বিকল্প পাঠদানৰ বর্ষপঞ্জী প্রকাশ কৰিলে। কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’-এ নতুন দিল্লীত আজি এই বর্ষপঞ্জী প্রকাশ কৰে। ইয়াৰ পূৰ্বে বিগত ১৬ এপ্রিল তাৰিখে প্রাথমিক স্তৰৰ ছাত্র-ছাত্রীসকলৰ বাবে বিকল্প স্তৰৰ বর্ষপঞ্জীটি প্রকাশ কৰা হৈছিল। উক্ত বৰ্ষপঞ্জীও মন্ত্ৰী নিশাংকই প্ৰকাশ কৰিছিল।


এই সন্দৰ্ভত আজি শ্রী পোখৰিয়ালে কয়, এই বর্ষপঞ্জীৰ মাধ্যমেৰে কিদৰে ছাত্র-ছাত্রীসকলক আকর্ষণীয়ভাৱে বিভিন্ন প্রযুক্তি আৰু সামাজিক মাধ্যমেৰে পাঠদান কৰিব পৰা যাব, সেই বিষয়ে শিক্ষক – শিক্ষয়িত্ৰীসকলে ধাৰণা লাভ কৰিব। তথাপি, বহু লোকৰে মোবাইলত ইণ্টাৰনেট নথকা বাবে তেওঁলোকে হোৱাটছএপ্প, ফে’চবুক, টুইটাৰ, গুগল আদিৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব। এই বর্ষপঞ্জীৰ সহায়ত, মোবাইল ফোনত এছএমএছ অথবা ভইচকলৰ মাধ্যমেৰে শিক্ষক – শিক্ষয়িত্ৰীসকলে, ছাত্র-ছাত্রী আৰু তেওঁলোকৰ অভিভাবকসকলক পাঠদানত সহায় কৰিব পাৰিব।


অতি শীঘ্রেই নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণী পৰ্যন্ত ছাত্র-ছাত্রীসকলৰ বাবেও এই ব্যৱস্থা আৰম্ভ কৰা হ’ব। এই বর্ষপঞ্জীত শ্রেণী আৰু বিষয়ভিত্তিক ক্রিয়াকলাপ তালিকাৰ মাধ্যমেৰে আগবঢ়োৱা হৈছে। হিন্দী, ইংৰাজী, উর্দু আৰু সংস্কৃত ভাষাৰ মাধ্যমেৰে পাঠদান কৰা হ’ব। প্রতিটো বিষয়ৰ বিষয়বস্তু ই-পাঠশালা, NROER আৰু দীক্ষা পোর্টেলত উপলব্ধ হ’ব।


NCERT, স্বয়ম প্রভা কিশোৰ মঞ্চ টেলিভিশ্যন চেনেলৰ মাধ্যমেৰে ছাত্র-ছাত্রীসকলৰ সৈতে মত-বিনিময়মূলক অনুষ্ঠান আৰম্ভ কৰা হৈছে। এই বর্ষপঞ্জীৰ মাধ্যমেৰে ঘৰত বহিয়েই লকডাউনৰ সময়ছোৱাত ছাত্র-ছাত্রীসকলে অনলাইনযোগে পাঠ গ্ৰহণ কৰিব পাৰিব।


এই বর্ষপঞ্জীৰ বিষয়ে সবিশেষ জানিবৰ বাবে তলৰ লিংক দুটাত ক্লিক কৰক -

Click here for Alternative Academic Calendar for upper primary stage in English

Click here for Alternative Academic Calendar for upper primary stage in Hindi

 

*****

NB/AKJ/AK/RD



(Release ID: 1617688) Visitor Counter : 188