PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 23 APR 2020 7:04PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

আজি পৰ্যন্ত ১৯.৮৯% সৈতে ,২৫৭জন ব্যক্তি আৰোগ্য হৈছে৷ কালি লৈকে ১৪০৯টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ এই পৰ্যন্ত ভাৰতত ভিড-১৯ৰ মুঠ নিশ্চিত পৰিঘটনাৰ সংখ্যা ২১,৩৯৩ জন৷তাৰোপৰি ২৩খন জিলা/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৭৮খন জিলাই বিগত ১৪ দিনৰ পৰা কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত মহামাৰী ৰোগ আইন, ১৮৯৭ৰ সংশোধন কৰিবলৈ জাৰি কৰা হৈছে অধ্যাদেশ

কেন্দ্ৰীয় কেবিনেটে ২২ এপ্ৰিল ২০২০ তাৰিখে অনুষ্ঠিত বৈঠকত মহামাৰীৰ সময়ছোৱাত স্বাস্থ্যসেৱা কৰ্মী আৰু সম্পত্তিৰ সুৰক্ষা আদিৰ বাবে মহামাৰী ৰোগ আইন ২৮৯৭ৰ সংশোধনৰ বাবে এক অধ্যাদেশ জাৰি কৰিবলৈ অনুমোদন প্ৰদান কৰিছে৷ ৰাষ্ট্ৰপতিয়ে এই অধ্যাদেশত সন্মতি জনাইছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজঃ এই পৰ্যন্ত হোৱা অগ্ৰগতিৰ খতিয়ান

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত ৩৩ কোটিতকৈও অধিক লোকে লাভ কৰিছে ৩১,২৩৫ কোটি টকাৰ বিত্তীয় সাহায্য৷২০.০৫ কোটি জন ধন একাউণ্টৰ মহিলা হিতাধিকাৰীলৈ প্ৰদান কৰা হৈছে ১০,০২৫ কোটি টকা৷ ২.৮২ কোটি বৃদ্ধ , বিধৱা আৰু দিব্যাংগসকলৰ বাবে ১৪০৫ কোটি টকা মুকলি কৰা হৈছে৷ পিএম কিষাণৰ প্ৰথম কিস্তিঃ কোটি কৃষকক প্ৰদান কৰা হৈছে ১৬,১৪৬ কোটি টকা৷ ইপিএফ অৱদান হিচাপে ৬৮,৭৭৫টা প্ৰতিষ্ঠানলৈ প্ৰদান কৰা হৈছে ১৬২ কোটি টকা, উপকৃত হৈছে ১০. লাখ কৰ্মচাৰী৷ ২.১৭ কোটি নিৰ্মাণ কৰ্মীয়ে লাভ কৰিছে ৩৪৯৭ কোটি টকাৰ বিত্তীয় সাহায্য৷ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাঃ ৩৯.২৭ কোটি হিতাধিকাৰীক বিনামূলীয়া খাদ্য-শস্য প্ৰদান কৰা হৈছে৷ বিভিন্ন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ বিতৰণ কৰা হৈছে ,০৯,২২৭ মেট্ৰিকটন দাইল৷ প্ৰধানমন্ত্ৰী উজ্বলা যোজনাঃ .৬৬ কোটি বিনামূলীয়া উজ্বলা চিলিণ্ডাৰ বিতৰণ কৰা হৈছে৷

অধিক বিৱৰণ বাবে

২৪ এপ্ৰিল তাৰিখে সমগ্ৰ দেশৰ গাঁও পঞ্চায়তসমূহৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিল ২০২০ তাৰিখে শুকুৰবাৰে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেন্সযোগে সমগ্ৰ দেশৰ গাঁও পঞ্চায়তসমূহৰ সৈতে বাৰ্তালাপ কৰিব৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ড০ লিঅবাৰাড়কাৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হৈ ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ লগতে এই স্বাস্থ্য তথা অৰ্থনৈতিক প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত উভয় দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷ প্ৰধানমন্ত্ৰী বাৰাড়কাৰে আয়াৰলেণ্ডত এই সংক্ৰমণ বিৰোধী যুঁজত ভাৰতীয় বংশোদ্ভুত চিকিসক আৰু নাৰ্ছসকলে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

২০২০ৰ ৰবি ঋতুৰ সময়ছোৱাত বৰ্তমানে ২০খন ৰাজ্যত এমএছপিত ক্ৰয় কৰা হৈছে দাইল আৰু তৈলবীজসমূহ

নেফেড আৰু এফচিআইয়ে ১৩১৩ কোটি টকাৰ ১,৬৭,৫৭০.৯৫ মেট্ৰিকটন দাইল আৰু ১,১১,৬৩৮.৫২ মেট্ৰিকটন তৈলবীজ ১,৭৪,২৮৪ কৃষকৰ পৰা ক্ৰয় কৰিছে৷ উত্তৰ পূৰ্বাঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ফল-মূলৰ আন্তঃৰাজ্যিক পৰিবহণৰ নিৰীক্ষণৰ বাবে এক পৃথক গোট স্থাপন কৰা হৈছে৷

অধিক বিৱৰণ বাবে

প্ৰতিৰক্ষা মন্ত্ৰীয়ে মুকলি কৰিলে ডিআৰডিঅ’ৰ দ্বাৰা ক’ভিড-১৯ৰ নমুনা পৰীক্ষণৰ বাবে বিকশিত ম’বাইল গৱেষণাগাৰ

এই ম’বাইল গৱেষণাগাৰৰ দ্বাৰা ক’ভিড-১৯ৰ চিকিৎসা কৰাত তথা ঔষধ বিকাশৰ বাবে ভাইৰাছৰ কালচাৰিং, ক’ভিড-১৯ৰ ৰোগীৰ প্ৰতিৰোধাত্মক প্ৰফাইলিং বিকশিত কৰাৰ বাবেও সহায়ক হ’ব৷ এই গৱেষণাগাৰত প্ৰতিদিনে ১০০০-২০০০ নমুনা পৰীক্ষা কৰিব পৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত পৌৰ নিগমৰ বাহিৰত শক্তি প্ৰকল্পসমূহত নিৰ্মাণ গতি-বিধিৰ অনুমতি দিবলৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক শক্তি মন্ত্ৰালয়ৰ পৰামৰ্শ

১৫.০৪.২০২০ তাৰিখে গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত পৌৰ নিগমৰ বাহিৰত শক্তি প্ৰকল্পসমূহত নিৰ্মাণ গতি-বিধিৰ অনুমতি দিবলৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক শক্তি মন্ত্ৰালয়ে পৰামৰ্শ প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

আপাৰ প্ৰাইমেৰীৰ বাবে বিকল্প শৈক্ষিক দিনপঞ্জী মুকলি কৰিলে মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ঘৰতে আৱদ্ধ হৈ থকা আপাৰ প্ৰাইমেৰী শিক্ষাৰ্থীসকলৰ (ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ) বাবে এনচিইআৰটিয়ে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনত এক বিকল্প শৈক্ষিক দিনপঞ্জী মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

দেশত ঔষধ উৎপাদন প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ ফাৰ্মাচিউটিকেল ফাৰ্মসমূহক সহায় কৰাৰ বাবে ৰাজ্যিক ড্ৰাগছ্ নিয়ন্ত্ৰকক কেন্দ্ৰীয় ফাৰ্মা সচিবৰ নিৰ্দেশ

ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা চিকিৎসা সামগ্ৰী আৰু অত্যাৱশ্যকীয় ঔষধসমূহৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ৰাজ্যিক ড্ৰাগছ্ নিয়ন্ত্ৰকক অনুৰোধ জনোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

২২ এপ্ৰিল, ২০২০ত ভাৰতীয় ৰেলৱেই অভিলেখ ৰচনাৰে ১১২ৰেকত প্ৰায় .১৩লাখ টন সামগ্ৰী বোজাই কৰিছে

০১.০৪.২০২০ৰ পৰা ২২.০৪.২০২০লৈকে ভাৰতীয় ৰে’লৱেই বৰ্তমান ৪.৫৮ মিলিয়ন টন সামগ্ৰী সৰবৰাহ কৰা বিপৰীতে এই সমছোৱাত যোৱা বছৰত ১.৮২ মিলিয়ন সামগ্ৰী বোজাই কৰাৰ লগতে পৰিবহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ বিৰোধী যুঁজত অফুৰন্ত শক্তিৰে ভাৰতক সহযোগিতা আগবঢ়াইছেলাইফলাইন উড়ানৰোনা-যোদ্ধাসকলে

এই সেৱাৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ুসেনা বাহিনীৰ লগতে একাংশ ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থাৰ মুঠ ৩৩০খন বিমান চলোৱা হৈছে ইয়াৰে ২০০খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ- এইসমূহ বিমানে আজি পৰ্যন্ত মুঠ ৫৫১.৭৯ টন পৰিমাণৰ সা-সামগ্ৰীৰ পৰিবহণ কৰিছে এইখিনি সামগ্ৰী বিতৰণৰ বাবে বিমানসমূহে এই সময়চোৱাত মুঠ ,২৭,৬২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ-পৰিক্ৰমা সম্পূৰ্ণ কৰিবলগীয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

দেখো আপনা দেশ ছিৰিজৰ ‘মেকিং ইণ্ডিয়া এন ইনক্লুছিভ ট্ৰেভেল ডেষ্টিনেচন ফ’ৰ অল’ শীৰ্ষক ষষ্ঠ ৱেবিনাৰ মুকলি কৰিলে পৰ্যটন মন্ত্ৰালয়ে

২২ এপ্ৰিল ২০২০ তাৰিখে পৰ্যটন মন্ত্ৰালয়ে দেখো আপনা দেশ ছিৰিজৰ ‘মেকিং ইণ্ডিয়া এন ইনক্লুছিভ ট্ৰেভেল ডেষ্টিনেচন ফ’ৰ অল’ শীৰ্ষক ষষ্ঠ ৱেবিনাৰ মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

পৰ্যটন মন্ত্ৰালয়ে দেখো আপনা দেশৰ অধীনত ৭মটো ছিৰিজ ‘Photowalking® Varanasi: A Visual Treat মুকলি কৰিছে

অধিক বিৱৰণৰ বাবে

দুৰসংযোগ বিভাগৰ দ্বাৰা কোনো বিনামুলীয়া ইণ্টাৰনেটৰ ব্যৱস্থা কৰা নাই

দূৰসংযোগ বিভাগে মে লৈকে বিনামুলীয়া ইণ্টাৰনেট যোগান নধৰে বুলি প্ৰেছ ইনফৰমেচন ব্যুৰ ফেক্ট চেক ইউনিট বিভাগে আজি স্পষ্ট কৰিছে৷ প্ৰচাৰিত ভুৱা বাতৰিত এটা লিংক প্ৰদান কৰি কোৱা হৈছে যে ঘৰৰ পৰা কাম কৰা সকলোকে বিভাগটোৱে বিনামুলীয়া ইণ্টাৰনেট সেৱা আগবঢ়াব৷ পিআইবি ফেক্ট চেক ইউনিট বিভাগে এই দাবী ভুল আৰু লিংকটো ভুৱা বুলি স্পষ্ট কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ৰোগীৰ বাবে পুষ্টিসমৃদ্ধ খাদ্য যোগান ধৰি ৰোগবিধৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আইআইএফপিটিয়ে

ইণ্ডিয়ান ইন্সটিটিউট অব্ ফুড প্ৰচেচিং টেকন’ল’জীয়ে তামিলনাডুৰ থানজাভুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাধীন হৈ থকা তথা শেহতীয়াকৈ আৰোগ্য হোৱা ক’ভিড-১৯ৰ ৰোগীসকলক পুষ্টিসমৃদ্ধ খাদ্যৰ যোগান ধৰিছে৷

অধিক বিৱৰণৰ বাবে

তামিলনাডুত ৰেচম কীটৰ কৃষকসকলক সকাহ প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে কেভিআইচিয়ে

সমগ্ৰ দেশে প্ৰাণঘাতী ক’ৰোনা ভাইৰাছৰ সৈতে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময়তে তামিলনাডুত ৰেচম কীটৰ কৃষকসকলক সকাহ দিবলৈ আগবাঢ়ি আহিছে খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগে (কেভিআইচি)৷

অধিক বিৱৰণ বাবে

ফৰিদাবাদ জিলা প্ৰশাসনে ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে; নিৰীক্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ সহায় লৈছে

অধিক বিৱৰণৰ বাবে

ভিডৰ ঔষধত নহৰু অত্যাৱশ্যকীয় তেলৰ ব্যৱহাৰৰ দিশত কাম কৰিছে বিজ্ঞানীসকলে

হালিস্থিত জৈৱপ্ৰযুক্তি কেন্দ্ৰৰ অভিনৱ আৰু প্ৰায়োগিক জৈৱপ্ৰক্ৰিয়াকৰণ বিভাগে(ডিবিটি-চিআইএবি) সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ভিড-১৯ৰ প্ৰতিৰোধ, চিকিৎসা আৰু ৰোগাক্ৰান্ত ৰোগীক আৰোগ্য কৰি তোলাৰ ক্ষেত্ৰত ঐষধ প্ৰস্তুত কৰাৰ বাবে এলানি গৱেষণা প্ৰকল্প হাতত হৈছে৷

অধিক বিৱৰণৰ বাবে

চিএছআইআৰে Sepsivac® শীৰ্ষক এক ৰোগ প্ৰতিৰোধক মডিউলেটৰ বিকশিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ দ্বাৰা ভিড-১৯ক সীমাৱদ্ধ কৰি ৰাখিবলৈ শৰীৰত সহজাত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি আৰু ভিড-১৯ৰ ৰোগীয়ে দ্ৰুত গতিত আৰোগ্য লাভ কৰিব

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ আমেৰিকা, ব্ৰিটেইন আৰু গাল্ফত তিনিজন কেৰালাৰ বাসিন্দাৰ মৃত্যু৷ কালি ১১টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ পৰিঘটনা ৪৩৭টা, সক্ৰিয় পৰিঘটনা ১২৭টা৷
  • তামিলনাডুঃ বিগত ১০টা দিনত পুডুচেৰীত কোনো নতুন পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷ ধৰ্মপুৰীত প্ৰথমটো পৰিঘটনা প্ৰতিবেদিত৷ মুঠ পৰিঘটনা ১৬২৯টা, মৃত্যু ১৮ আৰু মুকলি কৰি দিয়া হৈছে ৬৬২ জনক৷
  • কৰ্ণাটকঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত চিকিৎসকৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ৷ কালি ১৬টা নতুন পৰিঘটনা নিশ্চিত হৈছে৷ মুঠ পৰিঘটনা ৪৪৩, আৰোগ্য ১৪১ আৰু মৃত্যু হৈছে ১৭ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ চৰকাৰে ৰমজানৰ মাহটোত ঘৰতে নামাজ পঢ়িবলৈ মুছলমান ধৰ্মাৱলম্বীসকলক আহ্বান জনাইছে৷ বিগত ২৪ ঘণ্টাত ৮০টা নতুন পৰিঘটনা প্ৰতিবেদিত৷ মুঠ ধনাত্মক পৰিঘটনাঃ ৮৯৩, সক্ৰিয় পৰিঘটনাঃ ৭২৫, আৰোগ্যঃ ১৪১ আৰু মৃত্যু হৈছে ২৭ জনৰ৷
  • তেলেংগানাঃ সকলো জিলাৰ পৰা দ্ৰুত গতিত হ্ৰাস হৈছে নতুন পৰিঘটনাৰ সংখ্যা৷ মুঠ পৰিঘটনা ৯৪৩টা; সক্ৰিয় পৰিঘটনা ৭২৫টা৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যলৈ ঘূৰি অহা লোকসকলৰ বাবে কোৱাৰেণ্টাইনৰ সুবিধা প্ৰস্তুত কৰি থকা হৈছে বুলি ৰাজ্য চৰকাৰৰ ঘোষণা৷
  • অসমঃ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে যে ২০১৯-২০২০ বৰ্ষৰ একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ২০২০-২০২১ শৈক্ষিক বৰ্ষৰ দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়া হ’ব৷
  • মণিপুৰঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ভাৰত-ম্যানমাপপ সীমান্তৰ ফেন্সিং ঘন কৰা হৈছে আৰু নিৰীক্ষণ প্ৰক্ৰিয়া বৃদ্ধি কৰা হৈছে৷
  • মিজোৰামঃ আৰক্ষীৰ পত্নীসকলে মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ ৫ কোটি টকা বৰঙণি হিচাপে আগবঢ়োৱাৰ লগতে আইজলত কৰ্তব্যৰত কৰ্মচাৰীসকললৈ ৬০০ মাস্কো বিতৰণ কৰিছে৷
  • নাগালেণ্ডঃ ৰাজ্যিক গৃহ আয়ুক্তই কৈছে যে ৰাজ্যখনৰ সকলো জিলাতে পৰ্যাপ্ত পৰিমাণে খাদ্য, ইন্ধন আৰু ঔষধ মজুত আছে৷ ক’হিমাত স্থাপন কৰা হৈছে বায়’ ছেফটী লেব ৩ (বিএছএল-৩)৷
  • ছিক্কিমঃ ৰাজ্য চৰকাৰে প্ৰতিজন নাগৰিকক আৰোগ্য সেতু ম’বাইল এপ ডাউনলোড কৰিবলৈ আৰু ৰাজ্যখনলৈ ভ্ৰমণ কৰা প্ৰতিজন লোকক এই এপ ডাউনলোড কৰিবলৈ আহ্বান জনাইছে৷
  • ত্ৰিপুৰাঃ ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্য শিবিৰত পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে৷ অতি শীঘ্ৰেই সাহায্য প্ৰদানৰ নিশ্চিতি৷
  • চণ্ডীগড়ঃ চিকিৎসা মহাবিদ্যালয়ৰ ইণ্টাৰ্ণসকলে লাভ কৰি থকা প্ৰতিদিনৰ ভাট্টা ৩০০ টকাৰ পৰা ৬০০ টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত৷ ইয়াৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে, তেওঁলোকে লাভ কৰিব মাহে ১৮,০০০ টকা৷ এই পৰ্যন্ত ১.৭৭ লাখ কোলে ডাউনলোড কৰিছে আৰোগ্য সেতু এপ৷
  • পাঞ্জাৱঃ পাঞ্জাৱে অন্য ৰাজ্যলৈ ৫০খন বিশেষ ৰে’লেৰে ১.২৫ লাখ মেট্ৰিকটন চাউল আৰু আটা অন্য ৰাজ্যলৈ প্ৰেৰণ কৰিছে৷
  • হাৰিয়ানাঃ লকডাউনৰ নিষেধাজ্ঞা কিছুমান ক্ষেত্ৰত শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত কৃষি সম্বন্ধীয় সঁজুলিৰ কাৰখানাসমূহ মুকলি কৰা হৈছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসমূহক কৃষকসকলে ফচল চপাওতে সামাজিক ব্যৱধান মানি চলাৰ বাবে সজাগতা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷
  • মহাৰাষ্ট্ৰঃ ৪৩১টা নতুন ধনাত্মক পৰিঘটনাৰ সৈতে ৰাজ্যখনত মুঠ পৰিঘটনাৰ সংখ্যা হৈছে ৫,৬৫২টা৷ ইয়াৰে ৭৮৯জন আৰোগ্য হৈছে আৰু ২৬৯জন মৃত্যু মুখত পৰিছে৷
  • গুজৰাটঃ ১৩৫টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ পৰিঘটনা ২,৪০৭টা৷ ৬.৩ শতাংশৰে গুজৰাটৰ আৰোগ্য হাৰ সবাতোকৈ নিম্ন৷
  • ৰাজস্থানঃ আজি ৪৭টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনাৰ সংখ্যা ১৯৩৫টা


(Release ID: 1617620) Visitor Counter : 237