স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 23 APR 2020 5:46PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

কেন্দ্ৰীয় কেবিনেটে ২২ এপ্ৰিল ২০২০ তাৰিখে অনুষ্ঠিত বৈঠকত মহামাৰীৰ সময়ছোৱাত স্বাস্থ্যসেৱা কৰ্মী আৰু সম্পত্তিৰ সুৰক্ষা আদিৰ বাবে মহামাৰী ৰোগ আইন ২৮৯৭ৰ সংশোধনৰ বাবে এক অধ্যাদেশ জাৰি কৰিবলৈ অনুমোদন প্ৰদান কৰিছে৷ এই অধ্যাদেশ অনুসৰি এনে অপৰাধত অভিযুক্ত লোকসকলক ছমাহৰ পৰা সাত বছৰলৈ কাৰাবাসৰ শাস্তিৰ লগতে ৫০,০০০ টকাৰ পৰা ২,০০,০০০ টকালৈ জৰিমণাও বিহা হ’ব৷

বিগত ২৮ দিন বা ততোধিক দিনৰ পৰা ১২খন জিলাই কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷ ২১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা এই তালিকাত আঠখন নতুন জিলা সংযোজিত হৈছে৷ সেয়া হ’লঃ চিত্ৰদুৰ্গ (কৰ্ণাটক), বিলাসপুৰ (চট্টিশগড়), ইম্ফল পশ্চিম (মণিপুৰ), আইজল পশ্চিম (মিজোৰাম), ভদ্ৰদৰি কোথাগুড়েম (তেলেংগানা), পিলিভিট (উত্তৰ প্ৰদেশ), এছবিএছ নগৰ (পাঞ্জাৱ) আৰু দক্ষিণ গোৱা (গোৱা)৷

তাৰোপৰি ২৩খন জিলা/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৭৮খন জিলাই বিগত ১৪ দিনৰ পৰা কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷

আজি পৰ্যন্ত ১৯.৮৯%ৰ সৈতে ৪,২৫৭জন ব্যক্তি আৰোগ্য হৈছে৷ কালি লৈকে ১৪০৯টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ এই পৰ্যন্ত ভাৰতত ক’ভিড-১৯ৰ মুঠ নিশ্চিত পৰিঘটনাৰ সংখ্যা হ’ল ২১,৩৯৩ জন৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1617524) Visitor Counter : 191