ৰেল মন্ত্ৰালয়
ভাৰতীয় ৰে'লৱেই ক'ভিদ-১৯ মহামাৰীৰ সময়ত মালবস্তু অনা নিয়াৰ ক্ষেত্ৰত বিভিন্ন সুবিধা দিয়াৰ বিষয়ে ঘোষণা কৰিছে
২৪.০৩.২০২০ তাৰিখৰপৰা ৩০.০৪.২০২০ লৈকে খালী কন্টেইনাৰ আৰু খালি ডবাৰ বহনৰ মাচুল পৰিশোধ কৰিব নালাগে
অধিক গ্ৰাহকে নিজে নোযোৱাকৈ ইলেকট্ৰনিক মাধ্যমেৰে তেওঁলোকৰ চাহিদা পঞ্জীয়ন কৰাই ৰে’ল বিভাগৰ ৰচিদ লাভ কৰিব পাৰিব
গ্ৰাহকে ইলেকট্ৰনিক মাধ্যমেৰে ৰচিদ লাভ নকৰিলে, তেওঁলোকে বিকল্প উপায়েৰে ৰে’ল বিভাগৰ ৰচিদ লাভ কৰি লক্ষ্যস্থানত দেখুৱাইও সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব
বেগত সুমুৱাই বন্ধ ডবাত অনা খাদ্য সামগ্ৰী, কৃষি সামগ্ৰী আদি কঢ়িওৱা ডবাৰ সংখ্যা ৫৭ ৰ পৰা ৪২ লৈ হ্ৰাস কৰা হৈছে যাতে বাকী ডবা সমূহত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াব পৰা যায়
উদ্যোগসমূহৰ সুবিধাৰ্থে দূৰত্ব সম্বন্ধীয় পৰিস্থিতিত মিনি ৰেক, দুখলপীয়া ৰেক আদি ব্যৱহাৰ কৰা হৈছে
এই সুবিধাসমূহে সামগ্ৰীৰ দাম উপযুক্ত কৰি ৰখাৰ লগতে ব্যৱসায় সুচল কৰি দেশক অৰ্থনৈতিকভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে
Posted On:
22 APR 2020 5:00PM by PIB Guwahati
ভাৰতীয় ৰে'লৱেই ক'ভিদ-১৯ মহামাৰীৰ সময়ত মালবস্তু অনা নিয়াৰ ক্ষেত্ৰত বিভিন্ন সুবিধা দিয়াৰ বিষয়ে ঘোষণা কৰিছে । ইয়াৰ ফলত দেশৰ ৰপ্তানি বাণিজ্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু দেশৰ অৰ্থনীতিক সহায় কৰিব বুলি আশা কৰা গৈছে। এতিয়া অধিক গ্ৰাহকে নিজে নোযোৱাকৈ ইলেকট্ৰনিক মাধ্যমেৰে তেওঁলোকৰ চাহিদা পঞ্জীয়ন কৰাই ৰে’ল বিভাগৰ ৰচিদ লাভ কৰিব পাৰিব। ফলত সমগ্ৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ হৈ উঠাৰ লগতে স্বচ্ছতা আৰু সুচলতা আহিব।
১. বিলম্ব জৰিমণা, ষ্টে’শ্যনৰ ভাড়া আদি মাচুলসমূহ
নিৰ্দিষ্ট কৰা বিনামূলীয়া সময়সীমা পাৰহৈ যোৱাৰ পিছত বিলম্ব জৰিমণা, ষ্টে’শ্যনৰ ভাড়া, গোদামৰ ভাড়া, সামগ্ৰী উঠোৱাৰ ভাড়া আদি মাচুলসমূহ পুনৰ লোৱাৰ ব্যৱস্থা কৰা হ’ব। ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত ভাৰতীয় ৰে’ল বিভাগে গ্ৰাহকৰপৰা সামগ্ৰী পঠিওৱাৰ বাবদ বিলম্ব জৰিমণা, ষ্টে’শ্যনৰ ভাড়া, গোদামৰ ভাড়া, সামগ্ৰী উঠোৱাৰ ভাড়া আদি মাচুলসমূহ নোলোৱাৰ কথা ঘোষণা কৰিছিল। একেদৰে কন্টেইনাৰৰ ডিটেনশ্যন আৰু গ্ৰাউণ্ড ইউজেচ ৰ বাবে কোনো মাচুল নোলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। এই নিৰ্দেশনা ২২.০৩.২০২০ তাৰিখৰ পৰা ০৩.০৫.২০২০ লৈকে প্ৰযোজ্য।
২. লোহা, ষ্টীল আৰু নিমখৰ ক্ষেত্ৰতো গ্ৰাহকে নিজে নোযোৱাকৈ ইলেকট্ৰনিক মাধ্যমেৰে তেওঁলোকৰ চাহিদা পঞ্জীয়ন কৰাই ৰে’ল বিভাগৰ ৰচিদ লাভ কৰিব ।
অধিক গ্ৰাহকে নিজে নোযোৱাকৈ ইলেকট্ৰনিক মাধ্যমেৰে তেওঁলোকৰ চাহিদা পঞ্জীয়ন কৰাই ৰে’ল বিভাগৰ ৰচিদ লাভ কৰিব পাৰিব। এই প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ, সুচল আৰু স্বচ্ছ হ’ব।
৩. ৰে’ল বিভাগৰ ৰচিদ নোহোৱাকৈ সামগ্ৰী লাভ
গ্ৰাহকক যিমান বেছিকৈ পাৰি ই-মাধ্যমেৰে তেওঁলোকৰ চাহিদা পঞ্জীয়ন কৰাবলৈ অনুৰোধ কৰা হৈছে। কিন্তু যদিহে কোনো কাৰণত গ্ৰাহকে ইলেকট্ৰনিক মাধ্যমেৰে ৰচিদ লাভ নকৰে, তেওঁলোকে বিকল্প উপায়েৰে ৰে’ল বিভাগৰ ৰচিদ লাভ কৰি লক্ষ্যস্থানত দেখুৱাইও সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব।
যাত্ৰাৰম্ভৰ স্থানত সামগ্ৰীৰ দাম আদায় দিয়াৰ সময়ত ৰচিদ দিয়াৰ সুবিধা আছে যদিও লকডাউন চলি থকাৰ বাবে গ্ৰাহকে তালৈ যাবলৈ অসুবিধা পাই ই-মাধ্যত চাহিদা পঞ্জীয়ন কৰালে লক্ষ্যস্থানতে ৰচিদ দিয়াৰ সুবিধা কৰা হৈছে যাতে সামগ্ৰী গ্ৰহণৰ আগে আগে তেওঁ সেইখন সংগ্ৰহ কৰি ল’ব পাৰে। এইক্ষেত্ৰত বুকিং শাখাৰ বাণিজ্য নিয়ন্ত্ৰণ বিভাগে পঞ্জীয়নৰ বিতং তথ্য, গ্ৰাহকৰ পেন, আধাৰ আদি পৰীক্ষা কৰিব। এই ব্যৱস্থা অৱশ্যে কেৱল লকডাউন চলি থকা পৰ্যন্ত ০৩.০৫.২০২০ তাৰিখলৈকেহে প্ৰযোজ্য হ’ব।
৪. কন্টেইনাপ পঠিওৱাৰ নীতি
ভাৰতীয় ৰে’ল বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে কয়লা, লোহা আদি কঢ়িওৱাৰ ব্যৱস্থা কৰি আছে আৰু তাৰবাবে তলৰ পদক্ষেপসমূহ হাতত লৈছে। ভাৰতীয় ৰে’ল বিভাগে হওল কৰাৰ বাবে মাচুলৰ ক্ষেত্ৰত ২৫% হ্ৰাস কৰিছে। ২৪.০৩.২০২০ তাৰিখৰপৰা ৩০.০৪.২০২০ লৈকে খালী কন্টেইনাৰ আৰু হওলৰ মাচুল পৰিশোধ কৰিব নলগাৰ ব্যৱস্থাও কৰিছে।
৫. মালগাড়ীৰ চলাচলৰ ক্ষেত্ৰত শিথিলতা
নিৰ্দিষ্ট মানতকৈ কম দৈৰ্ঘৰ ৰেক, দুখন বেলেগ বেলেগ ঠাইৰ পৰা আৰম্ভ হোৱা ৰেক অথবা বেলেগ বেলগ লক্ষ্যস্থানত নমাবলগীয়া ৰেকৰ বাবেও সুবিধা কৰা হৈছে। ক’ভিড-১৯ ৰ বাবে মালগাড়ীয়ে অতিক্ৰম কৰিবলগীয়া দূৰত্বৰ ক্ষেত্ৰত থকা ৬০০ কিলোমিটাৰৰ বাধ্যবাধকতা আঁতৰাই প্ৰথমে ১০০০ কিলোমিটাৰ আৰু এতিয়া ১৫০০ কিলোমিটাৰ কৰা হৈছে। বেগত সুমুৱাই বন্ধ ডবাত অনা খাদ্য সামগ্ৰী, কৃষি সামগ্ৰী আদি কঢ়িওৱা ডবাৰ সংখ্যা ৫৭ ৰ পৰা ৪২ লৈ হ্ৰাস কৰা হৈছে যাতে বাকী ডবা সমূহত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াব পৰা যায়। উদ্যোগসমূহৰ সুবিধাৰ্থে দূৰত্ব সম্বন্ধীয় পৰিস্থিতিত মিনি ৰেক, দুখলপীয়া ৰেক আদি ব্যৱহাৰ কৰা হৈছে। এই সুবিধাসমূহে সামগ্ৰীৰ দাম উপযুক্ত কৰি ৰখাৰ লগতে ব্যৱসায় সুচল কৰি দেশক অৰ্থনৈতিকভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে।
এই সকলো সুবিধা ৩০.০৯.২০২০ লৈকে প্ৰযোজ্য হ’ব।
***
SG/MKV/PRK
(Release ID: 1617438)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada