তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমলৈ পৰামৰ্শৱলী

Posted On: 22 APR 2020 2:16PM by PIB Guwahati

শেহতীয়াকৈ কোনো কোনো ঠাইত সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে বাতৰি সংগ্ৰহ তথা কৰ্তব্য পালনৰ সময়ত কভিড-১৯ত আক্ৰান্ত হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সকলো ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমলৈ এক পৰামৰ্শৱলী জাৰি কৰিছে৷

মন্ত্ৰালয়ৰ তৰফৰ পৰা পৰামৰ্শৱলীটোত এই বুলি কোৱা হৈছে যে সাংবাদিক, কেমেৰামেন, ফটোগ্ৰাফাৰ আদিকে ধৰি সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে কভিড-১৯ৰ বাতৰি সংগ্ৰহৰ সময়ত নিয়ন্ত্ৰিত এলেকা, হটস্পট আৰু অন্যান্য কভিড আক্ৰান্ত এলেকাসমূহ ভ্ৰমণ কৰোঁতে পৰ্যাপ্ত সতৰ্কতা অৱলম্বন কৰা আৱশ্যক৷ মন্ত্ৰালয়ে বিভিন্ন সংবাদ মাধ্যমৰ কৰ্তৃপক্ষক তেওঁলোকৰ ক্ষেত্ৰীয় কৰ্মী তথা কাৰ্যালয়ৰ অন্যান্য কৰ্মীসকলৰ বাবে যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷

সম্পূৰ্ণ পৰামৰ্শৱলী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৱেৱছাইটৰ নিম্নোক্ত লিংকটোত পঢ়িবলৈ পাবঃ

https://mib.gov.in/sites/default/files/Advisory%20to%20Print%20and%20Electronic%20Media.pdf

 

SS/MANN



(Release ID: 1617052) Visitor Counter : 230