ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
ক’ভিড-১৯ ৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা যুদ্ধৰ বাবে ৰসায়ন, সাৰ আৰু ঔষধ যথেষ্ট পৰিমাণত উপলব্ধ ৰাখিবৰ বাবে যথোপযুক্ত ব্যৱস্থা লোৱা হৈছেঃ গৌড়া
प्रविष्टि तिथि:
21 APR 2020 7:08PM by PIB Guwahati
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি বি সদানন্দ গৌড়াই কয় যে ক’ভিড-১৯ ৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা যুদ্ধৰ বাবে বিজাণুনাশক ৰসায়ন, সাৰ আৰু ঔষধ যথেষ্ট পৰিমাণত উপলব্ধ ৰাখিবৰ বাবে যথোপযুক্ত ব্যৱস্থা লোৱা হৈছে।
এক টুইটাৰযোগে শ্ৰী গৌড়াই প্ৰকাশ কৰে যে তেওঁ নিজৰ মন্ত্ৰালয়ৰ অধীনৰ তিনিওটা বিভাগৰ সচিৱ আৰু জ্যেষ্ঠ বিষয়াসকলৰ লগত আলোচনা কৰি কৃষকৰ বাবে সাৰ, সাধাৰণ জনতাৰ বাবে ঔষধ আৰু ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবৰ বাবে বিজাণুনাশক ৰসায়ন যাতে যথেষ্ট পৰিমাণত উপলব্ধ থাকে তাৰবাবে উপযুক্ত ৰণনীতি তৈয়াৰ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে।
সভাত তেওঁ বিষয়াসকলক অন্যান্য মন্ত্ৰালয় তথা নিজৰ মাজত সঘন যোগাযোগ ৰাখি কোনো ব্যাঘাত নজন্মাকৈ প্ৰয়োজনীয় সামগ্ৰী যোগান দিয়াটো সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।
অলপতে ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্যইও ৰসায়ন আৰু সাৰ বিভাগৰ বিষয়াসকলৰ লগত এক ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হৈ ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ সময়ত ৰসায়ন আৰু পেট্ৰ’কেমিকেলৰ লগত জড়িত উদ্যোগৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। শ্ৰী মাণ্ডব্যই টুইটাৰযোগে প্ৰকাশ কৰে, “ভাৰতে সমগ্ৰ বিশ্বকে এটা পৰিয়ালৰদৰে ভাৱে আৰু ভাতৃত্ববোধৰ শিক্ষা দিয়ে।”
মন্ত্ৰালয়ে কয় যে সাৰ কোম্পানীবোৰে সামৰ্থ অনুযায়ী অনাগত খাৰিফ শস্যৰ বতৰত কৃষকক সাৰৰ যোগান দিবৰ বাবে কাম কৰি আছে। ফাৰ্মা খণ্ডইও অত্যাৱশ্যকীয় ঔষধ আৰু হাইড্ৰ’ক্লৰ’কুইন যথেষ্ট পৰিমাণত উপলব্ধ ৰাখিবৰ বাবে যথোপযুক্ত ব্যৱস্থা লৈছে। এই সময়ত ভাৰতেই আটাইতকৈ বেছি পৰিমাণত হাইড্ৰ’ক্লৰ’কুইন প্ৰস্তুত কৰি আছে। ঘৰুৱা প্ৰয়োজন পূৰ কৰাৰ উপৰিও বিদেশলৈও ৰপ্তানি কৰিছে। বিজাণুনাশকৰ উৎপাদন আৰু যোগান ব্যৱস্থাও সন্তোষজনক।
***
RCJ/RKM/PRK
(रिलीज़ आईडी: 1616963)
आगंतुक पटल : 287