ৰেল মন্ত্ৰালয়

দিল্লী আৰক্ষীৰ লগত থিয় দি ৰে’ল বিভাগে ক’ভিড-১৯ ৰ বাবে কৰ্তব্যৰত আৰক্ষীৰবাবে প্ৰতিদিনে ১০০০০ টাকৈ পানীৰ বটল যোগানৰ দিহা কৰিছে

গ্ৰীষ্মকালীন উত্তাপ বাঢ়ি অহাৰ লগে লগে ভাৰতীয় ৰে’ল বিভাগে ইয়াৰ অধীনৰ ৰাজহুৱা খণ্ডৰ সংস্থা আই আৰ চি টি চিৰ সহায়ত ক’ভিড-১৯ ৰ বাবে বাট-পথ বা অন্যান্য স্থানত কৰ্তব্যৰত আৰক্ষীৰবাবে ৰে’লনীড় পানীৰ বটল যোগানৰ দিহা কৰিছে

এতিয়ালৈকে ৫০০০০ তকৈও অধিক বটল যোগান দিয়া হৈছে আৰু এই প্ৰক্ৰিয়া ৩ মে’ লৈকে চলি থাকিব

ভাৰতীয় ৰে’ল বিভাগে ইয়াৰ অধীনৰ ৰাজহুৱা খণ্ডৰ সংস্থা আই আৰ চি টি চি, আৰ পি এফ, জ’নেল ৰে’লৱেৰ লগত একগোট হৈ ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে

অলপতে দিল্লী আৰক্ষীৰ লগত থিয় দি ৰে’ল বিভাগে ক’ভিড-১৯ ৰ বাবে কৰ্তব্যৰত আৰক্ষীৰবাবে প্ৰতিদিনে ১০০০০ টাকৈ পানীৰ বটল যোগানৰ দিহা কৰিছে আৰু এতিয়ালৈকে ৫০০০০ তকৈও অধিক বটল যোগান দিয়া হৈছে

Posted On: 21 APR 2020 3:31PM by PIB Guwahati

গ্ৰীষ্মকালীন উত্তাপ বাঢ়ি অহাৰ সময়তো আৰক্ষীসকলে অহোৰাত্ৰি কৰ্তব্য কৰি হৈছে। তেওঁলোকে কেৱল লকডাউনৰ সফল ৰূপায়ণেই নহয়, বিভিন্ন প্ৰত্যাহ্বানমূলক ঠাইলৈ গৈ চিকিসা আগবঢ়োৱা চিকিসক আৰু স্বাস্থ্যকৰ্মীকো সুৰক্ষা প্ৰদান কৰিছে।

সমুখ সমৰত ভাগ লোৱা এই আৰক্ষীসকলৰ প্ৰতি সহযোগ আগবঢ়াই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাই নহয়, এই কাৰ্যক ৰেল বিভাগে কভিড-১৯ ৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা যুদ্ধৰ স্বাভাৱিক পৰিব্যাপ্তি বুলিব পাৰি।

এই পদক্ষেপৰ জৰিয়তে ভাৰতীয় ৰেল বিভাগে ইয়াৰ অধীনৰ ৰাজহুৱা খণ্ডৰ সংস্থা আই আৰ চি টি চিৰ সহায়ত ১৬.০৪.২০২০ তাৰিখৰপৰা নতুন দিল্লীত কভিড-১৯ ৰ বাবে বাট-পথ বা অন্যান্য স্থানত কৰ্তব্যৰত আৰক্ষীৰবাবে এক লিটাৰকৈ ৰেলনীড় পানীৰ বটল যোগানৰ দিহা কৰিছে। এই বটলসমূহ নাংগোলইৰ ৰেলনীড়  প্ৰকল্পৰ পৰা লোৱা হৈছে আৰু এতিয়ালৈকে ৫০০০০ তকৈও অধিক বটল বিতৰণ কৰা হৈছে।

উল্লেখনীয় যে ভাৰতীয় ৰেল বিভাগে কভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ত নিঃস্বাৰ্থভাৱে আৰু স্বেচ্ছাই গৰম সিজোৱা খাদ্য আৰ্তজনক দিয়াৰ ব্যৱস্থা কৰি আছে। আই আৰ চি টি চিৰ বেচ কিটচেন, আৰ পি এফ আৰু বিভিন্ন এন জি অৰ বৰঙণিৰপৰা  কাগজৰ থালত দুপৰীয়াৰ আহাৰ আৰু পেকেটত ৰাতিৰ আহাৰ সৰহ মাত্ৰাত যোগান দি থকা হৈছে। ভাৰতীয় ৰেল বিভাগে কভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ত কালিলৈকে মুঠ দুই নিযুততকৈও অধিক লোকক গৰম সিজোৱা খাদ্য প্ৰদান কৰিছে।

****

SG/MKV/PRK



(Release ID: 1616959) Visitor Counter : 158