তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মন্ত্ৰালয়সমূহ বন্ধ কৰিবলৈ চৰকাৰে কোনো নিৰ্দেশ জাৰি কৰা নাই, পিআইবি ফেক্ট চেকে ইয়াক ভুৱা সংবাদ আখ্যা দিছে
‘ছে নমস্তে’ নামৰ কোনো ভিডিঅ’ কনফাৰেন্সিং এপ চৰকাৰে মুকলি কৰা নাই অথবা এনে কোনো এপক চৰকাৰে অনুমোদন জনোৱা নাই
प्रविष्टि तिथि:
21 APR 2020 9:28PM by PIB Guwahati
ভুৱা বাতৰিৰ বিৰুদ্ধে অভিযানৰ অংশ হিচাপে পিআইবি ফেক্ট চেকে আজি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা কেইবাটাও বাতৰিক ভুৱা বুলি চিনাক্ত কৰে৷
এটা আগশাৰীৰ ৱেব নিউজ প’ৰ্টেলে এনে এটা বাতৰি আপলোড কৰিছিল যে ভাৰত চৰকাৰে ‘ছে নমস্তে’ নামৰ এটা ভিডিঅ’ কনফাৰেন্সিং এপৰ বেটা ভাৰ্ছন মুকলি কৰিছে আৰু শীঘ্ৰে এই অপটো মুকলি কৰা হ’ব৷ পিআইবি ফেক্ট চেকে স্পষ্ট কৰিছে চৰকাৰে এইধৰণৰ কোনো এপ মুকলি কৰা নাই অথবা এনে এপ প্ৰস্তুতৰ বাবে অনুমোদন জনোৱা নাই৷ জনসাধাৰণক এই ধৰণৰ কোনো এপ ডাউনলোড নকৰিবলৈ আহ্বান জনোৱা হ’ল৷
https://twitter.com/PIBFactCheck/status/1252603481136877568?s=20
ছ’চিয়েল মিডিয়াৰ পৃষ্ঠাত চৰ্চা হোৱা আন এটা বাতৰি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে ৰেলৱে’ মন্ত্ৰালয়ে লকডাউনৰ বাবে ইয়াৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন কৰ্তনৰ পৰিকল্পনা যুগুত কৰিছে৷ পিআইবি ফেক্ট চেকে পুনৰ এই কথা স্পষ্ট কৰে যে এই বাতৰিটো ভুৱা আৰু ৰেলৱে’ মন্ত্ৰালয়ে কৰ্মচাৰীৰ দৰমহা অথবা পেঞ্চন কৰ্তনৰ কোনো সিদ্ধান্ত লোৱা নাই৷
https://twitter.com/PIBFactCheck/status/1252541165083127813?s=20
চৰকাৰে সকলো মন্ত্ৰালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া বুলি এটি বাতৰি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈ আছে৷ এটা নিউজ চেনেলৰ বাতৰিৰ উদ্ধৃতিৰে ছ’চিয়েল মিডিয়াত একাংশই এই সংবাদ বিয়পাইছিল৷ কিন্তু চৰকাৰৰদ্বাৰা এইধৰণৰ কোনো নিৰ্দেশ জাৰি হোৱা নাই বুলি পিআইবি ফেক্ট চেকে স্পষ্ট কৰিছে৷ নিউজ চেনেলটোক এই কথা জনোৱাত তেওঁলোক ইয়াক দায়িত্বসহকাৰে শুধৰাইছে৷
https://twitter.com/PIBFactCheck/status/1252468471029395456?s=20
ৰাজ্যিক পৰ্যায়ত ভুৱা সংবাদ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত পিআইবিৰ আঞ্চলিক কেন্দ্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ পিআইবিৰ শিমলা কেন্দ্ৰই হিমাচল প্ৰদেশৰ উনাৰ জিলা দণ্ডাদীশৰ এখন চিঠিৰ সৈতে এটা প্ৰতিষ্ঠিত নিউজ প’ৰ্টেলত প্ৰকাশিত এটা বাতৰিৰ বিৰুদ্ধে এক টুইট কৰিছে৷ নিউজ প’ৰ্টেলটোৱে দাবী কৰিছিল যে পঞ্জাবৰ এটা সম্প্ৰদায়ৰ গাখীৰ বিক্ৰেতাক হিমাচল প্ৰদেশত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই৷
https://twitter.com/PIBShimla/status/1252191586567372801?s=20
পিআইবি ফেক্ট চেকে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ থকা এটি ভয়াবহ ভিডিঅ’ৰ বিৰুদ্ধে অভিযানত নামি পৰে৷ ভিডিঅ’টোত দেখা গৈছিল যে বিহাৰৰ জেহানাবাদ অঞ্চলত এটা শিশুৱে খাদ্যৰ অভাৱত ভেকুলী ভক্ষণ কৰি আছে৷ জিলা প্ৰশাসনে চলোৱা এক অনুসন্ধানত পোহৰলৈ আহে যে শিশুটোৰ পৰিয়ালৰ সৈতে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে৷
https://twitter.com/PIBFactCheck/status/1252169585832255488?s=20
প্ৰায় একেই ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশতো৷ ছ’চিয়েল মিডিয়াত সম্প্ৰচাৰ হোৱা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে খাদ্যৰ অভাৱত কেইজন লোকে সাঁপ ভক্ষণ কৰিছে৷ গুৱাহাটীস্থিত পিআইবিৰ আঞ্চলিক শাখাই ৰাজ্য চৰকাৰৰ উদ্ধৃতিৰে বিষয়টো স্পষ্ট কৰিছে যে যোৱা ৩ মাহ ধৰি অৰুণাচলত খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু বাতৰিটো ভুৱা৷ লগতে এই কথাও উল্লেখ পাইছে যে ৰাজ্যখনলৈ নিয়মীয়া খাদ্য যোগান অব্যাহত আছে৷
https://twitter.com/PIB_Guwahati/status/1252570210382602240?s=20
পটভূমিঃ ছ’চিয়েল মিডিয়াত ভুৱা সংবাদৰ প্ৰচাৰ প্ৰতিৰোধ কৰিবলৈ আৰু উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পিছত পিআইবিয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা উৰা বাতৰি বন্ধ কৰিবলৈ এটা পূৰ্ণাংগ গোট গঠন কৰে৷ ‘পিআইবিফেক্টচেক’ হ’ল ভেৰিফাইড টুইটাৰ হেণ্ডল, যিয়ে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ থকা বাৰ্তাসমূহ অবিৰতভাৱে নিৰীক্ষণ কৰি আছে আৰু উৰা বাতৰি বিয়পিব পৰা বাৰ্তাসমূহ বিশেষভাৱে পৰ্যবেক্ষণ কৰিছে৷ ইয়াৰ লগতে, পিআইবি ইণ্ডিয়া টুইটাৰ হেণ্ডল আৰু বিভিন্ন পিআইবি আঞ্চলিক কেন্দ্ৰৰ টুইটাৰ হেণ্ডলে আনুষ্ঠানিক আৰু প্ৰকৃ নিৰ্ভৰযোগ্য বাতৰিসমূহ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰি আছে৷
যিকোনো ব্যক্তিয়ে যিকোনো ছ’চিয়েল মিডিয়াৰ বাৰ্তা, অডিঅ’ অথবা ভিডিঅ’ৰ সত্যতা নিৰূপণৰ বাবে পিআইবি ফেক্ট চেকলৈ প্ৰেৰণ কৰিব পাৰে৷ এয়া অনলাইনত দাখিল কৰিব পাৰে নিম্নোক্ত প’ৰ্টেলত—https://factcheck.pib.gov.in/৷ যোগাযোগৰ বাবে হোৱাইট আপ নম্বৰ হ’ল +৯১৮৭৯৯৭১১২৫৯ অথবা ইমেইল কৰিব পাৰে এই ঠিকনাত—pibfactcheck[at]gmail[dot]com. একেদৰে, পিআইবিৰ ৱেবছাইট https://pib.gov.in তো সবিশেষ উপলব্ধ হ’ব৷
NB/SS/MS
(रिलीज़ आईडी: 1616955)
आगंतुक पटल : 375
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada