স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 21 APR 2020 5:47PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ স্বাস্থ্য বিভাগসমূহলৈ তেওঁলোকৰ ৰক্ত বেংকসমূহত পৰ্যাপ্ত পৰিমাণৰ ৰক্ত উপলব্ধ ৰাখিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ তেওঁ কয় যে প্ৰতিটো ৰক্ত গ্ৰুপৰ ৰক্তৰ উপলব্ধতা বাস্তৱিক সময়ত নিশ্চিত কৰাৰ বাবে ‘ই-ৰক্তকোষ’ শীৰ্ষক অনলাইন পৰ্টেল ব্যৱহাৰ কৰাটো প্ৰয়োজন৷ ক’ভিড-১৯ ব্যৱস্থাপনাৰ দিশত ইণ্ডিয়ান ৰে’ডক্ৰ’চ ছ’চাইটিয়ে দিল্লীত ৰক্তসেৱাৰ বাবে এক ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷ এই নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ নম্বৰ হ’লঃ ০১১-২৩৩৫৯৩৭৯, ৯৩১৯৯৮২১০৫৷

ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে সামৰ্থ নিৰ্মাণ আৰু মানৱ সম্পদ উপলব্ধতা নিশ্চিত কৰিবলৈ ‘ক’ভিড ৱাৰিয়ৰ্ছ’ শীৰ্ষক এক ডেশ্বব’ৰ্ড প্ৰস্তুত কৰা হৈছে য’ত এমবিবিএছ চিকিৎসক, আয়ুস চিকিৎসক, নাৰ্ছ, আশা, অংগনৱাড়ী কৰ্মী, স্বাস্থ্য কৰ্মী, এনচিচি, এনৱাইকেছ, এনএছছ, প্ৰাক্তন সৈনিকসকলৰ তথ্য ২০টা শাখাত উপলব্ধ থাকিব৷

আজিৰ তাৰিখ পৰ্যন্ত ১৪৯৯৫জন আয়ুস কৰ্মী ১৫খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয়শাসিত প্ৰদেশ, ৩৪৯২জন এনচিচি কেডেট আৰু ৫৫৩জন এনচিচি কৰ্মী ১৬খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৬৮খন জিলাত সংস্থাপিত কৰা হৈছে৷ ৪৭০০০ত কৈও অধিক কেডেটত প্ৰশিক্ষণৰ বাবে পঞ্জীভুক্ত কৰা হৈছে আৰু তেওঁলোককো সংস্থাপিত কৰা হ’ব৷ বিভিন্ন স্থানত সংস্থাপনৰ বাবে সৈনিক ব’ৰ্ডে চিনাক্ত কৰিছে ১,৮০,০০০ প্ৰাক্তন সৈনিকক৷

বহু স্বাস্থ্যকৰ্মীৰ শৰীৰৰ ক’ৰোনা ভাইৰাছে দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত কিছুমান চিকিৎসালয় বন্ধ হৈছে৷ ফলত বহু নন-ক’ভিড চিকিৎসালয়তো ধনাত্মক পৰিঘটনাই দেখা দিছে৷ এই সংক্ৰান্তত স্বাস্থ্য মন্ত্ৰালয়ে নন-ক’ভিড চিকিৎসালয়সমূহৰ বাবে এক নিৰ্দেশনাৱলী জাৰি কৰিছে৷ এই নিৰ্দেশনাৱলী হ’লঃ  https://www.mohfw.gov.in/pdf/GuidelinestobefollowedondetectionofsuspectorconfirmedCOVID19case.pdf

চিকিৎসালয়সমূহত এনে পৰিঘটনা নিৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়া হৈছে চিকিৎসালয় সংক্ৰমণ নিয়ন্ত্ৰণ কমিটিক৷

চিএছআইআৰে ক’ভিড-১৯ ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ যাদৃচ্ছিকীকৃত, ব্লাইণ্ডেড, টু-আৰ্মছ, সক্ৰিয় সন্তুলক-নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছে৷ জৈৱ প্ৰযুক্তি বিভাগে চিকিৎসা সামগ্ৰী সঁজুলি, ঔষধ, ভেকচিন আদি নিৰ্মাণৰ বাবে ক’ভিড-১৯ সংঘত আবেদনৰ আহ্বান জনাইছে৷

বিগত ২৮ দিনৰ পৰা মাহে (পুডুচেৰী), কোডাগ্গু (কৰ্ণাটক) আৰু পৌৰি গাৰৱাল (উত্তৰাখণ্ড) আৰু প্ৰতাপগড়ে (ৰাজস্থান) কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷ বিগত ১৪ দিনৰ পৰা ২৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৬১খন অতিৰিক্ত জিলা অন্তৰ্ভুক্ত হৈছে যিয়ে কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷ চাৰিখন নতুন জিলা এই তালিকাত অন্তৰ্ভুক্ত হৈছেঃ লাটুৰ, ওচমানবাদ, হিংগ’লি আৰু মহাৰাষ্ট্ৰৰ ৱাশ্বিম৷

দেশত এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনা হ’ল ১৮,৬০১টা৷ ইয়াৰে ৩২৫২জন ৰোগী অৰ্থাৎ ১৭.৪৮% আৰোগ্য হৈছে৷ মুঠ ৫৯০জন লোকৰ মৃত্যু হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1616806) Visitor Counter : 200