ৰেল মন্ত্ৰালয়

বিনামূলীয়া আহাৰ বিতৰণৰ ক্ষেত্ৰত ২নিযুতৰ সীমা অতিক্ৰম কৰিলে ভাৰতীয় ৰে’ল-য়ে

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা ‘লকডাউন’ৰ সময়চোৱাত দেশৰ প্ৰায় ৩০০টা স্থানত বিতৰণ কৰা হৈছে ভোজন

ভাৰতীয় ৰে’লৰ বিভিন্ন সংস্থাই সংঘবদ্ধভাবে ৰান্ধি বিতৰণ কৰা ভোজনে প্ৰতিদিনে বহু সহস্ৰ ব্যক্তি প্ৰদান কৰিছে সকাহ

Posted On: 20 APR 2020 3:11PM by PIB Guwahati

ভিড-১৯ৰ পৰা পৰিত্ৰাণৰ কৌশল হিচাপে দেশ জুৰি বলবত্ কৰা লকডাউনৰ সময়চোৱাত ভাৰতীয় ৰেল বিভাগে ৰান্ধি বিতৰণ কৰা বিনামূলীয়া ভোজনৰ পৰিসংখ্যাই আজি ২নিযুতৰ সীমা অতিক্ৰম কৰিলে। এই পৰ্যন্ত ৰেল বিভাগে বিতৰণ কৰিছে ২০.৫ লাখৰো অধিক সংখ্যক ভোজনৰ থালী

পৃথিৱী জুৰি বিয়পি পৰা মহামাৰীয়ে সৃষ্টি কৰা অভুপূৰ্ব পৰিস্থিতিত ঘৰে-বাহিৰে বৃহত্ সংখ্যক লোকে খাদ্য সংকটৰ সন্মুখীন হবলগীয়া হৈছে। এইসকলৰ ভিতৰত আটাইতকৈ শোচনীয় হৈছে বাটে-ঘাটে আবদ্ধ হৈ পৰাসকল, দিন-হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰাসকল, ভ্ৰাম্যমান শ্ৰমিকসকল, শিশুসকল, ঘৰ-দুৱাৰ নথকা দৰিদ্ৰসকল আৰু যাযাবৰী জীৱন কটোৱা একাংশ লোকৰ অৱস্থা

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতীয় ৰেলৰ অধীনস্থ কেবাটাও সংস্থাই খাদ্য সংকটৰ সন্মুখীন হোৱা এনে লোকসকলক ৰন্ধন খাদ্য বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ২৮মাৰ্চ ২০২০ৰ পৰা এই পৰ্যন্ত অক্লান্ত ভাবে সেৱা আগবঢ়াই আহিছে। ৰেল বিভাগে আইআৰচিটিচি, আৰপিএফ আৰু একাংশ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত দুপৰীয়াৰ ভোজন, পেপাৰ প্লেট আৰু পেকেটত বান্ধি নিশাৰ আহাৰ বিতৰণৰ ব্যৱস্থা কৰি আহিছে।

নতুন দিল্লী, বাংগালোৰ, হুবলি, মুম্বাই চেণ্ট্ৰেল, এলাহাবাদ, ভুছাৱাল, হাওৰা, পাটনা, গঁয়া, ৰান্সী, কাটিহাৰ, দীনদয়াল উপাধ্যায় নগৰ, বালাচোৰ, বিজয়াড়া, খুৰ্দা, কাতপাড়ি, তিৰুচিৰাপল্লী, ধানবাদ, গুৱাহাটী, সমষ্টিপুৰ, প্ৰয়াগৰাজ, ইতাৰ্চী, বিশাখাপট্টনম, চেংগালপট্টু, পুনে, হাজিপুৰ, ৰাইপুৰ, আৰু টাটানগৰত থকা আইআৰচিটিচি-ৰ ৰন্ধনশালাসমূহত আজি অৰ্থাত ২০-০৪-২০তাৰিখ পৰ্যন্ত ৰন্ধা ২০.৫ লাখ ভোজন থালী বিতৰণ কৰা হৈছে।

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বলবত্ কৰা লকডাউনৰ সময়চোৱাত দেশৰ প্ৰায় ৩০০টা স্থানত বিতৰণ কৰা হৈছিল এই ভোজনভাৰতীয় ৰেলৰ বিভিন্ন সংস্থাই সংঘবদ্ধভাবে ৰান্ধি বিতৰণ কৰা ভোজনে প্ৰতিদিনে বহু সহস্ৰ ব্যক্তি প্ৰদান কৰিছে সকাহ।

 

****

SG/MKV/KB



(Release ID: 1616696) Visitor Counter : 236