মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
স্বয়ম আৰু স্বয়মপ্ৰভাৰ সন্দৰ্ভত নতুন দিল্লীত পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ
Posted On:
20 APR 2020 7:23PM by PIB Guwahati
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল ‘নিশংকে’ আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় অলনাইন শিক্ষা মঞ্চ স্বয়ম আৰু ৩২ ডিটিএইচ দূৰদৰ্শন শিক্ষা চেনেল স্বয়মপ্ৰভাৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সচিব অমিত খাৰে, ইউজিচিৰ অধ্যক্ষ, ডি.পি. সিং, এআইচিটিইৰ অধ্যক্ষ অনিল সহস্ৰবুদ্ধে, এনচিইআৰটিৰ অধ্যক্ষ হৃষীকেশ সেনপতি, নিঅ’ছৰ অধ্যক্ষ, মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, ৰাষ্ট্ৰীয় সমন্বয়ক আৰু আইআইটি মাদ্ৰাজ, আইআইটি দিল্লী, আইআইএম বাংগালুৰু আৰু আইআইআইটি হায়দৰাবাদৰ একাংশ অধ্যাপকে বৈঠকত অংশগ্ৰহণ কৰে৷
এই উপলক্ষে এই আঁচনিমূহৰ অগ্ৰগতিৰ এক চমু আভাস দিয়া হয়৷ লকডাউনৰ সময়ত স্বয়ম পাঠ্যক্ৰমৰ আৰু স্বয়মপ্ৰভা ভিডিঅ’সমূহৰ ব্যৱহাৰ তথা চাহিদা ব্যাপক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷
স্বয়ম
১৯০২টা পাঠ্যক্ৰম উপলব্ধ এই আঁচনিয়ে শুভাৰম্ভণিৰে পৰা ১.৫৬ কোটি শিক্ষাৰ্থীক উপকৃত কৰিছে৷ বৰ্তমান ২৬লাখতকৈ অধিক শিক্ষাৰ্থীয়ে ৫৭৪টা পাঠ্যক্ৰম গ্ৰহণ কৰি আছে৷ সামগ্ৰিকভাৱে ইয়াত ১৫০৯টা স্ব-শিক্ষণ পাঠ্যক্ৰম আছে৷ স্বয়ম ২.০ই অনলাইন ডিগ্ৰী পাঠ্যক্ৰমত সহায় কৰে৷ এআইচিটিইৰ সৈতে মেপিং কৰি ইতিমধ্যে স্বয়ম পাঠ্যক্ৰমৰ সংযোজন ঘটোৱা হৈছে৷ একেদৰে ইউজিচি কমিটীৰ এক অ-কাৰীকৰী পাঠ্যক্ৰমো আৰম্ভ কৰাৰ যো-জা চলাই থকা হৈছে৷
উল্লেখ্য যে ১৯০০ স্বয়ম পাঠ্যক্ৰম আৰু ৬০,০০০ স্বয়মপ্ৰভা ভিডিঅ’ ১০টা আঞ্চলিক ভাষালৈ অনুবাদ কৰি শিক্ষাৰ্থীসকলক অধিক উপকৃত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইঞ্জিনিয়াৰিঙৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমক অনুবাদৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছে৷ এই সমগ্ৰ প্ৰকল্প তাৎক্ষণিকভাৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷ জনপ্ৰিয় পাঠ্যক্ৰম আৰু ভিডিঅ’সমূহ প্ৰথমে কৰা হ’ব৷ অতি কম সময়ৰ ভিতৰতে এই কাম সম্পূৰ্ণ কৰাৰ বাবে দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহক অৱদান আগবঢ়াবলৈ আহ্বান জনোৱা হ’ব৷ প্ৰত্যেক এনচিয়ে ২৩ এপ্ৰিলৰ ভিতৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়( ই-মেইল: NMEICT@nmeict.ac.in)ক কাৰ্য পৰিকল্পনা দাখিল কৰিব৷
ইতিমধ্যে সকলো আইআইটিৰ সঞ্চালকলৈ অনুবাদৰ বিষয়বস্তু, নতুন বিষয় সৃষ্টি আৰু ক্ৰেডিট ট্ৰেন্ফাৰৰ গ্ৰহণযোগ্যতাৰ সন্দৰ্ভত সহায় কৰাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে৷ স্বয়ম ক্ৰেডিট গ্ৰহণ কৰাৰ বাবে বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহক তদাৰক কৰিব বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু এআইচিটিইয়ে৷
স্বয়ম প্ৰভা
স্বয়মপ্ৰভা হৈছে ৩২ ডিটিএইচ চেনেলৰ এটা সমষ্টি, যি জিছেট-১৫ উপগ্ৰহ ব্যৱহাৰ কৰি ২৪ ঘণ্টাই উচ্চ মানসম্পন্ন শৈক্ষিক কাৰ্যসূচী প্ৰচাৰ কৰে৷ প্ৰতিদিনেই অতি কমেও চাৰি ঘণ্টা নতুন বিষয় প্ৰচাৰ কৰা হয় আৰু শিক্ষাৰ্থীসকলৰ সময়োপযোগী হোৱাকৈ পাঁচবাৰ পুনৰ সম্প্ৰচাৰ কৰা হয়৷
বৈঠকত স্বয়মপ্ৰভাৰ পাঠ্যক্ৰম বিদ্যা দান কাৰ্যসূচীৰ জৰিয়তে সংগ্ৰহ কৰা, ৰেডিঅ’, ছ’চিয়েল মিডিয়াৰ জৰিয়তে সম্প্ৰচাৰ ডিটিএইচসমূহ জনপ্ৰিয় কৰি তোলা, স্বয়মপ্ৰভা পৰ্টেলত থকা ভিডিঅ’সমূহ পাঠ্যক্ৰম আৰু বাৰ্ষিক দিনপঞ্জীৰ সৈতে মেপিং কৰা, চাৰিটা আইআইটি-পল চেনেলৰ বিষয়বস্তুৰ অনুবাদৰ বাবে আইআইটি দিল্লীক চিবিএছই, নিঅ’ছে সম্ভাব্য সকলোধৰণৰ সহায় কৰা ইত্যাদি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
বৈঠকৰ এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে মন্ত্ৰালয়ে পৰ্যালোচনা কৰিব৷
*****
NB/AKJ/AK/DB
(Release ID: 1616623)
Visitor Counter : 313