স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 20 APR 2020 5:29PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

২০ এপ্ৰিল ২০২০ তাৰিখৰ বাবে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চৰকাৰী কাৰ্যালয়সমূহৰ বিষয়া আৰু কৰ্মচাৰীসকলক ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷

  • পুনৰ ব্যৱহৃত/কাপোৰৰ মুখৰ আৱৰণীৰ ব্যৱহাৰ
  • বীজাণুনাশক প্ৰ’টক’লৰ কঠোৰ প্ৰণয়ন
  • চাবোন আৰু পানীৰে অথবা এলকহ’লযুক্ত হেণ্ড ৰাব/ছেনিটাইজাৰৰ সৈতে সঘনাই হাত ধোৱা
  • সন্মুখৰ ব্যক্তিজনৰ পৰা পৰ্যাপ্ত ব্যৱধান বৰ্তাই ৰখা
  • ৫জনত কৈ অধিক লোক গোট নোখোৱা

বিগত ৭টা দিনৰ ক’ভিড-১০ৰ ডাবলিং হাৰৰ উত্তৰণ গণনা কৰি এয়া পৰিলক্ষিত হৈছে যে ভাৰতৰ লকডাউনৰ পূৰ্বে ডাবলিং হাৰ আছিল ৩.৫ আৰু এতিয়া ১৯ এপ্ৰিল ২০২০ তাৰিখত এয়া ৭.৫লৈ উত্তৰণ হৈছে৷ ১৯ এপ্ৰিল পৰ্যন্ত ১৮খন ৰাজ্যই ৰাষ্ট্ৰীয় গড়ৰ তুলনাত ডাবলিং হাৰত দেখুওৱা উত্তৰণসমূহ এনে ধৰণৰঃ

ডাবলিং হাৰঃ ২০দিনত কৈ কম

দিল্লী- ৮.৫ দিন

কৰ্ণাটক- ৯.২ দিন

তেলেংগানা- ৯.৪ দিন

অন্ধ্ৰ প্ৰদেশ- ১০.৬ দিন

জম্মু-কাশ্মীৰ- ১১.৫ দিন

পাঞ্জাৱ- ১৩.১ দিন

চট্টিশগড়- ১৩.৩ দিন

তামিলনাডু- ১৪ দিন

বিহাৰ- ১৬.৪ দিন

 

ডাবলিং হাৰঃ ২০ৰ পৰা ৩০ দিনৰ ভিতৰত

আন্দামান আৰু নিকোবাৰ- ২০.১ দিন

হাৰিয়ানা- ২১ দিন

হিমাচল প্ৰদেশ- ২৪.৫ দিন

চণ্ডীগড়- ২৫.৪ দিন

অসম- ২৫.৮ দিন

উত্তৰাখণ্ড- ২৬.৬ দিন

লাডাখ- ২৬.৬ দিন

 

ডাবলিং হাৰঃ ৩০ দিনত কৈ অধিক

উৰিষ্যা- ৩৯.৮ দিন

কেৰালা- ৭২.২ দিন

 

গোৱাৰ সকলো ক’ভিড-১৯ ৰোগী আৰোগ্য হোৱাৰ পিছত ঘৰলৈ গৈছে আৰু এতিয়া গোৱাত কোনো সক্ৰিয় পৰিঘটনা নাই৷ বিগত ২৮ দিনৰ পৰা মাহে (পুডুচেৰী), কোডাগ্গু (কৰ্ণাটক) আৰু পৌৰি গাৰৱাল (উত্তৰাখণ্ড)ই কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷ বিগত ১৪ দিনৰ পৰা ২৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৫৯খন অতিৰিক্ত জিলা অন্তৰ্ভুক্ত হৈছে যিয়ে কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷ এই তালিকাত ছয়খন নতুন জিলা অন্তৰ্ভুক্ত হৈছেঃ

ৰাজস্থানৰ ডুনগাৰপুৰ আৰু পালি

গুজৰাটৰ জামনগৰ আৰু মৰ্বি

গোৱাৰ উত্তৰ গোৱা

ত্ৰিপুৰাৰ গোমতি

 

দেশত এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনা হ’ল ১৭,২৬৫টা৷ ইয়াৰে ২৫৪৭জন ৰোগী অৰ্থাৎ ১৪.৭৫% আৰোগ্য হৈছে৷ মুঠ ৫৪৩জন লোকৰ মৃত্যু হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/SG/MANN



(Release ID: 1616498) Visitor Counter : 233