স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ সম্পৰ্কত আলোচনাৰ উদ্দেশ্যে ‘জি-২০’ৰ স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠক

ক’ৰোনাভাইৰাছ (ক’ভিড-১৯)ৰে মোকাবিলা কৰাৰ বাবে সহযোগিতা আৰু পৰস্পৰৰ প্ৰতি সন্মানজনক আৰু উপযোগী সমভাগিতাৰ পৰিৱেশ সৃষ্টি কৰক : ড০ হৰ্ষ বৰ্দ্ধন

১০০কোটিৰো অধিক জন-সংখ্যাৰ দেশ ভাৰতে অভুতপূৰ্ব মহামাৰীৰে মোকাবিলা কৰাৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰিছে সেই প্ৰসংগত দৃষ্টি নিবদ্ধ হৈছে

পৰীক্ষাৰ এই সন্ধিক্ষণত সকলোৰে সৈতে সংঘবদ্ধ ভাবে কাম কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

ৰোগ সংক্ৰমণৰ গতি দুগুণ হ’বলৈ লগা সময় ৩.৪দিনৰ পৰা ৭.২দিনলৈ বৃদ্ধি পোৱা কথাই ভাৰতত ৰোগবিধৰ গতি সুস্থিৰ হোৱাটোকে সুচাইছে বুলি ক’লে ড০ বৰ্দ্ধনে

Posted On: 19 APR 2020 9:46PM by PIB Guwahati

ৰোনাভাইৰাছ(কভিড-১৯)ৰে মোকাবিলা কৰাৰ বাবে সহযোগিতা আৰু পৰস্পৰৰ প্ৰতি সন্মানজনক আৰু উপযোগী সমভাগিতাৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিছে ড০ হৰ্ষ বৰ্দ্ধনে। জি-২০আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সদস্য দেশসমূহৰ স্বাস্থ্যমন্ত্ৰীসকলৰ এক বৈঠকত আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰি ভাৰতৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই পোষকতা কৰে। উল্লেখ্য যে, জি-২০ৰ সদস্য ৰাষ্ট্ৰ কেইখন হল আৰ্জেণ্টিনা, এষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, জাৰ্মানী, ফ্ৰান্স, ইণ্ডোনেচীয়া, ইটালী, জাপান, মেক্সিকো, ৰাছীয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া, তুৰস্ক, ইউনাইটেড কিংডম, আমেৰিকা আৰু ভাৰত।

সভাত মন্তব্য কৰি মন্ত্ৰী ড০ বৰ্দ্ধনে কয় যে, ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণাধীন কৰাৰ ক্ষেত্ৰত আমি সকলোৱে গ্ৰহণ কৰা ভূমিকাৰ বাবে মই আটাইকে অভিনন্দন জ্ঞাপন কৰিছো। তেওঁ কয়, গোলকীয় স্বাস্থ্য সংকট প্ৰত্যক্ষ কৰা আজিৰ পৃথিৱীত প্ৰকৃতিৰে সংযুক্ত হোৱাৰ বাবে আমাক এক সুযোগো প্ৰদান কৰিলে। ইয়াৰ জৰিয়তে আমি সকলো একত্ৰিত হোৱাৰ অৱকাশ পোৱাৰ লগতে অসাধ্য সাধন কৰাৰ বাবে সংঘবদ্ধ শক্তিৰ সাৰ্থকতাও পুনৰবাৰ প্ৰতিপন্ন হপৃথিৱীৰ সংঘবদ্ধ প্ৰয়াসৰ সাফল্যৰ পূৰ্ব অভিজ্ঞতা সুৱঁৰি তেওঁ কয়, আমি পৃথিৱীবাসীয়ে ইয়াৰ আগতেও এনেধৰণৰ স্বাস্থ্য সংকটৰ সন্মুখীন হৈছিলো আৰু সেই সংকটৰ পৰা সংঘবদ্ধ প্ৰয়াসৰে পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াই পৃথিৱীবাসীয়ে সফলতাৰে নিজকে উলিয়াই আনিবলৈ সক্ষমো হৈছিল। আজিৰ এই মুহূৰ্ততো কৰোনাভাইৰাছ(কভিড-১৯)ৰে মোকাবিলা কৰাৰ বাবে সহযোগিতা আৰু পৰস্পৰৰ প্ৰতি সন্মানজনক আৰু উপযোগী সমভাগিতাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে মই সকলোকে আহ্বান জনাব খুজিছো। এই মুহূৰ্তত জাপান, ছিংগাপোৰ, দক্ষিণ কোৰিয়াৰ দৰে দেশে বিশেষ সাফল্য প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে যদিও আন বহু দেশে কভিড-১৯ৰ বিৰুদ্ধে এতিয়াও সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। এই সংকটৰ পৰিসৰ নিতান্তই অভুতপূৰ্ব হোৱা বাবেই সকলোৰে সংঘবদ্ধ প্ৰয়াসেৰেহে পুনৰ নিয়মীয়া পৰিৱেশ ঘূৰাই অনাতো সম্ভৱ হ

১০০কোটিৰো অধিক জন-সংখ্যাৰ দেশ ভাৰতে অভুতপূৰ্ব মহামাৰীৰ মোকাবিলা কৰাৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰিছে সেই প্ৰসংগত সকলোৰে দৃষ্টি নিবদ্ধ হোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে।

ভিড-১৯ৰ বিৰুদ্ধে দেশে আৰম্ভ কৰা যুঁজৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, আজি ১৯এপ্ৰিলত আমাৰ দেশে বলবত্ কৰা লকডাউন-য়ে ২৫দিন সম্পূৰ্ণ কৰিলে। ইতিমধ্যে লকডাউনৰ পৰিসৰ ৩মে পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে। এই পদক্ষেপৰ ফলশ্ৰুতিতে যে ৰোগ সংক্ৰমণৰ গতি দুগুণ হবলৈ লগা সময় ১৭মাৰ্চত ৩.৪দিনৰ পৰা ৭.২দিনলৈ বৃদ্ধি হৈছে, সেই কথাই ভাৰতত ৰোগবিধৰ গতি সুস্থিৰ হোৱাটোকে প্ৰতীয়মান কৰিছে।

প্ৰসংগক্ৰমে, ড০ বৰ্দ্ধনে পৰীক্ষাৰ এই সন্ধিক্ষণত সকলোৰে সৈতে সংঘবদ্ধ ভাবে কাম কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে

 

*****

MV/MR/KB



(Release ID: 1616416) Visitor Counter : 254