বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ গৱেষণা সংঘৰ বাবে ডিবিটি-বিআইআৰএচিৰ আহ্বান
চিকিৎসা, ভেকচিন, ঔষধ আৰু অন্যান্য উদ্ভাৱনৰ বাবে প্ৰস্তাৱনা আহ্বান
বিত্তীয় সমৰ্থনৰ বাবে ১৬টা প্ৰস্তাৱনা বিবেচনা কৰা হৈছে
পোষ্ট কৰা হৈছে:
20 APR 2020 10:41AM by PIB Guwahati
জৈৱ প্ৰযুক্তি বিভাগ আৰু জৈৱ প্ৰযুক্তি উদ্যোগ গৱেষণা সমৰ্থন পৰিষদে ক’ভিড-১৯ গৱেষণা সংঘৰ বাবে আবেদন আহ্বান কৰিছে৷ আবেদনৰ প্ৰথম পৰ্যায় ৩০ মাৰ্চ ২০২০ তাৰিখে সমাপ্ত হৈছিল আৰু শিক্ষা সংস্থা তথা উদ্যোগসমূহৰ পৰা প্ৰায় ৫০০ আবেদন লাভ হৈছিল৷ এই আবেদনসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়া চলি আছে আৰু আজিৰ তাৰিখ পৰ্যন্ত সঁজুলি, চিকিৎসা, ভেকচিন, ঔষধ আৰু অন্যান্য হস্তক্ষেপৰ বাবে ১৬টা প্ৰস্তাৱনা বিত্তীয় সমৰ্থনৰ বাবে বিবেচনা কৰা হৈছে৷
ভেকচিন প্ৰাৰ্থীসকলে যাতে ভিন্ন প্লেটফ’ৰ্ম ব্যৱহাৰ কৰে আৰু ৰাষ্ট্ৰীয় বায়’ফাৰ্মা অভিযানৰ পৰা বিত্তপোষণৰ অধীনত এই গৱেষণা সংঘৰ জৰিয়তে বিকাশৰ বিভিন্ন পৰ্যায়ত দ্ৰুত গতিত সম্পন্ন হয় তাৰবাবে এক বহুমুখী অভিগমন ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
স্থানীয় উৎপাদন আৰু আণৱিক তথা দ্ৰুত চিকিৎসা পৰীক্ষণক উদগনি দিবলৈ নিম্নোক্ত উদ্যোগসমূহে বিত্তীয় সাহায্য লাভ কৰিবঃ মাইলেব ডিস্ক’ভাৰী ছলিউচনছ্ প্ৰাইভেট লিমিটেড, হুৱায়ে লাইফ ছাইন্সেছ, উবিঅ’ বায়’টেকন’ল’জী ছিষ্টেম প্ৰাইভেট লিমিটেড, ধিতী লাইফ ছায়েন্স প্ৰাইভেট লিমিটেড, মেগজিনম টেকন’ল’জীছ প্ৰাইভেট লিমিটেড, বিগটেক প্ৰাইভেট লিমিটেড আৰু য়াথুম বায়’টেক প্ৰাইভেট লিমিটেড৷
ডিবিটিৰ ৰাষ্ট্ৰীয় বায়’ফাৰ্মা অভিযানৰ অধীনত অন্ধ্ৰ প্ৰদেশ মেডটেক মণ্ডলত চিকিৎসা সামগ্ৰী আৰু ভেণ্টিলেটৰ প্ৰস্তুত কৰাৰ বাবে এক সুবিধা ক্ষেত্ৰ স্থাপন কৰা হ’ব৷
****
KGS/(DBT)/MANN
(ৰিলিজ আই ডি : 1616302)
অতিথি কক্ষ : 385
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada