গৃহ মন্ত্ৰালয়

আগতে দিয়া অনুমতি অনুসৰি আৱশ্যকীয় সামগ্ৰীৰ লগত জড়িত ই-বাণিজ্যৰ সংস্থাসমূহে কাৰ্যকলাপ অব্যাহত ৰাখিব পাৰিব

ৰাজ্যসমূহে ই-বাণিজ্যকে ধৰি অন্যান্য আৱশ্যকীয় সামগ্ৰীৰ যোগান শৃংখল সুচলভাৱে চলা সুনিশ্চিত কৰিব লাগে

Posted On: 19 APR 2020 6:45PM by PIB Guwahati

’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ সমগ্ৰ দেশতে লকডাউন ঘোষণাৰ সময়ত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সংশোধিত নিৰ্দেশনাৰ অধীনত সকলো মন্ত্ৰালয়/বিভাগকে নিৰ্দিষ্ট কিছুমান কাৰ্যকলাপৰ ক্ষেত্ৰত ৰেহাই দিবলৈ জাননী জাৰি কৰিছে।

(https://www.mha.gov.in/sites/default/files/MHA%20order%20dt%2015.04.2020%2C%20with%20Revised%20Consolidated%20Guidelines_compressed%20%283%29.pdf)

আজি জাৰি কৰা সংহত সংশোধিত নিৰ্দেশনাৰ জাননী মতে ই-বাণিজ্যৰ লগত জড়িত সংস্থাসমূহক ৰেহাই দিয়া হৈছে। লগতে এইটোও উল্লেখ কৰা হৈছে যে অত্যাৱশ্যকীয় সামগ্ৰী নহ’লে তাৰ পৰিৱহণৰ বাবে ই-বাণিজ্যৰ ক্ষেত্ৰতো অনুমতি দিয়া নহয়।

এই কথা সকলো সংস্থা আৰু সাধাৰণ জনতাৰ বাবে স্পষ্ট কৰি দিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক আহ্বান জনাইছে যাতে ই-বাণিজ্যকে ধৰি অন্যান্য আৱশ্যকীয় সামগ্ৰীৰ যোগান শৃংখল সুচলভাৱে চলাই থাকিব পৰা যায়। লগতে উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ জাননীক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজৰ স্থিতিৰ লগত খাপ-খুৱাকৈ সাল-সলনি কৰি ল’ব পাৰিব।

Click here to see the Official Communication to States/UTs

*****

VG/SNC/VM/PRK



(Release ID: 1616199) Visitor Counter : 227