অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
ক’ভিড-১৯ বিৰোধী যুঁজক শক্তিশালী কৰি লাইফলাইন উড়ানৰ বিমানে সামৰি লৈছে ২,৮৭,০৬১ কিলোমিটাৰ
পৱন হংসকে ধৰি হেলিকাপ্তাৰ সেৱাৰে উত্তৰ-পূব, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু দ্বীপপুঞ্জলৈ পৰিবহণ কৰা হৈছে গুৰুত্বপূৰ্ণ চিকিৎসা সামগ্ৰী
Posted On:
19 APR 2020 2:22PM by PIB Guwahati
লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ২৮৮খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰে ভিতৰত ১৮০খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ উল্লেখযোগ্য৷ বৰ্তমানলৈকে বিমানযোগে ৪৯৭.৫৫টন কাৰ্গ পৰিবহণ কৰা হৈছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ২,৮৭,০৬১ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দেশৰ অতি দুৰ্গম অঞ্চলসমূহত বিমানযোগে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷
১৮ এপ্ৰিললৈকে পৱন হংস হেলিকপ্তাৰে ৬,২৬৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি ১.৮৫ টন সামগ্ৰী পৰিবহণ কৰিছে৷ পৱন হংসে জম্মু আৰু কাশ্মীৰ, লাডাখ, দ্বীপপুঞ্জ আৰু উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই ঘৰুৱা হেলিকপ্তাৰসমূহ অধিগ্ৰহণ কৰি চিকিৎসা সামগ্ৰী, পৰীক্ষণ সঁজুলি, ব্যক্তি সুৰক্ষা সঁজুলি(পিপিই), মাস্ক, হাতমোজা, এইচএলল আৰু আইচিএমআৰৰ অন্যান্য সামগ্ৰী পৰিবহণ কৰাৰ কামত ব্যৱহাৰ কৰিছে৷
এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল, দ্বীপপুঞ্জ আৰু পাহাৰীয়া ৰাজ্যসমূহক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই এই অঞ্চলসমূহক বিশেষ প্ৰাধান্য দিছে৷
ঘুৰুৱা কাৰ্গ’ অপাৰেটৰ স্পাইচজেট, ব্লু ডাৰ্ট, আৰু ইণ্ডিগ’ই বাণিজ্যিক ভিত্তিত কাৰ্গ বিমান চলাচল কৰিছে৷ ২৪ মাৰ্চৰ পৰা ১৮ এপ্ৰিললৈ স্পাইচজেটে ৪১০খন কাৰ্গ’ বিমান চলাচল কৰি ইতিমধ্যে ৬,০০,২৬১ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৩,২৭০ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইয়াৰে ভিতৰত ১২৮ আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ বিমানো আছে৷ একেদৰে, ব্লু ডাৰ্টে ২৫ মাৰ্চৰ পৰা ১৮ এপ্ৰিললৈ দেশৰ ভিতৰতে ১৪১বিমান চলাচল কৰি ১,৩৯,১৭৯ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি মুঠ ২,২৪১ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইফালে, ইণ্ডিগ’ই ৩ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ ৩১খন কাৰ্গ বিমান চলাচল কৰি ৩২,২৯০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৪৮টন সামগ্ৰী সৰবৰাহ কৰিছে৷ এইবোৰৰ ভিতৰত চৰকাৰৰ বাবে চিকিৎসা সামগ্ৰী বিনামুলীয়াকৈ পৰিবহণ কৰিছে বিমান কোম্পানীসমূহে৷
আন্তঃৰাষ্ট্ৰীয় খণ্ডঃ
ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঔষধ-পাতি, চিকিৎসা সামগ্ৰীৰ পৰিবহণ কৰা বিমানৰ চলাচল সবিশেষ তলত উল্লেখ কৰা ধৰণৰঃ
ক্ৰ. নং
|
তাৰিখ
|
পৰা
|
পৰিমাণ(টন)
|
১
|
০৪.৪.২০২০
|
ছাংহাই
|
২১
|
২
|
০৭.৪.২০২০
|
হংকং
|
০৬
|
৩
|
০৯.৪.২০২০
|
ছাংহাই
|
২২
|
৪
|
১০.৪.২০২০
|
ছাংহাই
|
১৮
|
৫
|
১১.৪.২০২০
|
ছাংহাই
|
১৮
|
৬
|
১২.৪.২০২০
|
ছাংহাই
|
২৪
|
৭
|
১৪.৪.২০২০
|
হংকং
|
১১
|
৮
|
১৪.৪.২০২০
|
ছাংহাই
|
২২
|
৯
|
১৬.৪.২০২০
|
ছাংহাই
|
২২
|
১০
|
১৬.৪.২০২০
|
হংকং
|
১৭
|
১১
|
১৬.৪.২০২০
|
ছিউল
|
০৫
|
১২
|
১৭.৪.২০২০
|
ছাংহাই
|
২১
|
১৩
|
১৮.৪.২০২০
|
ছাংহাই
|
১৭
|
১৪
|
১৮.৪.২০২০
|
ছিউল
|
১৪
|
১৫
|
১৮.৪.২০২০
|
গুৱাংঝু
|
০৪
|
|
|
মুঠ
|
২৪২
|
দক্ষিণ এছিয়াৰ ভিতৰত কলম্বোলৈ এয়াৰ ইণ্ডিয়াই ৭ আৰু ৮ এপ্ৰিলত ৯টন সামগ্ৰী যোগান ধৰিছে৷ এয়াৰ ইণ্ডিয়াৰ দুখন বিমানে মুম্বাই-ফ্ৰেংকফুৰ্ট আৰু মুম্বাই-লণ্ডনৰ মাজত কৃষি উড়ান আঁচনি অধীনত ঋতুকালীন শাক-পাচলি পৰিবহণ কৰিছে৷ ১৫ এপ্ৰিলত এয়াৰ ইণ্ডিয়াই দিল্লী-মৰিচাচ-দিল্লীৰ মাজত চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷
****
RJ/NG/DB
(Release ID: 1616192)
Visitor Counter : 168
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada