স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 19 APR 2020 5:37PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

ঔষধ পৰীক্ষণ আৰু ভেকচিন সম্বন্ধীয় বিজ্ঞান ক্ষেত্ৰত কাৰ্য কৰাৰ বাবে এক উচ্চস্তৰীয় টাস্কফ’ৰ্চ গঠন কৰা হৈছে৷ এই টাস্কফ’ৰ্চৰ সহ-অধ্যক্ষ পদত থাকিব নিটি আয়োগৰ সদস্য তথা মাননীয় প্ৰধানমন্ত্ৰীৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা৷ ইয়াৰোপৰি অন্য সদস্যসমূহ হ’ব আয়ুস, আইচিএমআৰ, বিজ্ঞান আৰু প্ৰযুক্তি, জৈৱ প্ৰযুক্তি মন্ত্ৰালয়, চিএছআইআৰ, ডিআৰডিঅ’, ডিজিএইচএছ আৰু ডিচিজিআইৰ প্ৰতিনিধিসকল৷ এই টাস্কফ’ৰ্চে ভেকচিন বিকাশ সম্বন্ধীয় বিষয়ৰ ওপৰত সকলো মন্ত্ৰালয়ে কৰি থকা কামসমূহৰ সমন্বয় বৃদ্ধি কৰাৰ দিশত অগ্ৰসৰ হ’ব৷ ভেকচিন বিকাশৰ বাবে জৈৱ প্ৰযুক্তি বিভাগৰ এটা ন’ডেল এজেন্সীও থাকিব৷  

কালিৰে পৰা নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ অঞ্চলসমূহৰ বাবে নিষেধাজ্ঞা শিথিল কৰা হ’ব যদিও হটস্পটসমূহত কোনো শিথিলতা প্ৰদান কৰা নহ’ব৷ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৱলী অনুসৰি নিয়ন্ত্ৰিত মণ্ডলসমূহ হ’লঃ

  • বৃহৎ পৰিমাণৰ ক’ভিড-১৯ প্ৰাদুৰ্ভাৱ ক্ষেত্ৰৰ সৈতে হটস্প’ট এলেকা অথবা উল্লেখযোগ্য ব্যাপ্তিৰ সৈতে ক্লাষ্টাৰসমূহ৷
  • ৪ দিনত কৈও কম সময়ৰ ভিতৰত দুগুণ হোৱা অথবা য’ত পৰিঘটনাৰ পৰিমাণ অধিক৷

২০ এপ্ৰিলৰ পৰা নিয়ন্ত্ৰণ এলেকাৰ বাহিৰৰ এলেকাসমূহৰ বাবে নতুন সংশোধিত নিৰ্দেশনা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজিত শ্ৰমিকসকলে ৰাজ্যৰ ভিতৰতে উদ্যোগ, নিৰ্মাণ, কৃষি আৰু এমএনৰেগাৰ কামত জড়িত হ’ব পাৰিব৷ এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে৷

কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত ২১৪৪খন উৎসৰ্গিত ক’ভিড-১৯ চিকিৎসালয় চিনাক্ত কৰা হৈছে৷

দেশত এই পৰ্যন্ত ক’ভিড-১৯ৰ ১৫,৭১২টা নিশ্চিত পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ২২৩১জন ৰোগী অৰ্থাৎ ১৪.১৯% আৰোগ্য হৈছে৷

বিগত ২৮ দিনৰ পৰা মাহে(পুডুচেৰী) আৰু কোডাগ্গু (কৰ্ণাটক)জিলাৰ পৰা কোনো নতুন পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷ ২৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ পৰা ৫৪খন জিলাই বিগত ১৪ দিনৰ পৰা কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷ পূৰ্বৰ তালিকাৰ ওপৰিও ১০খন নতুন জিলা এই তালিকাত সন্নিৱিষ্ট হৈছে৷ সেইসমূহ হ’লঃ গয়া আৰু চৰণ (বিহাৰ); বাৰেলি (উত্তৰ প্ৰদেশ); ফাটেহগড় চাহিব আৰু ৰূপনগৰ (পাঞ্জাৱ); ভিৱানি, হিছাৰ, ফাটেহাবাদ (হাৰিয়ানা); কাছাৰ আৰু লক্ষীমপুৰ (অসম)৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/SG/MANN



(Release ID: 1616189) Visitor Counter : 160