হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ৰ সজাগতা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে স্মাৰ্ট চিটীসমূহে

Posted On: 14 APR 2020 7:28PM by PIB Guwahati

ক’ভিড-১৯স্মাৰ্ট চিটীসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৱলী

বদোদৰা

বদোদৰা জিলা প্ৰশাসনে লকডাউনৰ নিৰ্দেশনা অমান্যকাৰীসকলৰ বিৰুদ্ধে নিৰীক্ষণ কৰাৰ বাবে দুটা কেমেৰা সংলগ্ন এক হিলিয়াম বেলুন কামত লগাইছে৷ জিলা প্ৰশাসনে বদোদৰা চহৰক ৰঙা, কমলা, হালধীয়া আৰু সেউজীয়া এই ৪টা মণ্ডলত ভাগ কৰিছে, যাতে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে উপযুক্ত কৌশল গ্ৰহণ কৰিব পৰা যায়।

বাংগালুৰু

বাংগালুৰুত এক আদর্শ ক’ভিড-১৯ যুদ্ধকক্ষ স্থাপন কৰা হৈছে। কৰ্ণাটকৰ ৰাজ্যিক চিকিসা শিক্ষামন্ত্ৰীয়ে ৭ এপ্ৰিলত এই ডেশ্ববোৰ্ডৰ শুভাৰম্ভ কৰে৷ এই যুদ্ধকক্ষত ক’ভিড-১৯সম্পৰ্কীয় ডাটা ডেশ্ববোর্ড আছে। এই ধৰণৰ ডেশ্ববোৰ্ডে কোৱাৰেণ্টাইনত থকা লোক, তেওঁলোকৰ মোবাইল নম্বৰ, কৰ্তব্যৰত চিকিসাকৰ্মী, চিকিসালয় ইত্যাদি এলেকা আৰু চিটীভিত্তিক ক’ভিড-১৯সম্পৰ্কীয় তথ্যৰ একক হিচাপে প্ৰয়োজনীয় তথ্য তাক্ষণিকভাৱে যোগান ধৰাত সহায় কৰিব৷

কল্যাণ ডেম্বিভেলী

কল্যাণ ডোম্বিভেলী পৌৰ নিগমে ফেচবুক একাউণ্টত ক’ৰোনা সম্পর্কে সজাগতা সৃষ্টি কৰিবলৈ তথা নাগৰিকৰ তথ্য প্ৰদানত সজাগতামূলক ছুটী ভিডিঅ’ প্ৰকাশ কৰিছে৷ প্ৰতিদিনে এই ধৰণৰ ভিডিঅ’ নিগমৰ ফেচবুকত পুৱা ৭ বজাৰ পৰা নিশা ৯বজালৈ প্ৰকাশ কৰা হৈছে৷ তদুপৰি, নগৰ প্ৰাধিকৰণে যোগ, সঙ্গীত, কবিতা, গজল, কথক আৰু ভাৰতনাট্যমৰ সৈতে জড়িত স্থানীয় শিল্পীক চিহ্নিত কৰি তেওঁলোকৰ অনুষ্ঠান ফেচবুক পেজত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিছে৷

 

আগ্রা

আগ্রা স্মার্ট চিটী লিমিটেডে স্থানীয় লোকসকলৰ বাবে টেলি-ভিডিঅ’যোগে পৰামর্শমুলক -ডক্টৰ সেৱা আৰম্ভ কৰিছে। আগ্রা স্মার্ট চিটী কর্তৃপক্ষই চৰকাৰি-বেৰৰকাৰী অংশীদাৰিত্বৰ ভিত্তিত এই প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ সাধাৰণ জনতাই সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ১০বজাৰ পৰা নিশা ১২বজালৈকে -ডক্টৰ ((https://tinyurl.com/edoctorapp ))সেৱা লাভ কৰিব৷ ইয়াৰ বাবে নাগৰিকসকলে সংশ্লিষ্ট ম’বাইল এপ ব্যৱহাৰ কৰি চিকিসকলৰ পৰৱৰ্তী সাক্ষাতৰ সময় বিচাৰিব লাগিব৷ তদুপৰি, ৰোগীসকলক ঘৰতে ঔষধো যোগান ধৰা হৈছে৷ স্মাৰ্ট হেল্থ চেণ্টাৰ স্থাপন কৰি ক’ৰোনাৰ ক্ষেত্ৰত কৰণীয়া আৰু অকৰণীয়বোৰৰ সজাগতা সৃষ্টি কৰা হৈছে৷ জিলী প্ৰশাসনে খাদ্য বেংক স্থাপন কৰি এনজিঅ’সমূহৰ পৰা খাদ্য সংগ্ৰহ কৰি অভাৱগ্ৰস্ত, শ্ৰমিকসকলক বিতৰণ কৰিছে৷

কাকিনাড়া

কাকিনাড়া স্মার্ট চিটী কৰ্তপক্ষইও ক’ভিড-১৯ সংক্রান্তীয় ডাটা ডেশ্ববোৰ্ড প্ৰস্তুত কৰিছে। এই ডেশ্ববোর্ডত জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন তথ্য পোৱা যায়৷

চণ্ডীগড়

চণ্ডীগড় স্মার্ট চিটী কর্তৃপক্ষই ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে এক সুসংবদ্ধ কর্মসূচী গ্ৰহণ কৰিছে৷ এই কর্মসূচীৰ অধীনত মানুহৰ থার্মেল স্ক্রিনিঙৰ লগতে শৰীৰৰ উত্তাপ, পথচাৰীৰ হাত ধোৱা, জীবাণুনাশক স্প্রে কৰাৰ দৰে প্ৰচেষ্টা হাতত লোৱা হৈছে৷ চণ্ডীগড় চহৰত চেক্টৰ-২৫ৰ প্ৰধান বজাৰত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷

 

********

RJ/RP/DB



(Release ID: 1616117) Visitor Counter : 100