বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ সৃষ্ট পৰিস্থিতিত ‘জিএছটি’ৰ কৰদাতাক সহায় কৰিবলৈ আমি দায়বদ্ধ : চিবিআইচি

Posted On: 17 APR 2020 9:12PM by PIB Guwahati

ভিড-১৯য়ে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিত জিএছটি-ৰ কৰদাতাসকলক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত সম্পূৰ্ণভাবে দায়বদ্ধতা স্বীকাৰ কৰিছে চেণ্ট্ৰেল বৰ্ড অব ইনডাইৰেক্ট টেক্সেছ এণ্ড কাষ্টমছ(চিবিআইচি)য়ে।

যোৱা ৩০মাৰ্চ, ২০২০ৰ পৰা এই পৰ্যন্ত চিবিআইচি-য়ে ৫,৫৭৫ কোটি টকা পৰিমাণৰ পুঁজি ঘূৰাই বিচাৰি কৰা ১২,৯২৩খন আবেদনৰ যাৱতীয় প্ৰক্ৰিয়া আগবঢ়োৱাইছে। আনকি, শেহতীয়া সপ্তাহটোতো সংস্থাটোৱে ৩৮৫৪কোটি টকা পৰিমাণৰ দাবী মঞ্জুৰী বিচাৰি কৰা ৭,৮৭৩খন আবেদনৰ কাম-কাজ সম্পন্ন কৰিছে।

প্ৰসংগক্ৰমে, সংস্থাটোৱে যোৱা ৩১ মাৰ্চ, ২০২০ত প্ৰকাশ কৰা জাননী নং ১৩৩ত ব্যৱসায়-বাণিজ্যক্ষেত্ৰৰে জড়িতসকলক সহযোগিতা আগবঢ়াব পৰা কেতবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে, এই পদক্ষেপসমূহে জিএছটিৰ ৰিটাৰ্ণ দাখিল কৰাসকলৰ ক্ষেত্ৰত আইটিচি-ৰ আগতীয়া ৰিফাণ্ড নিশ্চিত কৰাৰ লগতে আইটিচি-ৰিফাণ্ডৰ বাবে তথ্যবিহীন ভাবে ভুলতে জনোৱা দাবী মঞ্জুৰীৰ আবেদনসমূহৰ অগ্ৰগতিকো ৰোধ কৰাত সহায়ক হব। প্ৰসংগক্ৰমে, সংস্থাটোৱে একাংশ সংবাদমাধ্যমত এই সংক্ৰান্তত প্ৰকাশিত বাতৰিৰ সত্যতাকো অস্বীকাৰ কৰা হৈছে।

উল্লেখ্য যে, চিবিআইচি-য়ে যোৱা ৩১ মাৰ্চ, ২০২০ত প্ৰকাশ কৰা জাননী নং ১৩৩ৰ পদক্ষেপসমূহ ১৪মাৰ্চ, ২০২০ত অনুষ্ঠিত জিএছটি পৰিষদৰ সিদ্ধান্তৰ আধাৰত গ্ৰহণ কৰা হৈছে।

 

****

RM/KMN/KB



(Release ID: 1615755) Visitor Counter : 193