প্ৰতিৰক্ষা মন্ত্ৰালয়

কৰ্মস্থলীলৈ সেনাক কঢ়িয়াই নিয়াৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ ৰে’লৰ

प्रविष्टि तिथि: 17 APR 2020 6:35PM by PIB Guwahati

বেংগালোৰ, বেলাগাম আৰু ছেকেন্দ্ৰাবাদত সৈনিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা পেছাদাৰী প্ৰশিক্ষণ সমাপ্ত কৰা ৯৫০জন সেনাক উত্তৰ ভাৰতৰ বিভিন্ন স্থানত নিয়োজিত কৰিবলৈ এখন বিশেষ ৰে’লেৰে তেওঁলোকক লৈ যোৱা হৈছে৷ প্ৰতিজন সেনাকেই বাধ্যতামূলক কোৱাৰেণ্টাইন সময় অতিবাহিত কৰিবলৈ দিয়া হৈছে আৰু তেওঁলোক শাৰীৰিকভাৱে সুস্থ হৈ আছে৷ ৰে’লখনে ২০ এপ্ৰিল তাৰিখে নিৰ্ধাৰিত লক্ষ্যস্থানত উপনীত হ’ব৷

ক’ভিড-১৯ ব্যৱস্থাপনাৰ অংশ হিচাপে প্লেটফ’ৰ্ম, বুগী আৰু টালি-টোপোলাসমূহ ছেনিটাইজ কৰা হয় আৰু সামাজিক ব্যৱধানো প্ৰতিপালন কৰা হয়৷

উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন স্থানত সেনাক নিয়োজিত কৰিবলৈ দ্বিতীয়খন ৰে’লৰ সময়সূচী পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ’ব৷ 

***

Col Aman Anand

PRO (Army)/MANN


(रिलीज़ आईडी: 1615636) आगंतुक पटल : 178
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Gujarati , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Tamil , Telugu , Kannada