স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 17 APR 2020 5:59PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

আজি নিৰ্মাণ ভৱনত ক’ভিড-১৯ সন্দৰ্ভত মন্ত্ৰীগোটসকলৰ মাজত ডাঃ হৰ্ষৱৰ্ধনৰ নেতৃত্বত এক বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত সম্প্ৰসাৰিত লকডাউন আৰু পৰৱৰ্তী পৰ্যায়ৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়৷

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, জৈৱ প্ৰযুক্তি বিভাগ, বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, আইচিএমআৰ, ডিইএ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে নিম্নোক্ত বিষয়সমূহৰ ওপৰত কাম কৰি আছেঃ

  • ৩০ মিনিটৰ ভিতৰতে ফলাফল প্ৰদান কৰিব পৰা নতুন চিকিৎসা পদ্ধতি
  • ৩০টা গৱেষণাগাৰৰ জৰিয়তে পৰীক্ষণ সামৰ্থ বৃদ্ধি কৰা হৈছে
  • অধিক সংখ্যক লোকক পৰীক্ষা কৰিব পৰা উদ্ভাৱন
  • গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহৰ স্থানীয় সংশ্লেষণ যিয়ে ঘৰুৱা পৰীক্ষণ কিট উৎপাদন হ্ৰাস কৰি আছে, আৰু
  • ভাইৰেল অনুক্ৰমণ বৃদ্ধি যাৰ জৰিয়তে মহামাৰী বিজ্ঞানত সহায়ক হোৱাৰ লগতে সাম্ভাৱ্য গুৰুত্বপূৰ্ণ মিউটেচনৰ বিষয়ে জানিব পাৰি৷

নিষ্ক্ৰিয় ভাইৰাছৰ ব্যাপ্তিৰ ভেকচিন, প্ৰধান এণ্টিজনসমূহৰ এণ্টিব’ডী, আৰএনএভিত্তিক ভেকচিন আদিৰ বিকাশৰ কাম চলি আছে৷

চৰকাৰে বিশ্বৰ আন দেশসমূহৰ সৈতে নিশ্চিত কাৰ্যকৰী ভেকচিন বিকাশৰ বাবে কাম কৰি আছে৷ ডিএছটিৰ অধীনত এছচিটিআইএমএছটিয়ে স্থানীয়ভাৱে ব্যক্তিগত সুৰক্ষাত্মক সঁজুলি, ভেণ্টিলেটৰ আদি প্ৰস্তুতিৰ কাম কৰি আছে৷

মুঠ ১৯১৯খন ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয় কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত চিনাক্ত কৰা হৈছে৷

  • ৬৭২খন ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয় (ডিচিএইচ) (১০৭৮৩০ আচুতীয়া বিচনা আৰু ১৪৭৪২ আইচিইউ বিচনাৰ সৈতে)
  • ১২৪৭খন ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয় (ডিচিএইচচি) (৬৫৯১৬ আচুতীয়া বিচনা আৰু ৭০৬৪ আইচিইউ বিচনাৰ সৈতে)

লকডাউনৰ পূৰ্বে ভাৰতৰ ডাবলিং হাৰ আছিল ৩ দিন৷ বিগত ৭ দিনৰ পৰা ডাবলিং হাৰ হৈছে ৬.২ দিন৷ ১৯খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ (কেৰালা, উত্তৰাখণ্ড, হাৰিয়াণা, লাডাখ, হিমাচল, চণ্ডীগড়, পুডুচেৰী, বিহাৰ, উৰিষ্যা, তেলেংগানা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটক, জম্মু-কাশ্মীৰ, পাঞ্জাৱ, অসম, ত্ৰিপুৰা)ত বৰ্তমানে উচ্চ ডাবলিং হাৰ দেখুৱাই আছে যি ৰাষ্ট্ৰীয় গড়ৰ তুলনাত বহু উন্নত৷ অৰ্থাৎ এই স্থানসমূহত কিছু পৰ্যায়ত নিয়ন্ত্ৰণলৈ আহিছে৷

১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা গড় বৃদ্ধি কাৰক হ’ল ১.২ যি দুসপ্তাহ আগেয়ে (১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ) ২.১ আছিল৷

কালিৰে পৰা ১০০৭টা নতুন পৰিঘটনা আৰু ২৩টা নতুন মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ দেশত মুঠ নিশ্চিত পৰিঘটনা হ’ল ১৩,৩৮৭টা৷ ১৭৪৯জন ব্যক্তিক আৰোগ্য হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1615451) Visitor Counter : 220