মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

বিদ্যালয়সমূহৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰদ্বাৰা এন চি ই আৰ টিৰ বিকল্প বিদ্যায়তনিক কেলেণ্ডাৰ মুকলি

Posted On: 16 APR 2020 4:31PM by PIB Guwahati

ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ছোৱা যাতে ছাত্ৰ-ছাত্ৰীসকলে ফলপ্ৰসূ কামত, শিক্ষাৰ লগত জড়িত হৈ থাকি কটাব পাৰে আৰু ঘৰতে পঢ়া-শুনা কৰি থাকিব পাৰে, তাৰ বাবে শিক্ষক আৰু অভিভাৱকক সকাহ দি মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শ অনুযায়ী এন চি ই আৰ টিয়ে প্ৰস্তুত কৰি উলিওৱা বিকল্প বিদ্যায়তনিক কেলেণ্ডাৰ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশংকে আজি নতুন দিল্লীত মুকলি কৰে।   

অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, এই কেলেণ্ডাৰে শিক্ষকসকলক বিভিন্ন প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কিদৰে শ্ৰেণীসমূহ উপভোগ্য কৰি ঘৰত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব সেই সম্পৰ্কে নিৰ্দেশনা দিব। মোবাইল ফোন, ৰেডিঅ, টেলিভিশ্যন, এচ এম এচ আৰু বিভিন্ন সামাজিক মাধ্যম যেনে- ৱ্টছআপ, ফেচবুক, টুইটাৰ, গুগল আদিৰ যোগেৰে শিক্ষাদানৰ লগতে সকলো অভিভাৱক এই প্ৰযুক্তিসমূহৰ সৈতে সমানে সহজ নোহোৱাৰ কথাটোক গুৰুত্বসহকাৰে লৈ তেওঁলোকক এইসমূহৰ বিষয়ে প্ৰাথমিক ধাৰণা দিয়াৰ অথবা, ফোন কৰি বা এচ এম এচ যোগেদি তেওঁলোকৰ লগত সহযোগ কৰাৰ নিৰ্দেশনাও ইয়াত আছে। প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে সহায় কৰিব বুলি আশা কৰা হৈছে। 

মন্ত্ৰীগৰাকীয়ে কয় যে, এই কেলেণ্ডাৰে প্ৰথমৰ পৰা দ্বাদশলৈকে সকলো শ্ৰেণীৰ সকলো বিষয় সামৰি লব আৰু দিব্যাঙ্গ শিশুসকলৰ প্ৰয়োজন অনুসৰি অডিঅকিতাপ, ৰেডিঅ অনুষ্ঠান, ভিডিঅ অনুষ্ঠানৰ লিংকো উপলব্ধ কৰা হব।

শ্ৰী পোখৰিয়ালে কয় যে এই কেলেণ্ডাৰত পাঠ্যক্ৰমৰ বিষয় বা পাঠৰ লগত সঙ্গতি থকাকৈ উপভোগ্য আৰু প্ৰত্যাহ্বানমূলক কামৰ সপ্তাহভিত্তিক আঁচনি তৈয়াৰ কৰা হৈছে। ইয়াৰ লগতে শ্ৰেণীকোঠাৰপৰা হোৱা লাভালাভৰ পৰীক্ষণৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যক্ৰম বহিৰ্ভূত শিক্ষাও লাভ কৰিব পাৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে, এই কেলেণ্ডাৰে শিল্পকলা, শৰীৰ চৰ্চা, যোগভ্যাস, কাৰিকৰী শিক্ষা আদি পৰীক্ষামূলক শিক্ষাও সামৰি লৈছে। শ্ৰেণীভিত্তিক, বিষয়ভিত্তিক কামৰ তালিকা কৰি এই কেলেণ্ডাৰত অন্তৰ্ভূক্ত কৰা হৈছে। শিক্ষক আৰু অভিভাৱকৰ চিন্তা, দুৰ্ভাৱনা কম কৰাৰ কৌশলো ইয়াত উল্লেখ আছে। পাঠভিত্তিক ই-কন্টেন্ট ই-পাঠশালা, ন্ৰোৱাৰ আৰু দীক্ষা পৰ্টেলত এই কেলেণ্ডাৰ অন্তৰ্ভূক্ত কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে, এই কেলেণ্ডাৰত দিয়া কামসমূহ পৰামৰ্শমূলকহে, ই বাধ্যতামূলক নিৰ্দেশনা নহয়। শিক্ষক আৰু অভিভাৱকে সুবিধা আৰু আগ্ৰহ অনুযায়ী ইয়াৰ ধাৰাবাহিকতা বা আন যিকোনো সাল-সলনি কৰি লব পাৰিব।

এই কেলেণ্ডাৰ ডি টি এইচ চেনেলযোগে আৰু এচ চি ই আৰ টি, শিক্ষা বিভাগ, কেন্দ্ৰীয় বিদ্যালয় সংগঠন, নবোদয় বিদ্যালয় সমিতি, চি বি এচ চি, ৰাজ্যিক শিক্ষা বোৰ্ড আদিসমূহৰ লগত ভিডিঅ কনফাৰেন্সযোগে প্ৰচাৰ কৰা হৈছে।.

এই কেলেণ্ডাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু বিদ্যালয়ৰ অধ্যক্ষসমূহৰ সবলীকৰণত সহায় কৰাৰ লগতে অভিভাৱকসকলক ভিড-১৯ ৰে যুঁজ দিয়াৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।  

*****

NB/AKJ/AK/PRK


(Release ID: 1615285)