গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বাবে প্ৰযোজ্য লকডাউনৰ নিষেধাজ্ঞাৰ পৰা ক্ষুদ্ৰ বনজ উৎপাদন, শস্য ৰোপণ, এনবিএফচি, সমবায় ঋণ ছ’চাইটি আৰু গ্ৰামীণ এলেকাত নিৰ্মাণ কৰ্মক ৰেহাই দিবলৈ আদেশ পত্ৰ জাৰি কৰিলে গৃহ মন্ত্ৰালয়ে

Posted On: 17 APR 2020 10:42AM by PIB Guwahati

গৃহ মন্ত্ৰালয়ে ক’ভিড-১৯ৰ বাবে প্ৰযোজ্য ৰাষ্ট্ৰজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত সন্মিলিত সংশোধিত নিৰ্দেশনাৱলীৰ (https://www.mha.gov.in/sites/default/files/MHA%20order%20dt%2015.04.2020%2C%20with%20Revised%20Consolidated%20Guidelines_compressed%20%283%29.pdf) অধীনত কিছুমান বিশেষ ক্ষেত্ৰক ৰেহাই দিয়াৰ বাবে এক আদেশ পত্ৰ জাৰি কৰিছে৷

লকডাউনৰ নিষেধাজ্ঞাৰ পৰা নিম্নোক্ত ক্ষেত্ৰসমূহক ৰেহাই দিয়া হৈছেঃ

  • ক্ষুদ্ৰ বনজ উৎপাদনৰ সংগ্ৰহ, ফচল চপোৱা আৰু সংসাধন/অনুসূচিত জাতি আৰু অন্যান্য বনবাসীসকলৰ দ্বাৰা বনাঞ্চলত নন-টিম্বাৰ বনজ উৎপাদন৷
  • বাঁহ, নাৰিকল, চুপাৰী, কোকোৱা, মচলাজাতীয় উদ্ভিদৰ ৰোপণ আৰু সেইসমূহৰ চপোৱা কাৰ্য, সংসাধন, পেকেজিং, বিক্ৰী আৰু বিপণন৷
  • নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহ য’ত ন্যূনতম কৰ্মচাৰীৰ সৈতে গৃহ নিৰ্মাণ বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত আছে৷
  • সমবায় ঋণ ছ’চাইটি৷
  • গ্ৰামাঞ্চলত পানী যোগান আৰু অনাময়কে ধৰি নিৰ্মাণ কাৰ্য, বিদ্যুৎ যোগানৰ ব্যৱস্থা আৰু টেলিকম অপ্টিকেল ফাইবাৰ তথা কেব’ল স্থাপনৰ কাৰ্য৷

আদেশ পত্ৰখন চাবলৈ ইয়াত ক্লিক কৰক

*****

VG/SNC/VM/MANN



(Release ID: 1615282) Visitor Counter : 161