পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত পিএমউফৱাই হিতাধিকাৰীলৈ এই পৰ্যন্ত ১.৫১ কোটিতকৈও অধিক বিনামূলীয়া এলপিজি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে

এলপিজি ডেলিভাৰী কৰ্মীৰ কৰ্মনিষ্ঠা আৰু পৰিশ্ৰমক শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰশংসা, তেওঁলোকৰ সন্মুখৰ শাৰীৰ সৈন্য বুলি অভিহিত

কিছুসংখ্যক এলপিজি ডেলিভাৰী কৰ্মীয়ে পিএম কেয়াৰ্ছ পুঁজিলৈও বৰঙণি আগবঢ়োৱা বুলি জনাইছে

Posted On: 16 APR 2020 7:29PM by PIB Guwahati

এই মাহত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত পিএমইউৱাই হিতাধিকাৰীলৈ ১.৫১ কোটিতকৈও অধিক বিনামূলীয়া এলপিজি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে৷ পিএমজিকেৱাই আঁচনিৰ অধীনত পিএমইউৱাই হিতাধিকাৰীলৈ এপ্ৰিলৰ পৰা জুন ২০২০লৈ ৩টা চিলিণ্ডাৰ বিনামূলীয়াকৈ যোগানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তৈল বিপণন উদ্যোগসমূহে প্ৰতিদিনে ৫০ৰ পৰা ৬০ লাখ চিলিণ্ডাৰ বিতৰণ কৰি আছে য’ত পিএমইউৱাই হিতাধিকাৰীৰ বাবে প্ৰায় ১৮ লাখ বিনামূলীয়া চিলিণ্ডাৰো অন্তৰ্ভুক্ত আছে৷

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ৮০০ৰো ততোধিক চিলিণ্ডাৰ ডেলিভাৰী কৰ্মীৰ সৈতে এক ৱেবিনাৰত অংশগ্ৰহণ কৰে৷ এই ৱেবিনাৰত মন্ত্ৰালয়টোৰ সচিব, বিষয়াবৰ্গইও অংশগ্ৰহণ কৰে৷ এলপিজি ডেলিভাৰী কৰ্মীসকলক সন্মুখৰ শাৰীৰ সৈন্য বুলি অভিহিত কৰি শ্ৰী প্ৰধানে কয় যে এই সংকটৰ সময়ত কৰ্মীসকলৰ এই অৱদানৰ কথা দেশবাসীয়ে স্বীকাৰ কৰিছে৷ কৰ্মীসকলৰ কৰ্মনিষ্ঠা, পৰিশ্ৰম আৰু কৰ্তব্যৰ প্ৰতি উৎসৰ্গিত মনোভাৱক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি প্ৰতিদিনে ৬০ লাখ পৰ্যন্ত চিলিণ্ডাৰ বিতৰণ কৰি আছে৷ শ্ৰী প্ৰধানে তেওঁলোকক কৰ্তব্য পালনৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে সংকটৰ সময়ছোৱাত এই কৰ্মীসকলে সমাজৰ পৰা সন্মান আৰু দৰিদ্ৰৰ পৰা আশীৰ্বাদ লাভ কৰিছে৷

বৈঠকখনত বহুসংখ্যক এলপিজি ডেলিভাৰী কৰ্মীয়ে কৰ্তব্যৰ সময়ৰ অভিজ্ঞতা বৰ্ণনা কৰে৷ তেওঁলোকে কয় যে উদ্যোগসমূহে তেওঁলোকক প্ৰয়োজনীয় সুৰক্ষাত্মক কিট প্ৰদান কৰিছে৷ তৈল বিপণন উদ্যোগসমূহে তেওঁলোকৰ বাবে বীমাৰ ব্যৱস্থা কৰাৰ বাবে কৰ্মীসকলে ধন্যবাদ প্ৰদান কৰে৷ কিছু সংখ্যক ডেলিভাৰী কৰ্মীয়ে পিএম কেয়াৰ্ছ পুঁজিলৈ বৰঙণি আগবঢ়োৱা বুলিও জানিবলৈ দিয়ে৷

 

 

 

*****

YB/MANN



(Release ID: 1615280) Visitor Counter : 200